ETV Bharat / health

আপোনাৰ আপোনজনক সদায় মৰমেৰে ৰাখক.... কিয় জানেনে ? - World Caring Day

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 11:49 PM IST

World Caring Day : প্ৰতি বছৰে ৭ জুনত বিশ্ব যত্ন দিৱস পালন কৰা হয় । আপোনাৰ এষাৰ মৰমৰ মাত অথবা অলপ যত্নই বিশ্ব যত্ন দিৱসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাৰ্তা । আপোনাক মৰম কৰা, আপোনাৰ বাবে চিন্তা কৰা বিশেষ লোকসকলৰ সৈতে পালন কৰক আজিৰ দিনটো ৷

World Caring Day
আপোনাৰ আপোনজনক সদায় মৰমেৰে ৰাখক.... কিয় জানেনে ? (etv bharat english)

নেশ্যনেল ডেস্ক, 6 জুন : প্ৰতিবছৰে বিশ্বজুৰি ৭ জুনত বিশ্ব যত্ন দিৱস পালন কৰা হয় । মানুহ সামাজিক প্ৰাণী ৷ মানুহক জীয়াই থাকিবলৈ মৰম আৰু যত্নৰ প্ৰয়োজন ৷ আমাৰ সকলোৰে জীৱনত এনে কিছু লোক আছে যিয়ে আমাক জীৱনৰ এই যাত্ৰাত সংগ দিয়ে, যিসকলে আমাক মৰম আৰু যত্নৰে উপচাই তোলে ৷ আজিৰ এই বিশেষ দিনটো এইসকল লোকৰ সৈতে পাৰ কৰক ৷

কেয়াৰিং ব্ৰিজে যোৱা 25 বছৰ ধৰি এনে এক পদক্ষেপ হাতত লৈ আহিছে যিয়ে সকলোকে যত্ন লোৱা লোকসকলক প্ৰশংসা কৰিবলৈ আৰু তেওঁলোকৰ যত্ন ল'বলৈ উৎসাহিত কৰে । এই যে আমি কাৰোবাক সোধো দিনটো কেনেদৰে পাৰ হ'ল বুলি আন্তৰিকতাৰে সোধো, ইয়ে সেি বিশেষ ব্যক্তিজনৰ প্ৰতি আপোনাৰ মৰম আৰু যত্ন প্ৰতিফলিত কৰে ৷ এনে এটা মেছেজ তথা এনে এষাৰ বাক্যই এগৰাকী ব্যক্তিৰ সামগ্ৰিক সুস্থতা উন্নত কৰিব পাৰে ।

আজিৰ প্ৰতিযোগিতামূলক পৃথিৱীত, প্ৰকৃততে আপোনাৰ বিষয়ে চিন্তা কৰা ব্যক্তি থকাটো এক আশীৰ্বাদস্বৰূপ । আপোনাৰ সুখ-দুখ, উত্থান-পতন, সৰু অথবা ডাঙৰ মুহূৰ্ত এই সকলো সময়তে এনে লোকে যেতিয়া আপোনাৰ লগ দিয়ে তেতিয়া আপোনাৰ বেয়া সময়ো সুখকৰ সময়লৈ পৰিৱৰ্তিত হয় ৷

উদাহৰণ স্বৰূপে, যেতিয়া কোনোবা এগৰাকী লোক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হয়, তেতিয়াই আপোনাৰ সমৰ্থন আৰু যত্নে তেওঁৰ স্বাস্থ্যলৈ পৰিৱৰ্তন আনিব পাৰে ৷ সেই সময়ত সেইজন মানুহে যেতিয় অনুভৱ কৰে যে তেওঁ অকলশৰীয়া নহয় তেতিয়া মহৌষধিস্বৰূপ হৈ পৰে ৷

