ETV Bharat / bharat

ধনু ৰাশিক প্ৰয়োজন আত্মবিশ্লেষণৰ... মিথুন ৰাশিৰ লোকৰ ঘৰত ধনৰ বৰ্ষা... চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 24th May

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 12:59 AM IST

Daily Horoscope For 24th May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

daily horoscope for 24th may 2024
ৰাশিফল (etv bharat assam)

মেষৰাশি : আজিৰ দিনটোত আপুনি কিবা নতুন বস্তুৰ সন্মুখিন হব ৷ দিনটো আশ্চৰ্যৰে ভৰপূৰ হৈ থাকিব ৷ আপোনাৰ মনত ভাব হব যেন আপুনি আধ্যাত্মিকভাবে অলপ বেলেগ কিন্ত সেইটোৱে এইটো নুবুজায় যে আপুনি বাকী সকলোৰে উৰ্দ্ধত ৷ ভ্ৰমনৰ বাবে ভাল সময় নহয় ৷

বৃষৰাশি : গণেশৰ কৃপাত আপোনাৰ পাৰিবাৰিক জীৱন সুন্দৰ ৷ পৰিয়াল আৰু আপোনাৰ প্ৰিয়জনৰ লগত সুখ অনুভৱ কৰিব ৷ সৰু ভ্ৰমণৰ যোগ আছে৷ বিদেশত থকা প্ৰিয়জনৰ খবৰে আপোনাক আনন্দিত কৰি তুলিব ৷ লক্ষ্মী দেৱীৰ কৃপা থাকিব আপোনাৰ ওপৰত ৷

মিথুনৰাশি : আজি আপোনাৰ ভাগ্য ভাল ৷ ঘৰত শান্তি বিৰাজ কৰিব ৷ ধনৰ আগমন হ’ব কিন্তু খৰচৰ মাত্ৰাও বহুত বাঢ়িব ৷ শৰীৰ ভালে থাকিব ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ কথা কওতে অলপ সাৱধান হওক ৷

ককৰ্ট ৰাশি : আজি সকলো সহজভাৱে লবলৈ চাওক ৷ শাৰিৰিকভাৱে অসুস্থ অনুভৱ কৰিব পাৰে৷ হজমী শক্তি হ্ৰাস হ’ব ৷ মানসিকভাৱেও কিছু অশান্তি পাব পাৰে ৷ বেচি চিন্তা কৰাৰ প্ৰয়োজন নাই ৷ খৰচ বঢ়াৰ সম্ভাৱনা আছে ৷ আপুনি তৰ্কত লিপ্ত হ’লে আপোনাৰে অশান্তি হ’ব ৷ ভ্ৰমনৰ চিন্তা মনৰ পৰা আঁতৰাই ৰখাই ভাল ৷

সিংহ ৰাশি : আজি আপুনি শাৰিৰীক আৰু মানসিকভাৱে অলপ অসুস্থতা অনুভৱ কৰিব ৷ আপোনাৰ প্ৰিয়জনৰ লগত মতবিৰোধ হ’ব পাৰে ৷ যি আপোনাক মানসিক অশান্তি দিব ৷ মাতৃৰ লগত আপোনাৰ মনোমালিন্য হ’ব পাৰে, কিন্ত সম্পৰ্ক উন্নত কৰিবলৈ আপুনি যৎপৰোনাস্তি চেষ্টা কৰা উচিত ৷ চৰকাৰী কাৰ্যালয়ৰৰ লগত কামত অধিক সাৱধান হ’ব ৷ কাগজত চহী কৰা আগতে পঢ়ি চোৱাতো অতি দৰকাৰ ৷

কন্যা ৰাশি : কামৰ মূল্য নিৰ্ধাৰণৰ আগতে কাম হাতত নলব ৷ পাচত অনুশোচনা হ’ব পাৰে ৷ ভাতৃ-ভগ্নীৰ লগত সময় কটাবলৈ বেছি ভাবি নাথাকিব ৷ পৰিয়ালৰ সদস্য আৰু বন্ধুক লগ কৰিব পাৰে ৷ সকলো কামতে যদি আপুনি কষ্ট কৰে তেন্তে সফলতা পাবই ৷ সামাজিক আৰু আৰ্থিক দিশত সুফল লাভ ৷

