ETV Bharat / health

জুন মাহত শনিৰ স্থান পৰিৱৰ্তনৰ ফলত শুভফল লাভ কৰিব এইকেইটা ৰাশিয়ে - Grah Gochar For June

Grah Gochar 2024 June: ১৪ জুনত মিথুন ৰাশিত আৰু ২৯ জুনত কৰ্কট ৰাশিত বিৰাজমান হ’ব গ্ৰহৰ ৰাজকুমাৰ বুধ । এই প্ৰৱেশৰ ফলত সকলো ৰাশিতে বিশেষ প্ৰভাৱ পৰিব ৷ কিন্তু তাৰ মাজতে শনিৰ স্থান পৰিৱৰ্তনৰ ফলত কিছুমান ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিবলৈ গৈ আছে ৷ এই ৰাশিকেইটা কি কি জানো আহক-

Grah Gochar 2024 June: shani vakri in the month of june, people of these zodiac signs will become lucky and get good news
জুন মাহত শনিৰ স্থান পৰিৱৰ্তনৰ ফলত শুভফল লাভ কৰিব এইকেইটা ৰাশিয়ে (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : June 13, 2024 at 6:13 PM IST

3 Min Read
Choose ETV Bharat

২০২৪ৰ জুন মাহত বিশেষ কেইটামান ৰাশিৰ জাতক-জাতিকাসকলে লাভ কৰিব পাৰে ভাল খবৰ ৷ জুন মাহটোত ন্যায়ৰ দেৱতা শনিদেৱে নিজৰ দিশ সলনি কৰিব যাৰ ফলত কিছুমান ৰাশি ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’ব ৷ বহুদিনৰে পৰা চলি অহা অশান্তিৰ ওৰ পৰিব পাৰে এই মাহটোত ৷ এই ৰাশিকেইটা কি কি, জানো আহক-

মেষ ৰাশি: চাকৰি কৰি থকা জাতক-জাতিকাসকলৰ এই মাহটোত লাভ কৰিব পাৰে কোনো ডাঙৰ দায়িত্ব ৷ সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি প্ৰশংসাৰ পাত্ৰও হ’ব আপুনি ৷ আপোনাৰ স্বাস্থ্য আৰু চেহেৰা ভালে থাকিব ৷ বিশেষ কোনো কষ্ট এই মাহটোত আপুনি নাপায় ৷ ব্যৱসায় কৰা সকলৰ বাবে এই মাহটো অতিকৈ উত্তম ৷ ব্যৱসায়ত কোনো যদি প্লেন কৰি আছে, এই মাহটোত কাৰ্যকৰী হ’ব পাৰে ৷ বিয়াৰ কথাও চলিব পাৰে পৰিয়ালত ৷ প্ৰেমত শুভ ৷ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা জাতক-জাতিকা সকলেও এই মাহটোত সুফল লাভ কৰাৰ যুগ আছে ৷

বৃষ ৰাশি: কাৰ্যক্ষেত্ৰত আপুনি নিজৰ কামৰ বাবে এই মাহটোত প্ৰশংসিত হ’ব ৷ আৰ্থিক স্থিতি মজবুত হোৱাৰ লগতে আপোনাৰ মনটোও প্ৰফুল্লিত হৈ থাকিব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ নজৰ ৰাখক এই ৰাশিৰ জাতক-জাতিকাসকলে ৷ ব্যৱসায়ীসকলৰ বাবে এই মাহটোত আৰ্থিক দিশত যথেষ্ট শুভ ৷ ব্যৱসায়ৰ পৰিধিও এই মাহটোত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ জীৱন সংগীৰ পৰা কিছু দায়িত্ব লাভ কৰিব আৰু সেয়া সুচাৰুৰূপে পালন কৰাৰ চেষ্টা কৰক ৷ বিদ্যাৰ্থীসকলৰ বাবেও এই মাহটোত শুভফল লাভ কৰিব ৷ বিদ্যাৰ্থীসকলে ক্ৰীড়াৰ ক্ষেত্ৰত সফলতা লাভ কৰিব ৷

মিথুন ৰাশি: এই ৰাশিৰ যিসকল জাতক-জাতিকাই চাকৰিৰ সন্ধানত আছে এই মাহটোত কৃতকাৰ্যতা লাভ কৰিব পাৰে ৷ স্বাস্থ্য মধ্যমীয়া থাকিব ৷ ব্যৱসায়ীসকলৰ বাবে এই মাহটো খুবেই শুভ ৷ নতুন গ্ৰাহকৰ সৈতে সু-সম্পৰ্ক স্থাপনৰো যুগ আছে ৷ এলেহুৱা মনোভাৱে গা কৰি উঠিব পাৰে যদিও বিশেষ লোকচানৰ সন্মুখীন নহয় ৷ শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰাৰ কথা যদি ভাবিছে, এই মাহটো আপোনাৰ বাবে উত্তম হ’ব ৷ কিন্তু সাৱধানতা অৱলম্বন কৰিব ৷

কৰ্কট ৰাশি: এই ৰাশিৰ জাতক-জাতিকাসকলৰ বিৰুদ্ধে এই মাহটোত কৰ্মক্ষেত্ৰত শত্ৰুপক্ষই ষড়যন্ত্ৰ ৰচিব পাৰে যদিও সফল নহয় ৷ বহুদিনৰে পৰা চলি থকা মানসিক অশান্তিৰ পৰা মুক্তি লাভ কৰিব পাৰে এই মাহটোত ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভালেই থাকিব ৷ ব্যৱসায়ীসকলৰ বাবে কোনো ডাঙৰ সুযোগ অহাৰ সম্ভাৱনা আছে ৷ পৈতিক সম্পত্তিৰ সৈতে জড়িত যিকোনো বিষয়ত সাৱধানতাৰে সিদ্ধান্ত লওক ৷ বন্ধুবৰ্গৰ সৈতে ভ্ৰমণৰো যুগ আছে ৷

লগতে পঢ়ক: বৃশ্চিক ৰাশিৰ সৌভাগ্য দুৱাৰ মুকলি...বৃষ ৰাশিয়ে ধনৰ লেন-দেন কৰোঁতে হওক সাৱধান...কেনে যাব আপোনাৰ এই সপ্তাহটো - Weekly Horoscope