ETV Bharat / state

ক্ষমতাৰ লালসাত বিজেপিত যোগদান কৰিছে সুশান্তই : অপূৰ্ব ভট্টাচাৰ্য

author img

By

Published : Oct 10, 2021, 12:28 PM IST

APCC Press meet at Thowra
ক্ষমতাৰ লালসাত বিজেপিত যোগদান কৰিছে সুশান্তই : অপূৰ্ব ভট্টাচাৰ্য

৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷ উপ নিৰ্বাচনক লৈ গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ ৷ থাওৰা সমষ্টি দখলৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল ৷ শনিবাৰে সংবাদমেলৰ জৰিয়তে কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰৰ হৈ সমষ্টিটোত প্ৰচাৰ চলায় প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

মৰাণ, 10 অক্টোবৰ : সুশান্ত বৰগোহাঁইয়ে ক্ষমতাৰ লালসাত বিজেপিত যোগদান কৰিছে । তেওঁ সমষ্টিবাসীক প্ৰতাৰণা কৰিলে ৷ সাধাৰণ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি নিজে ভংগ কৰিলে সুশান্তই । এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷ থাওৰা সমষ্টিৰ ডিমৌৰ কমামী বিবাহ ভৱনত শনিবাৰে এখন সংবাদমেলৰ আয়োজন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে এই অভিযোগ কৰে ৷

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে, গণতন্ত্ৰ ধ্বংস কৰি শাসকীয় দলে প্ৰচাৰকসকলক টিকট দি বিজেপিৰ ভ্ৰষ্টাচাৰী চৰিত্ৰকে প্ৰতিপন্ন কৰিলে । ধনী, পুঁজিপতিসকলৰ সৈতে বিজেপিয়ে সহৱস্থান কৰে । বিজেপি দল আৰু চৰকাৰ জনবিৰোধী চৰকাৰ । এনে চৰকাৰক ৰাইজে কেতিয়াও আদৰি নলয় ।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

২০১৬ চনত ক্ষমতালৈ আহিয়েই বিজেপি চৰকাৰে অসমৰ সম্পদ আদানী, আম্বানী আৰু পতঞ্জলিক বিক্ৰী কৰিলে । গতিকে এইবাৰ বিশ্বাসঘাটক আৰু প্ৰতাৰকৰ বিৰুদ্ধে যুঁজ হ'ব বুলি কয় অপূৰ্ব ভট্টাচাৰ্যই ।

লগতে পঢ়ক : উপ-নিৰ্বাচন:কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ

তেওঁ লগতে কয় যে, খিলঞ্জীয়াক ভূমি দিবলৈ ভূমি নাই কিন্তু আজাৰাৰ মাটি আদানীক দিবলৈ ওলালে । ৩০ অক্টোবৰত ৰাইজে প্ৰতাৰকক উচিত শিক্ষা দিব । আনহাতে, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈকো ক্ষুৰধাৰ সমালোচনা কৰে ভট্টাচাৰ্যই ৷ তেওঁ কয় যে, অসমৰ স্বয়ম্ভু মালিক হ'বলৈ ওলাইছে অখিল গগৈ । তেওঁ এতিয়া আবোল তাবোল বকিছে । অখিল গগৈৰ কাৰ্যকলাপে প্ৰমাণ কৰিছে যে বিজেপিক জয়ী কৰিবৰ বাবে ৰাইজৰ দলে কাম কৰিছে । এতিয়া আকৌ ভূতৰ ওপৰত ৰাম নাম ।

কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৰাইজৰ দলক নিজৰ স্থিতি স্পষ্ট কৰিবলৈও আহ্বান জনায় ৷ তেওঁ ৰাইজৰ দলক প্ৰাৰ্থী প্ৰত্যাহাৰ কৰাৰ দাবী জনায় ৷ সমষ্টিবাসীক ৰাইজৰ দলক সমৰ্থন নকৰিবলৈও আহ্বান জনায় ভট্টাচাৰ্যই । আনহাতে মুখ্যমন্ত্ৰী পঞ্চায়তলৈ আহিব মানে নাও ফুটিল বুলিও তেওঁ কটাক্ষ কৰে । ফুটা নাৱৰ ফাট মাৰিবলৈ থাওৰালৈ মুখ্যমন্ত্ৰী আহিব বুলিও অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰে ।

আনহাতে, থাওৰা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে সংবাদমেলত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক কটু সমালোচনা কৰে ৷ তেওঁ সুশান্ত বৰগোহাঁইক এসময়ত আদৰ্শ হিচাপে লোৱা বুলি মন্তব্য কৰি সেই সুশান্তই আদৰ্শক প্ৰাধান্য নিদি অসমৰ ৰাইজৰ আগত চিৰদিনৰ বাবে বিশ্বাসঘাটক আৰু প্ৰতাৰক হিচাপে চিহ্নিত হৈছে বুলি উল্লেখ কৰে ৷ তেওঁ ৰাইজৰ দলৰ নেতা অখিল গগৈকো মুখাধাৰীৰো আখ্যা দি কঠোৰ সমালোচনা কৰে ।

লগতে পঢ়ক : সুশান্ত আৰু কুশল থাওৰা সমষ্টিৰ উন্নয়নৰ গাড়ী : ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.