তুলা ৰাশি : সিদ্ধান্ত গ্ৰহণত অলপ অসুবিধাৰ সৃষ্টি হ’ব ৷ মানসিক কাৰণত কিছুমান কামত পলম হ’ব ৷ নতুন কাম হাতত নোলোৱাই ভাল ৷ প্ৰিয়জনে কিবা দোষ কৰিলেও তেওঁৰ লগত তৰ্ক নকৰিব কাৰণ এনে কৰিলে আপুনি আৰু বেয়া পৰিস্থিতিত পৰিব পাৰে ৷ আন মানুহৰ ভাবধাৰাক বুজাৰ চেষ্টা কৰিহে আপুনি অলপ চিন্তামুক্ত হ’ব ৷

বৃশ্চিক ৰাশি : এটা শুভ দিন ৷ আত্মাই আপোনাৰ মনত অদ্ভুত ধৰণে ক্ৰিয়া কৰিব ৷ আপুনি প্ৰিয়জনৰ লগত সুন্দৰ মুহূৰ্ত উপভোগ কৰিব পাৰিব ৷ ভাল খবৰ অহাৰ সম্ভাৱনা যিটোৱে আপোনাক আনন্দিত কৰি তুলিব ৷ লগতে বহু উপহাৰে আপোনালৈ বাট চাই আছে যেন অনুমান হয় ৷

ধনু ৰাশি : আজি এনেকুৱা কিছুমান অসুবিধাই দেখা দিব যাৰ বাবে প্ৰাৰ্থনাই হৈছে একমাত্ৰ উপায় ৷ পৰিয়ালৰ সদস্যসকলৰ লগত তৰ্ক-বিতৰ্ক হ’ব পাৰে যিয়ে আপোনাৰ মন তিক্ত কৰি তুলিব ৷ অলপ সময় নিৰলে থাকি নিজৰ ভুলখিনি বিশ্লেষণ কৰক ৷ প্ৰিয়জনৰ ওপৰত বা আন কৰোবাৰ ওপৰত খঙ কৰাটোৱে একো সমাধান নিদিয়ে ৷ গাড়ী সাৱধানে চলাব আৰু ট্ৰেফিক আইন মানি চলিব ৷ ভ্ৰমণৰ কথা সদ্যহতে মনলৈ নানিব ৷

মকৰ ৰাশি : এটা সুন্দৰ আৰু সফল দিন ৷ বন্ধু আৰু প্ৰিয়জনক লগ পাব ৷ ব্যৱসায়ীসকলৰ বাবে সুন্দৰ দিন ৷ আপুনি যদি জীৱনসংগী বিচাৰি ফুৰিছে, তেন্তে এই কেইদিনতে লগ পোৱাৰ সম্ভাৱনা আছে ৷ সুন্দৰ ঠাইলৈ ফুৰিবলৈ যাব পাৰে আৰু সতেজ মন লৈ ঘুৰি আহিব পাৰে ৷

কুম্ভ ৰাশি : এটা সৌভাগ্যশালী দিন ৷ আপোনাৰ হাতত পৰা কাম সঠিক সময়ত শেষ হ’ব ৷ এই কথাই সমগ্ৰ দিনটো সজীৱ কৰি তুলিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ আপোনাৰ কামে শীৰ্ষ বিষয়াক সুখী কৰিব আৰু আপোনাৰ পদোন্নতি হ’ব পাৰে ৷ পৰিয়ালৰ অগ্ৰজসকলৰ আশীৰ্বাদ আৰু সকলোৰে সহযোগিতা লাভ কৰিব ৷

মীন ৰাশি : দিনটো মিশ্ৰিত অনুভৱৰে পাৰ হ’ব ৷ এফালে শান্তি আৰু আনফালে উদ্দিগ্নতা অনুভৱ কৰিব ৷ ধৈৰ্য্য আৰু বিশ্বাস ৰাখক, সকলো ভাল হ’ব ৷ পৰিৱেশৰ প্ৰভাৱত আপুনি অলপ ভাগৰুৱা অনুভব কৰিব ৷ কিছুমান কাৰণত আপুনি চিন্তাত পৰিব পাৰে ৷ কৰ্মস্থলীত শীৰ্ষ বিষয়াৰ পৰা অলপ দূৰত্ব ৰাখক কাৰণ কোনো অদৰকাৰী কথাত আপোনাক মনোকষ্ট দিব পাৰে ৷ শৰীৰৰ ওপৰত চকু ৰাখক ৷ স্বাস্থ্য বেয়া হ’ব পাৰে ৷ সন্তানৰ লগত মুকলিকৈ কথা পাতক আৰু তেওঁলোকৰ ওপৰত থকা বিশ্বাস অটুত ৰাখক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.