ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Oct 10, 2021, 1:00 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 1 pm
1 বজাৰ শীৰ্ষ দহটা বাতৰি

আটক হ’ল মুখ্যমন্ত্ৰীক হত্যা কৰিবলৈ হেঁচা প্ৰয়োগ কৰা শৰৎ দাস

আৰক্ষীৰ জিম্মাত শৰৎ দাস ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিবলৈ এজন যুৱকক হেঁচা প্ৰয়োগ কৰা এক ভিডিঅ’ ভাইৰেল হৈছিল সামাজিক মাধ্যমত৷ তাৰ পাচতেই আৰক্ষীয়ে আটক কৰে অভিযুক্ত শৰৎ দাসক ৷

লখিমপুৰ খেৰী হিংসাৰ মূল অভিযুক্ত আশীষ মিশ্ৰক গ্ৰেপ্তাৰ

লখিমপুৰ খেৰী হিংসাৰ মূল অভিযুক্ত আশীষ মিশ্ৰক কাৰাগাৰলৈ প্ৰেৰণ ৷ প্ৰায় 10 ঘন্টাৰো অধিক সময় জেৰাৰ পিছত তিনিদিনৰ ন্যায়িক জিম্মাত আশীষ মিশ্ৰক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷

ক্ষমতাৰ লালসাত বিজেপিত যোগদান কৰিছে সুশান্তই : অপূৰ্ব ভট্টাচাৰ্য

৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷ উপ নিৰ্বাচনক লৈ গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ ৷ থাওৰা সমষ্টি দখলৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল ৷

উপ নিৰ্বাচনৰ আটাইকেইখন আসনত জয়লাভ কৰিব বিজেপি দলে: তৰংগ গগৈ

চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকুৱা গ্ৰাম্য মণ্ডলৰ আতিথ্যত চলাপথাৰ শ্যাম গাঁৱত শনিবাৰে অনুষ্ঠিত হয় ।

যোৰহাটত দুৰ্গা প্ৰতিমাৰ অন্তিম পৰশত ব্যস্ত মৃৎ শিল্পী

আজি পঞ্চমী । কাইলৈ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাৰ প্ৰতিমা । যোৰহাট জিলাৰ পূৱ প্ৰান্তৰ আশালতা শিল্প মন্দিৰতো চলিছে দুৰ্গা পূজা(Durga Puja)ৰ ব্যাপক প্ৰস্তুতি ।

চৰকাৰে 1,000 পৰিয়ালক 77,000 একৰ ভূমি দখলৰ অনুমতি নিদিয়ে : হিমন্ত বিশ্ব শৰ্মা

অসমৰ ভূমি নীতিয়ে কোনো পৰিস্থিতিতে 1,000 পৰিয়ালক 77,000 একৰ ভূমি দখল কৰাৰ অনুমতি দিয়া নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

ভাৰত-চীনৰ মাজত ত্ৰয়োদশ পৰ্যায়ৰ বৈঠক আৰম্ভ

ভাৰত আৰু চীনৰ সীমান্ত অঞ্চলত উত্তেজনা বিৰাজ কৰি থকাৰ মাজতে ত্ৰয়োদশ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত ৷ চীনৰ প্ৰান্তত থকা মলদৌ গেৰিসনত এই বৈঠক অনুষ্ঠিত হয় ।

নিদ্ৰাৰত অৱস্থাতে মৃত্যুক সাৱটিলে একেটা পৰিয়ালৰ পাঁচ সদস্যই

ঘৰৰ দেৱাল খহি পৰাত গভীৰ নিদ্ৰাত থকা অৱস্থাতে একেটা পৰিয়ালৰে পাঁচজনকৈ সদস্যৰ মৃত্যু ৷ তেলেংগানাৰ Jogulamba Gadwal জিলাৰ Kothapally নামৰ এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

Super Dancer Chapter 4 : অসমৰ ফ্ল’ৰিনা গগৈৰ শিৰত বিজয়ীৰ মুকুট

Super Dancer Chapter 4 ত জিলিকিল যোৰহাটৰ জীয়ৰী ফ্ল’ৰিনা গগৈ ৷ শনিবাৰে কিডছ ডান্স ৰিয়েলিটি শ্ব' Super Dancer Chapter 4 ৰ গ্ৰেণ্ড ফাইনেলত বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় অসম সন্তানগৰাকীয়ে ৷

Birthday Special : উমৰাও জানৰ পৰা চান্দনীলৈকে অভিনেত্ৰী ৰেখা

আজি 67 বছৰত ভৰি দিলে বলীউডৰ Evergreen অভিনেত্ৰী ৰেখাই(Rekha) ৷ গ্লেমাৰ জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী ৰেখা ৷ অভিনয়ৰ লগতে তেওঁৰ ব’ল্ড ৰূপটো আজিও সকলোৰে মাজত প্ৰিয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.