ETV Bharat / state

সুশান্ত আৰু কুশল থাওৰা সমষ্টিৰ উন্নয়নৰ গাড়ী : ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Oct 8, 2021, 7:29 PM IST

সুশান্ত আৰু কুশল থাওৰা সমষ্টিৰ উন্নয়নৰ গাড়ী: ড৹ হিমন্ত বিশ্ব শৰ্মা
সুশান্ত আৰু কুশল থাওৰা সমষ্টিৰ উন্নয়নৰ গাড়ী: ড৹ হিমন্ত বিশ্ব শৰ্মা

থাওৰা সমষ্টিত এখন বিয়া হ’ব ৷ পিছে বিয়াৰ কোন এই দৰা আৰু কইনা সেয়া জানিবলৈ জানিবলৈ আপুনি পঢ়িব লাগিব এই প্ৰতিবেদন ৷

শিৱসাগৰ, 8 অক্টোবৰ : কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হোৱা সুশান্ত বৰগোঁহাইৰ মনোনয়নত সমগ্ৰ শক্তি উজাৰি দিছে বিজেপি দলে । বিজেপি দলৰ লগতে মিত্ৰশক্তি অসম গণ পৰিষদ, গণশক্তিৰ দৰে আঞ্চলিক দলৰ নেতাকো এই মনোনয়ন পৰ্বত চামিল কৰা দেখা যায় ।

সুশান্ত আৰু কুশল থাওৰা সমষ্টিৰ উন্নয়নৰ গাড়ী: ড৹ হিমন্ত বিশ্ব শৰ্মা

স্বয়ং মুখ্যমন্ত্ৰীৰ লগতে তপন গগৈ, পীযুষ হাজৰিকা, যোগেন মহন, কেশৱ মহন্ত, ৰণোজ পেগু, প্ৰদান বৰুৱা আদি নেতাই এই হাইপ্ৰফাইল মনোনয়ন দাখিলৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে । ইপিনে ব’ৰ্ডিং খেলপথাৰত অনুস্থিত ৰাজহুৱা সভাখনত বক্তব্য ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই থাওৰা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ জয় নিশ্চিত বুলি দাবী কৰি দলীয় প্ৰাৰ্থী সুশান্তৰ লগতে সমানে গুৰুত্ব প্ৰদান কৰে দলৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীকো ।

সুশান্ত বৰগোঁহাইক থাওৰা সমষ্টিৰ দৰা আৰু কুশল দুৱৰীক কইনা আখ্যা দি দৰা-কইনা সাজু যেতিয়া থাওৰা সমষ্টিত বিয়াখন হৈ যাওক বুলি ৰসাল মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । কেৱল থাওৰা সমষ্টিৰ উন্নয়নৰ বাবে, সমষ্টিটোক উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ এক সপোন থকাৰ বাবে সুশান্ত বৰগোঁহাইক কুশল দুৱৰীৰ সমৰ্থন লৈ বিজেপি দললৈ আনে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়কঃ টিংখাঙত প্ৰথম এডুকেছন ফাউণ্ডেচনৰ উদ্যোগত বিনামূলীয়া পাঠদান

নিৰ্বাচনী প্ৰচাৰত সুশান্তৰ লগতে কুশল দুৱৰীক সমানেই গুৰুত্ব প্ৰদান কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই সুশান্ত আৰু কুশল থাওৰা সমষ্টিৰ উন্নয়নৰ গাড়ীখনৰ চালক বুলি অভিহিত কৰে । দুয়োজনে মিলি থাওৰাৰ গাড়ী চলাব আৰু ইন্ধনৰ যোগান ধৰিব চৰকাৰে । অহা পাঁচটা বছৰত থাওৰা সমষ্টিৰ এক ব্যাপক উন্নয়ন হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জনসভাত কৰিলে দাবী ।

ইফালে গোঁসাই গাঁও আৰু ভৱানীপুৰত নিৰ্বাচন আকৰ্ষণীয় হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, বাকী সমষ্টিত বিজেপি দলে অনায়াসে জয়লাভ কৰিব । থাওৰা সমষ্টিৰ ক্ষেত্ৰত থাওৰা সমষ্টিৰ নিমখ খাই এতিয়া সুশান্তৰ নিমখ ঘূৰাই দিয়াৰ পাল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতে সুশান্ত বিজেপিলৈ অহা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সুশান্তৰ পক্ষত কৰিলে সমৰ্থন ।

উল্লেখযোগ্য যে, আগন্তুক উপ নিৰ্বাচনৰ বাবে ধৈৰ্য কোঁৱৰৰ মনোনয়ন দাখিলৰ দিনটোত বিজেপিয়ে ৰাইজৰ দলক কোনো কাৰণতে পৰাভূত কৰিব নোৱাৰে বুলি উল্লেখ কৰিছিল অখিল গগৈয়ে । ইফালে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সংঘাতৰ বাবে বিজেপিৰ জয়ৰ পথ মসৃণ হৈ পৰিছে । পিছে উপ-নিৰ্বাচনৰ হট বেড হৈ পৰা এই থাওৰা সমষ্টিত শেষ হাঁহি কোনে মাৰিব, সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়কঃ আদানীৰ হাতলৈ বৰঝাৰ বিমানবন্দৰ; এজেপিৰ মৌন প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.