ETV Bharat / health

৫টা উপায়েৰে বিশেষ কৰি তোলক পিতৃ দিৱস: এনেদৰে ছাৰপ্ৰাইজ দিয়ক আপোনাৰ পিতৃক - Father’s Day 2024

Father’s Day 2024: পিতৃ দিৱস সেই বিশেষ দিন যেতিয়া আমি আমাৰ পিতৃক তেওঁৰ মৰম, ত্যাগ আৰু সমৰ্পণৰ বাবে ধন্যবাদ জনাও । সদায় আমাৰ কাষত থিয় হৈ থকা সেই শক্তিশালী স্তম্ভ হৈছে আমাৰ পিতৃ ৷ সেয়ে পিতৃ দিৱস উপলক্ষে কিদৰে আমি আমাৰ পিতৃৰ দিনটো বিশেষ কৰি তুলিব পাৰো জানো আহক-

Father's Day 2024: Surprise Your Dad in These 5 Amazing Ways on Father's Day
এই ৫টা উপায়েৰে বিশেষ কৰি তোলক পিতৃ দিৱস (FREEPIK)
author img

By ETV Bharat Features Team

Published : Jun 16, 2024, 12:11 AM IST

প্ৰতি বছৰে জুন মাহৰ তৃতীয়টো দেওবাৰ পিতৃসকলৰ বাবে উৎসৰ্গা কৰা হয়, যিটো দিন আমি পিতৃ দিৱস হিচাপে পালন কৰো । আমাৰ পিতৃৰ মৰম আৰু ত্যাগৰ বাবে আমি ধন্যবাদ জনোৱা এটা বিশেষ দিন । দেউতা হৈছে সেইজন ব্যক্তি যিয়ে আমাক প্ৰতিটো খোজতে সহায় কৰে । ছায়াৰ দৰে আমাৰ কাষত থাকে, মজবুত স্তম্ভৰ দৰে আমাৰ সৈতে থিয় দিয়ে ৷ যিয়ে নিজৰ সন্তানৰ বাবে সকলো দুখ-কষ্ট হাঁহি হাঁহি সহ্য কৰে ৷ যাৰ শাসনতো মৰম, স্নেহ লুকাই থাকে, যাৰ প্ৰতিটো কথাই আমাৰ বাবে গুৰুত্বপূৰ্ণ তেৱেই হৈছে দেউতা ।

Father's Day 2024: Surprise Your Dad in These 5 Amazing Ways on Father's Day
এই ৫টা উপায়েৰে বিশেষ কৰি তোলক পিতৃ দিৱস (FREEPIK)

আমি পিতৃ দিৱস উপলক্ষে পিতৃক যিমানেই মৰম নিদিওঁ কিয়, সেয়া সদায় কম যেন লাগে । কিন্তু, আমি এই বিশেষ দিনটোত তেওঁৰ বাবে কিবা এটা কৰি এই দিনটো আৰু অধিক বিশেষ কৰি তুলিব পাৰো । তেওঁক কিছু ছাৰপ্ৰাইজৰ জৰিয়তে সুখী কৰিব পাৰো ৷

সেয়ে আহক- আজি পিতৃ দিৱস উপলক্ষে কিছু এনে ছাৰপ্ৰাইজৰ বিষয়ে আমি আপোনালোকক কম যাৰ দ্বাৰা আপুনি পিতৃ দিৱসক আপোনাৰ পিতৃৰ বাবে আৰু অধিক স্মৰণীয় কৰি তুলিব পাৰে ।

১/ তেওঁলোকৰ পছন্দৰ বিশেষ খাদ্য তৈয়াৰ কৰক

কোৱা হয় যে, হৃদয়ৰ ৰাস্তা পেটেৰেই হৈ যায় । গতিকে এই পিতৃ দিৱসত আপোনাৰ পিতৃৰ পছন্দৰ বিশেষ খাদ্যই প্ৰস্তুত কৰা যাওক ৷ তেওঁৰ শৈশৱৰ প্ৰিয় খাদ্যই হওক বা ৰেষ্টুৰেণ্ট ষ্টাইলৰ খাদ্যই হওক, তেওঁৰ পছন্দৰ খাদ্য প্ৰস্তুত কৰি আপুনি তেওঁক সুখী কৰিব পাৰে ।

