ETV Bharat / health

এটা লঙে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য কিন্তু কেনেকৈ ? - Vastu Tips

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 11:43 AM IST

Updated : May 16, 2024, 12:21 PM IST

Vastu Tips: জ্যোতিষশাস্ত্ৰ অনুসৰি, ঘৰতে ব্যৱহাৰ হোৱা এনে বহু সামগ্ৰী আছে যাৰ দ্বাৰা বহু শুভশক্তি প্ৰবাহিত হয় ৷ এই সামগ্ৰীসমূহ সঠিক ৰূপত ব্যৱহাৰ কৰিলে অনেক শুভফল পোৱা যায় ৷ তেনে এবিধ সামগ্ৰী হৈছে লং যাৰ আছে অনেক উপকাৰিতা ৷ জ্যোতিষশাস্ত্ৰবিদ ৰাহুল দে এই লঙৰ কিছুমান বাস্তু লাভালাভৰ বিষয়ে এই প্ৰতিবেদনত বিৱৰি কয়-

Vastu Tips: cloves help maintain prosperity at home Here's how
এটা লঙে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য কিন্তু কেনেকৈ ? (FREEPIK)

পূজা আৰু আয়ুৰ্বেদত লঙৰ এক নহয় অনেক উপকাৰিতা আছে জ্যোতিষশাস্ত্ৰতো লঙক অধিক গুৰুত্ব দিয়া হয় ৷ বাস্তু শাস্ত্ৰৰ মতে, লঙক জীৱনত সুখ আৰু ধন-সম্পত্তিৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷ ৰন্ধা-বঢ়াত সোৱাদযুক্ত উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ লগতে লঙৰ এনে বহু গুণাগুণ আছে যি আমাৰ স্বাস্থ্যৰ উপৰিও বাস্তুৰ ক্ষেত্ৰতো ইয়াৰ অনেক ব্যৱহাৰ আছে বুলি জ্যোতিষী ৰাহুল দেয়ে কয় ৷

তেওঁ কয়, "যিকোনো শুভ কাম আৰম্ভণি কৰাৰ আগতে মুখত লং এটা লৈহে বাহিৰলৈ ওলাব লাগে ৷ আপুনি যি কামৰ বাবে গৈছে তাত সফলতা নিশ্চয় পাব ৷ কিবা বাধা থাকিলে সেই বাধা আঁতৰি যাব ৷ যিসকলে অহৰহ তেওঁলোকৰ কামত বাধাৰ সৃষ্টি কৰে তেওঁলোকক সহায় কৰিবলৈ ৷" অৰ্থাৎ শেষ মুহূৰ্তত ৰৈ যোৱা কামটো ই সুকলমে হোৱাত সহায় কৰে ৷

বুধবাৰে দুটা লং, দুটা ইলাচি লৈ একেৰাহে সাতটা বুধবাৰৰ বাবে গণেশক আগবঢ়াওক ইয়াৰ দ্বাৰা আপুনি যথেষ্ট সুফল পাব ৷

তেওঁ লগতে কয়, "এটা লঙে কেতিয়াও আপোনাৰ পাৰ্চ খালী নকৰে ৷ শুকুৰবাৰে এই প্ৰতিকাৰ অনুসৰণ কৰক ৷ দুটা কৰ্পূৰ আৰু দুটা ইলাচি আৰু লং একেলগে ৰঙা কাপোৰত বান্ধি পাৰ্চত ভৰাই থওক ৷ ইয়াৰ দ্বাৰা আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ’ব আৰু টকাৰ বেগটো কেতিয়াও খালী নহয় ৷

শুবলৈ যোৱাৰ আগতে এই কাম কৰিব পাৰে টকাৰ সমস্যা কেতিয়াও দেখা নিদিয়ে ৷ শুবলৈ যোৱাৰ আগতে গাৰুৰ তলত সাতটা লং ৰাখি ১০৮ বাৰ ওম নমঃ শিৱায় জপ কৰি টোপনি যাব ৷ টকাৰ অভাৱ নোহোৱাৰ লগতে জীৱনলৈ উন্নতি আহিব ৷

লগতে পঢ়ক: পঞ্চমুখী হনুমানক পূজা কৰিলে লাভ কৰিব এইসমূহ ফল - Astro Tips

Last Updated :May 16, 2024, 12:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.