ETV Bharat / health

সৰিয়হৰ তেল বনাম ৰিফাইণ্ড অইল : স্বাস্থ্যৰ বাবে কোনবিধ উত্তম ? - Best Cooking Oil For Health

author img

By ETV Bharat Health Team

Published : May 25, 2024, 10:27 AM IST

MUSTARD OIL VS REFINED OIL : ৰন্ধন তেল আমাৰ খাদ্যভ্যাসৰ এক অবিচ্ছেদ্য অংশ । আপুনি নিশ্চিতভাৱে ভাৰতৰ প্ৰতিটো পাকঘৰতে বিভিন্ন ধৰণৰ ৰন্ধন তেল দেখিবলৈ পাব । বজাৰত বিভিন্ন প্ৰকাৰৰ ৰন্ধন তেল উপলব্ধ, যাৰ ভিতৰত সৰিয়হ তেল আৰু পৰিশোধিত তেলেই মানুহে বেছিকৈ ব্যৱহাৰ কৰা দেখা যায় । কিন্তু আপুনি জানেনে এই তেলবোৰৰ ভিতৰত কোনটো আপোনাৰ স্বাস্থ্যৰ বাবে উপযুক্ত ?

which is the best cooking oil for health mustard oil or refined oil
স্বাস্থ্যৰ বাবে কোনবিধ উত্তম (etv bharat)

আমি যি খাওঁ, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে । যিকোনো খাদ্য প্ৰস্তুত কৰোতে ৰন্ধন তেল এটা গুৰুত্বপূৰ্ণ উপাদান । গতিকে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰতো পৰে । গতিকে সঠিক ৰন্ধন তেল বাছি লোৱাটো অতি প্ৰয়োজনীয় । সাধাৰণতে আমাৰ পাকঘৰত দুবিধ ৰন্ধন তেল সততে উপলব্ধ, এবিধ হৈছে সৰিয়হৰ তেল আৰু দ্বিতীয় বিধ হৈছে ৰিফাইণ্ড অইল ৷

ৰিফাইণ্ড অইলৰ কথা ক’বলৈ গ’লে মানুহৰ পছন্দ বেলেগ বেলেগ কাৰণ বজাৰত বিভিন্ন ধৰণৰ ৰিফাইণ্ড অইল বিক্ৰী হৈ আছে । কোম্পানীবোৰে স্বাস্থ্যৰ বাবে ভাল বুলি বিভিন্ন ধৰণৰ ৰিফাইণ্ড তেল বিক্ৰী কৰি আছে ৷ কিন্তু প্ৰশ্ন উত্থাপন হয় যে এই সকলোবোৰ সঁচাকৈয়ে আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নে ? আমি আপোনালোকক তথ্য দিম যে আপোনাৰ খাদ্যৰ বাবে কোনটো ৰন্ধন তেল সৰ্বোত্তম ?

সৰিয়হৰ তেলৰ উপকাৰ বহুত :

আপোনালোকে সকলোৱে জানে যে সৰিয়হৰ তেল সৰিয়হৰ গুটিৰ পৰা তৈয়াৰ কৰা হয় । ইয়াৰ সোৱাদ সামান্য কাঢ়া আৰু দেখাত গাঢ় হালধীয়া । ভাৰতৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ পাকঘৰতে এই তেল পোৱা যায় আৰু ৰন্ধন প্ৰণালীত মানুহে এই তেল ব্যাপকভাৱে ব্যৱহাৰ কৰে ।

ইয়াৰ লাভালাভৰ বিষয়ে ক’বলৈ গ'লে, সৰিয়হৰ তেলত স্বাস্থ্যকৰ চৰ্বি থাকে, যি শৰীৰৰ ৰক্তনলীত জমা নহয় । ইয়াৰ উপৰিও অমেগা 3 আৰু 6 ফেটি এচিডো ইয়াত প্ৰচুৰ পৰিমাণে থাকে, যিয়ে কলেষ্টৰেলৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে । ইয়াত গ্লুক’চিনোলেট থাকে, যি হৈছে এক এণ্টিমাইক্ৰ’বাইল উপাদান আৰু শৰীৰক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে ।

পৰিশোধিত তেলৰ লাভালাভ :