এই ৫টা উপায়েৰে বিশেষ কৰি তোলক পিতৃ দিৱস (ETV Bhatat)

২/ পুৰণি স্মৃতি ৰোমন্থন কৰক

পিতৃৰ সৈতে কটোৱা পুৰণি মুহূৰ্তবোৰ প্ৰতিগৰাকী সন্তানৰ বাবে অতিকৈ বিশেষ । পিতৃ দিৱসৰ দিনা তেওঁৰ পুৰণি ফটো সংগ্ৰহ কৰি কোলাজ বনাব পাৰে । লগতে তেওঁৰ লগত বহি সেই ফটোবোৰৰ লগত জড়িত স্মৃতিবোৰ সতেজ কৰি তুলিব পাৰে । আপুনি তেওঁৰ শৈশৱৰ বন্ধু বা আত্মীয়কো ফোন কৰিব পাৰে, যাতে তেওঁলোকে পুৰণি দিনবোৰ মনত পেলাই সুখী হৈ পৰে ।

৩/ তেওঁৰ চখ পূৰণ কৰাত সহায় কৰক

পিতৃৰ চখৰ বিষয়ে জানি লওক । হয়তো তেওঁৰ বাগিচাৰ প্ৰতি আকৰ্ষণ আছে বা পুৰণি গান এটা শিকাৰ হাবিয়াস আছে । পিতৃ দিৱস উপলক্ষে তেওঁৰ চখৰ লগত জড়িত উপহাৰ দিব পাৰে বা সহায় কৰিব পাৰে । তেওঁৰ বাবে পিতৃ দিৱসৰ দিনা তেওঁৰ পচন্দৰ গীতবোৰ ৰেডিঅ' বা স্পীকাৰত বজাই একেলগে গাই আনন্দ কৰক ৷

৪/ চিঠি লিখি তেওঁৰ গুৰুত্ব বুজাবলৈ চেষ্টা কৰক

আজিৰ ডিজিটেল যুগত হাতে লিখা চিঠিৰ গুৰুত্ব বহুত বাঢ়িছে । পিতৃ দিৱসৰ দিনা দেউতাকলৈ চিঠি লিখি কওক যে তেওঁ আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ । তেওঁৰ মৰম আৰু ত্যাগৰ বাবে ধন্যবাদ জনাওক । বিশ্বাস কৰক এই সৰু চিঠিখনে তেওঁৰ হৃদয় চুই যাব ।

৫/ ছাৰপ্ৰাইজ পাৰ্টীৰ পৰিকল্পনা কৰক

আপোনাৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে দেউতাৰ বাবে এটা ছাৰপ্ৰাইজ পাৰ্টিৰ পৰিকল্পনা কৰক । পাৰ্টিত তেওঁৰ প্ৰিয় খাদ্য, সংগীত আৰু কেকৰ ব্যৱস্থা কৰক । এই ছাৰপ্ৰাইজ পাৰ্টিটো তেওঁ নিশ্চয় ভাল পাব ।

এই সৰু সৰু উপায়েৰে আপুনি আপোনাৰ পিতৃৰ বাবে পিতৃ দিৱসৰ দিনটো অতিকৈ বিশেষ কৰি তুলিব পাৰে ৷ ই টিভি ভাৰতৰ তৰফৰ পৰাও থাকিল প্ৰত্যেকগৰাকী পিতৃলৈ পিতৃ দিৱসৰ অনেক শুভেচ্ছা ৷

লগতে পঢ়ক: Father's Day 2023: এইবাৰ পিতৃ দিৱস কৰি তোলক বিশেষ, আপোনাৰ পিতৃৰ বাবে কৰক এইসমূহ কাম

লগতে পঢ়ক: পিতৃ দিৱসঃ একক পৰিয়ালত পিতৃৰ দায়বদ্ধতা আৰু পিতৃলৈ কৃতজ্ঞতা স্বীকাৰ

লগতে পঢ়ক: Happy Father's Day 2023: প্ৰতিগৰাকী পিতৃৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.