ভক্তৰ ভিৰ : আজাৰাৰ মনসা মন্দিৰৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে দিব 50 লাখ টকা - CM Himanta Biswa Sarma - CM HIMANTA BISWA SARMA
🎬 Watch Now: Feature Video


Published : July 26, 2024 at 7:17 PM IST
মিৰ্জা, 26 জুলাই : বিগত বৰ্ষবোৰৰ দৰেই এইবেলিও পৰম্পৰা ৰক্ষা কৰি মহানগৰীৰ আজাৰা কেওটপাৰাত বৃহস্পতিবাৰৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মনসা পূজা । শুকুৰবাৰে এই পূজাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মা মনসাৰ আশিস লয় ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মন্দিৰৰ উন্নয়নৰ বাবে 50 লাখ টকা, মাছমৰীয়া লোকসকলৰ বাবে ভূমিৰ পট্টা দিয়া, দীপৰ বিলক বন বিভাগৰ পৰা বাহিৰ কৰি আনি মাছ মৰাৰ ব্যৱস্থা কৰি দিয়া আদি আশ্বাস দিয়ে ৷
উল্লেখ্য যে, এই পূজাৰ এক বিশেষ আকৰ্ষণ হৈছে দেওধনী নাচ ৷ দীপৰ বিলৰ পাৰত বসবাস কৰা বৃহত্তৰ আজাৰা কেওটপাৰাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই পূজাৰ প্ৰতিটো দিনাই মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক : থলুৱাৰ নিযুক্তি সুনিশ্চিত কৰিবলৈ প্ৰস্তুত কৰা হ'ব ড'মিচাইল নীতি : মুখ্যমন্ত্ৰী - CM Himanta Biswa Sarma