পৰিশোধিত তেলৰ বিষয়ে ক’বলৈ গ’লে, ই হৈছে এবিধ প্ৰাকৃতিক তেল ৷ অশুদ্ধি, গোন্ধ আৰু দূষিত পদাৰ্থ আঁতৰ কৰি বাবে বহুতো প্ৰক্ৰিয়াৰ মাজেৰে এই তেল প্ৰস্তুত কৰা হয় । এই তেল গ্ৰাহকৰ চকুত লাগিবলৈ আৰু পৰিষ্কাৰ দেখাবলৈ এক ৰাসায়নিক প্ৰক্ৰিয়াৰ মাজেৰে তৈয়াৰ কৰা হয় ।

এই তেলৰো স্বাস্থ্যৰ লাভালাভ আছে । এই তেল হৃদৰোগীসকলৰ বাবে এক উত্তম বিকল্প হিচাপে গণ্য কৰা হয় । আনহাতে, ফিল্টাৰ কৰা তেল ৰাসায়নিকভাৱে শোধন কৰা নহয় আৰু কেৱল অশুদ্ধি আঁতৰ কৰি তৈয়াৰ কৰা হয়, যি পৰিশোধিত তেলতকৈ ভাল ।

সৰিয়হৰ তেল বনাম ৰিফাইণ্ড অইল: কোনবিধ ভাল?

যদিও সৰিয়হৰ তেলক স্বাস্থ্যৰ বাবে সৰ্বোত্তম বিকল্প বুলি গণ্য কৰা হয়, ইয়াৰ কিছু অপকাৰিতাৰ কথাও বিশেষজ্ঞসকলে কিন্তু আঙুলিয়াই দিছে । চিকিৎসকৰ মতে সৰিয়হ তেলত বিপুল পৰিমাণৰ এৰুচিক এচিড থাকে । গতিকে ইয়াক অতিমাত্ৰা সেৱন কৰিলে ডায়েৰিয়া বা ৰক্তহীনতা হ’ব পাৰে । ইয়াৰ উপৰিও অত্যধিক সেৱন কৰিলে ছালৰ ফোহা বা চোকোৰা আৰু ৰাইনাইটিছ হ’ব পাৰে । সেয়েহে ইয়াক নিৰ্দিষ্ট পৰিমাণত ব্যৱহাৰ কৰিব লাগে বুলি বিশেষজ্ঞই পৰামৰ্শ দিছে ।

আনহাতে যদি আমি ৰিফাইণ্ড অইলৰ কথা কওঁ, তেন্তে সৰিয়হৰ তেলতকৈ ই আপোনাৰ স্বাস্থ্যৰ ওপৰত বেছি বেয়া প্ৰভাৱ পেলায় । আটাইতকৈ ডাঙৰ কথাটো হ’ল ইয়াক ৰাসায়নিক পদাৰ্থৰে শোধন কৰা হয়, যি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক । ইয়াৰ শোধন প্ৰক্ৰিয়াত নিকেল ব্যৱহাৰ কৰা হয়, যিয়ে ছাল, শ্বাস-প্ৰশ্বাসতন্ত্ৰ আৰু যকৃতত অতি বেয়া প্ৰভাৱ পেলায় । নষ্ট নহ’বলৈ ইয়াত প্ৰিজাৰভেটিভছ্ আৰু ছডিয়াম হাইড্ৰ’ক্সাইডো যোগ কৰা হয় । যিয়ে পাচনতন্ত্ৰ নষ্ট কৰে । গতিকে এই লেখাটোৰ পৰা আপুনি নিশ্চয় বুজি পাইছে যে আপোনাৰ পাকঘৰত কোনবিধ তেলে স্থান পোৱা উচিত ৷

বি:দ্ৰ: এই ৱেবছাইটত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় টিপছ কেৱল তথ্যৰ বাবেহে । আমি কেৱল বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰীৰ পৰামৰ্শৰ ভিত্তিতহে এইখিনি প্ৰদান কৰিছো । চিকিৎসকৰ পৰা উপযুক্ত পৰামৰ্শ লোৱাটো অৱশ্যেই জৰুৰী ।

লগতে পঢ়ক : আপুনিও গাখীৰ চাহ বহু সময় উতলাই খায় নেকি ? - OVERBOILING MILK TEA SIDE EFFECTS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.