মুক্তিৰ এসপ্তাহৰ পিচতো দৰ্শকৰ বাবে বিদুৰভাইৰ বিশেষ দৰ্শনী - assamese movie bidurbhai
Bidurbhai special screening : তিনিচুকীয়াত উপস্থিত অসমত তোলপাৰ লগোৱা চিনেমা বিদুৰভাইৰ টীম ৷ ৰংঘৰ চিনেমা হ’লত শনিবাৰ আৰু দেওবাৰে দুটা বিশেষ দৰ্শনী ৰখা হৈছে বিদুৰভাই ছবিখনৰ ।

By ETV Bharat Entertainment Team
Published : July 27, 2024 at 10:52 AM IST
|Updated : July 27, 2024 at 4:44 PM IST
তিনিচুকীয়া, 27 জুলাই : 19 জুলাইত মুক্তি লাভ কৰা অসমীয়া চিনেমা বিদুৰভাই জোৰদাৰ গতিত চলি আছে ৷ মুক্তিৰ তিনিদিন আগতেই প্ৰি-বুকিং মুকলি দিয়া ছবিখনৰ মুহূৰ্ততে সকলো দৰ্শনী হাউচফুল হৈ পৰিছিল ৷ এতিয়া মানুহে দৈনিক অনলাইনত টিকট চাই চাইয়ো মনে বিচৰাতকৈ পিচতহে টিকট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ সামাজিক মাধ্যমত সকলোৱে পৰিচালক সুব্ৰত কাকতিৰ নিৰ্দেশনাক প্ৰশংসা কৰাৰ লগতে টিকট বিচাৰি হাবাথুৰি খোৱাৰ কথা প্ৰকাশ কৰিছে ৷
শুকুৰবাৰে তিনিচুকীয়াত উপস্থিত হয় সৰ্বত্ৰে চৰ্চিত অসমীয়া চিনেমা বিদুৰভাইৰ টীম ৷ সুব্ৰত কাকতি, চুমকী কছাৰী, আচুৰ্য বৰপাত্ৰ, দীক্ষুকে আদি কৰি বিদুৰভাই টীমটোৰ সকলো সদস্যই বিবেক শৰ্মাৰ ৰংঘৰ চিনেমা হ’লত উপস্থিত হৈ দৰ্শকসকলক লগ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ পৰিচালক কাৰতিয়ে অসমৰ ৰাইজক ধন্যবাদ জনাই কেতিয়াও শেষ কৰিব নোৱাৰিম বুলি উল্লেখ কৰে ৷ দৰ্শকৰ সৈতে মত বিনিময় কৰাৰ পূৰ্বে হল কৰ্তৃপক্ষই টীমটোৰ সদস্যসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনাই এটা কেক কাটি বিদুৰভাই ছবিখনৰ সফলতা উদযাপন কৰে ৷
ৰংঘৰ কৰ্তৃপক্ষৰ সৈতে বিদুৰভাই টীমে এক আলোচনাত মিলিত হৈ এতিয়াও বহু দৰ্শকে চিনেমাখন উপভোগ কৰিবলৈ সুবিধা নোপোৱাৰ বাবে শনিবাৰ আৰু দেওবাৰে নিশা 9.15 বজাত দুটাকৈ বিশেষ দৰ্শনী মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বিদুৰভাই টীমৰ হৈ সুব্ৰত কাকতি আৰু চুমকী কছাৰীয়ে সমূহ অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে যিসকলে এতিয়াও বিদুৰভাই উপভোগ কৰা নাই সকলোকে উপভোগ কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : অসমৰ আকাশে-বতাহে এতিয়া মাথো বিদুৰভাই; চিনেমা হলত চকী খালী নাই - BIDURBHAI IN BIG SCREEN
অসমবাসীৰ ওচৰত চিৰকৃতজ্ঞ বিদুৰভাইৰ পৰিচালক - Assamese film Bidurbhai
বহিঃৰাজ্যৰ অসমীয়াই ক’ত কেনেকৈ চাবলৈ পাব বিদুৰভাই ? - Bidurbhai shows outside Assam

