ETV Bharat / health

আপুনিও গাখীৰ চাহ বহু সময় উতলাই খায় নেকি ? - OVERBOILING MILK TEA SIDE EFFECTS

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 3:49 PM IST

Overboiling Milk Tea Side Effect: আমাৰ দেশত চাহ নোখোৱা মানুহ চাগে নাই । যিমানেই গ্ৰীণ টি আৰু নেমুৰ চাহৰ বিজ্ঞাপন নাহক কিয়, ঘৰত গাখীৰৰ পৰা তৈয়াৰী চাহ কাপহে সকলোৱে বিচাৰে ৷ কিন্তু বিশেষজ্ঞসকলে কয় যে গাখীৰৰ পৰা তৈয়াৰী আৰু বহুসময় ধৰি উতলোৱা চাহ যথেষ্ট ক্ষতিকাৰক ।

overboiling milk tea side effects overboiling milk tea harmful for health here know side effects
গাখীৰৰ পৰা তৈয়াৰী চাহৰ বিষয়ে (etv bharat)

মানুহৰ দিনৰ আৰম্ভণি চাহৰ পৰাই হয় । বহু মানুহে দিনটোত কেইবাবাৰো চাহ খায় । কিছুমান মানুহে অতি কাঢ়া চাহ খোৱাৰ বিপৰীতে কিছুমানে পিছে পাতল চাহহে খায় । বহুতে ক’ব বিচাৰে কাঢ়া চাহ খালে সকাহ পোৱা যায় । আজি এইটো বিষয়তে এই প্ৰতিবেদনটো আগবঢ়াইছো যে গাখীৰৰ চাহ বেছিকৈ উতলাই খালে কি হয় ।

চাহ বহু প্ৰকাৰ আছে, যেনে গ্ৰীণ টি, নেমু চাহ, আদাৰ চাহ, গাখীৰ দিয়া চাহ ইত্যাদি । এই সকলোবোৰৰ ভিতৰত বহুতে গাখীৰৰ পৰা তৈয়াৰী চাহ ভাল পায় । বিশেষ কথাটো হ’ল বহুতে ভাবে যে চাহ ভালদৰে সিজাই পান নকৰিলে চাহৰ প্ৰকৃত সোৱাদ পোৱা নাযায় ৷ এতিয়া জনাটো দৰকাৰী যে গাখীৰ চাহ বনোৱাৰ পদ্ধতি বেলেগ বেলেগ আছে । কিছুমান মানুহে প্ৰথমে চাহৰ গুড়ি আৰু চেনি পানীত উতলাই তাৰ পিচত গাখীৰ দিয়ে । আনহাতে কিছুমান মানুহে আগতীয়াকৈ গাখীৰ উতলাই পিচত চাহৰ গুড়ি আৰু চেনি দি চাহ বনাই । এই সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে গাখীৰৰ পৰা তৈয়াৰী চাহ বহুসময় ধৰি উতলাই বা বাৰে বাৰে গৰম কৰি খোৱাটো ভাল নহয় ।

গাখীৰৰ চাহ বাৰে বাৰে উতলালে কি হয় ?

আচলতে চাহ খালে মগজু সক্ৰিয় হৈ পৰে । একে সময়তে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায় । ইয়াৰ লগতে ব্লাড চুগাৰো নিয়ন্ত্ৰিত হৈ থাকে । বিশেষজ্ঞসকলৰ মতে চাহ বেছি সময় উতলাব নালাগে কাৰণ চাহত টেনিন থাকে । ই প্ৰ’টিন, খনিজ পদাৰ্থ, চেলুল’জ আৰু কাৰ্বহাইড্ৰেটবোৰৰ ক্ষয় নোহোৱাকৈ শৰীৰৰ বাবে উপযোগী কৰি তোলে । যদি চাহ আপুনি বেছি সময় ধৰি উতলাই তেন্তে এই সকলোবোৰ ধ্বংস হৈ যাব । গাখীৰৰ পৰা তৈয়াৰী চাহ ৪-৫ মিনিটতকৈ অধিক সময় গৰম কৰিলে শৰীৰত আইৰণ শোষণত সমস্যাৰ সৃষ্টি হয় । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল চাহ বহু সময় উতলালে তাত থকা পুষ্টিকৰ উপাদানবোৰ নষ্ট হৈ যায় । একে সময়তে কেন্সাৰ সৃষ্টিকাৰী কোষৰ বৃদ্ধিৰ সম্ভাৱনাও বাঢ়ি যায় ।

চাহ বহু সময় উতলোৱাৰ অপকাৰিতা

পুষ্টিকৰ উপাদানৰ ক্ষতি: চাহ বহু সময় উতলালে গাখীৰত থকা কেলচিয়াম, ভিটামিন বি ১২ আৰু ভিটামিন চি আদি পুষ্টিকৰ উপাদান ধ্বংস হয় ।

ৰুচিৰ পৰিৱৰ্তন: চাহ বেছিকৈ গৰম কৰিলে ইয়াৰ সোৱাদ নষ্ট হয় আৰু ইয়াৰ ৰঙো সলনি হয় । জ্বলা-পোৰাৰ দৰে গোন্ধ ওলাবলৈ আৰম্ভ কৰে ।

এচিডিটি: গাখীৰৰ পৰা তৈয়াৰী চাহ বহু সময় উতলালে পি এইচ লেভেল সলনি হয় । ই ক্ষতিকাৰক এচিড হৈ পৰে আৰু এচিডিটি বৃদ্ধি পায় ।

কিম্বন হোৱাৰ বাবে গাখীৰত এক্ৰিলামাইডৰ দৰে কাৰ্চিনোজেনিক যৌগ উৎপন্ন হয় । ইয়াৰ বাবে কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে । বিশেষজ্ঞসকলৰ মতে, গাখীৰৰ চাহ ৪-৫ মিনিটতকৈ বেছি সময় উতলাব নালাগে । ই সোৱাদ ভাল কৰিব ।

বি:দ্ৰ: এই ৱেবছাইটত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় টিপছ কেৱল তথ্যৰ বাবেহে । আমি কেৱল বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰীৰ পৰামৰ্শৰ ভিত্তিতহে এইখিনি প্ৰদান কৰিছো । চিকিৎসকৰ পৰা উপযুক্ত পৰামৰ্শ লোৱাটো অৱশ্যেই ভাল ।

লগতে পঢ়ক : খোজকঢ়া বনাম চিৰি বগোৱা - ওজন হ্ৰাস কৰাৰ বাবে কোনটো ভাল বিকল্প ! - Walking Vs Climbing Stairs

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.