বিশ্ব যত্ন দিৱসৰ ইতিহাস

১৯৯৭ চনৰ ৭ জুনত ব্ৰিগিদ নামৰ এটা নৱজাতকৰ জীৱনৰ ওপৰত আধাৰিত কৰি বিশ্ব যত্ন দিৱসৰ বাবে অনুপ্ৰেৰণা লাভ কৰা হৈছিল । অকালতে শিশুটো জন্ম হোৱাৰ পিচত, ছফ্টৱেৰ অভিযন্তা সোণা মেহৰিঙে প্ৰথম কেয়াৰিংব্ৰিজ নামৰ এটা ৱেবছাইট সৃষ্টি কৰিছিল । সোণাই বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ পৰা কেঁচুৱা ব্ৰিগিডৰ স্বাস্থ্যৰ বিষয়ে অনলাইনত আপডেট কৰাৰ পিচতে পৰিয়ালৰ লগতে বন্ধু-বান্ধৱীৰ পৰা সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল ।

বিশ্ব যত্ন দিৱসৰ তাৎপৰ্য

বিশ্ব যত্ন দিৱসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাৰ্তা হৈছে আপোনাৰ এষাৰ মৰমৰ মাত অথবা অলপ যত্ন ৷ আমি প্ৰায়ে, কাৰোবাৰ সুস্থতা, কাৰোবাক আবেগিকভাৱে সংগ দিয়াৰ দৰে সৰু সৰু কথাবোৰ হৈছে আটাইতকৈ এই বিশ্ব যত্ন দিৱসৰ লক্ষ্য । এই সৰু সৰু ব্যৱহাৰে কেতিয়াবা কাৰোবাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে।

আত্ম-যত্নৰ তাৎপৰ্য হৈছে বিশ্ব যত্ন দিৱসৰ পৰা আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ । আনৰ যত্ন লোৱাৰ লগতে নিজৰ প্ৰয়োজনীয়তাৰ বিষয়েও পাহৰি যাব নালাগে । কিন্তু মনত ৰখাটো অতি গুৰুত্বপূৰ্ণ যে পেছাদাৰী আৰু ব্যক্তিগত বিকাশৰ বাবে আনৰ লগতে নিজৰো যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ ।

কাৰোবাক যত্ন ল'ব পৰা সৰল উপায়

-কাৰোবাক আন্তৰিকতাৰে সুধিব তেওঁ কেনে আছে ?

-তেওঁলোকৰ জীৱনত সকলো ঠিকেই আছেনে সোধক যদি নাই আলোচনা কৰক ৷

-আনৰ প্ৰয়োজনীয়তাৰ প্ৰতি সতৰ্ক হওক ৷

-আপোনাৰ প্ৰিয়জনক কিহে দুখ দিব পাৰে তাৰ প্ৰতি সতৰ্ক আৰু সংবেদনশীল হওক ৷ তেওঁলোকৰ সৈতে তেনে নেতিবাচক কাম নকৰিব ৷

-অনলাইনকৈ হ’লেও সংযোগ কৰক ৷

-দূৰত বাস কৰা আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে সংযুক্ত থাকক ৷

-আপোনাৰ প্ৰিয়জনৰ বাবে সময় উলিয়াওক ৷

-পাৰিলে তেওঁলোক বিশেষ অনুভৱ কৰাবলৈ তেওঁৰ বাবে লিখক ৷

বিশ্ব যত্ন দিৱস কেনেদৰে উদযাপন কৰিব

-আপোনাৰ ষ্টৰী ভাগ-বতৰা কৰক আৰু এই কাহিনীৰ দ্বাৰ আনকো অনুপ্ৰাণিত কৰক ৷ -প্ৰিয়জনক বিশেষ অনুভৱ কৰাওক ৷

-আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে সময় কটাওক, তেওঁলোকৰ কথা শুনক আৰু আপুনি তেওঁলোকৰ যত্ন লওক ৷

লগতে পঢ়ক: মাখনৰ দৰে গলিব চৰ্বি : খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ১০বিধ খাদ্য - Weight Loss

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.