ETV Bharat / state

আদানীৰ হাতলৈ বৰঝাৰ বিমানবন্দৰ; এজেপিৰ মৌন প্ৰতিবাদ

author img

By

Published : Oct 8, 2021, 5:00 PM IST

Updated : Oct 8, 2021, 5:09 PM IST

যোৱা নিশা বাৰ বজাৰ পিছতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গ’ল আদানী গ্ৰুপৰ হাতলৈ । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশী পথৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাবে বিবেচিত হৈ অহা এই বিমান বন্দৰটো এতিয়াৰে পৰা পৰিচালিত হ'ব এই ব্যক্তিগত খণ্ডৰ বহুজাতিক কোম্পানীৰ দ্বাৰা ।

আজি নিশা আদানীৰ হাতলৈ যাব বৰঝাৰ বিমানবন্দৰ
আজি নিশা আদানীৰ হাতলৈ যাব বৰঝাৰ বিমানবন্দৰ

গুৱাহাটী, ৮ ছেপ্টেম্বৰ : আজি আঠ ছেপ্টেম্বৰ । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশী পথৰ ইতিহাসত যোৱা নিশা হ’ল এক পৰিৱৰ্তন । বহু সমালোচনা বাদ প্ৰতিবাদৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ পৰা পঞ্চাশ বছৰৰ বাবে লীজত পোৱাৰ পিছত যোৱা নিশাৰে পৰা‌ বিমান বন্দৰটো আদানী গ্ৰুপৰ গ’ল ।

নৰেন্দ্ৰ মোদী চৰকাৰৰ অতি ঘনিষ্ঠ বুলি পৰিচিত আদানী গ্ৰুপৰ হাতলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হস্তান্তৰিত হোৱাৰ পিছত এই বিমানবন্দৰটো সৰ্বকালৰ বাবে ব্যক্তিগত কোম্পানীৰ হাতলৈ গ'ল বুলি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মনকৰিবলগীয়া যে, দেশত কেইবাটাও বাৱসায়িকভাৱে লোকচান ভৰি‌ থকা বিমান বন্দৰ আছে যদিও উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছিল এটা লাভজনক সংস্থা ।

কিন্তু অতি আশ্বৰ্যজনকভাৱে একপক্ষীয় সিদ্ধান্তৰে এই বিমানবন্দৰটো লীজত দিয়া হ'ল চৰকাৰৰ ঘনিষ্ঠ বাৱসায়ীক প্ৰতিষ্ঠানক ।‌ অভিযোগ অনুসৰি ভাৰতীয় বিমান প্ৰাধিকৰণ আইন ১৯৯৫ অনুসৰি বিমান বন্দৰ লীজত দিব পাৰে সৰ্বাধিক ত্ৰিশ বছৰৰ বাবেহে । কিন্তু গুৱাহাটীৰ লাভজনক বিমানবন্দৰ টো আদানী গ্ৰুপক ঘটোৱা হৈছে সুদীৰ্ঘ ৫০ বছৰৰ বাবে । ‌‌

উল্লেখযোগ্য যে, বিমানবন্দৰটো বাক্তিগত খণ্ডৰ কোম্পানীক গটোৱাৰ তীব্ৰ প্ৰতিবাদ কৰি অহা অসম জাতীয় পৰিষদৰ কৰ্মী সকলে আজি এই কাৰ্যৰ প্ৰতিবাদত দুঘন্টীয়া মৌন প্ৰতিবাদৰ কাৰ্যসূচী লয় ।

লগতে পঢ়কঃ ৰাজকন্যাক আই চি ইউত মই ৰখা নাছিলোঁ : ডাঃ নভনীল বৰুৱা

Last Updated :Oct 8, 2021, 5:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.