ETV Bharat / health

খোজকঢ়া বনাম চিৰি বগোৱা - ওজন হ্ৰাস কৰাৰ বাবে কোনটো ভাল বিকল্প ! - Walking Vs Climbing Stairs

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 12:03 PM IST

Walking Vs Climbing Stairs Which is Best: অতিৰিক্ত ওজনত ভুগি থকা লোকসকলে ওজন হ্ৰাস কৰিবলৈ বিভিন্ন ধৰণৰ ব্যায়াম কৰে । অৱশ্যে, কিছুমান লোকে ওজন হ্ৰাস কৰিবলৈ ৰাতিপুৱা সোনকালে খোজ কাঢ়ে । আৰু বহু লোকে চিৰি বগায় । এতিয়া চাওঁ আহক ওজন হ্ৰাসৰ বাবে দুয়োটাৰ ভিতৰত কোনটো সৰ্বশ্ৰেষ্ঠ ।

Walking Vs Climbing Stairs Which is Best For Weight Loss
ওজন হ্ৰাস কৰাৰ বাবে কোনটো ভাল বিকল্প (etv bharat)

সলনি হোৱা জীৱনশৈলী, খাদ্যাভ্যাস, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ, দীঘলীয়া সময় ধৰি বহি থকাৰ দৰে বিভিন্ন কাৰণত বহুলোক মেদবহুলতাত ভোগে । ওজন হ্ৰাস কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ব্যায়াম কৰে আৰু কঠোৰ আহাৰ প্ৰণালী অনুসৰণ কৰে । অৱশ্যে, কিছুমান লোকে ওজন হ্ৰাস কৰিবলৈ খোজ কাঢ়ে । আৰু বহুতে চিৰি বগায় । এতিয়া চাওঁ আহক দুয়োটাৰ ভিতৰত কোনটোৱে আপোনাৰ ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে ।

চিৰি বগোৱাৰ লাভালাভ: চিৰি বগোৱা কাৰ্যই উৰু আৰু ভৰিৰ চৰ্বি দহন কৰাত সহায় কৰিব পাৰে । বিশেষজ্ঞসকলে এইটোও কয় যে পাকস্থলীৰ চাৰিওফালে জমা হোৱা চৰ্বিও দ্ৰৱীভূত কৰিব পাৰি চিৰি বগোৱাৰ জৰিয়তে । চিৰি বগালে চৰ্বি তিনিগুণ দ্ৰুতগতিত দহন হয় । যিয়ে দ্ৰুতগতিত ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে । ২০০১ চনত আমেৰিকান জাৰ্ণেল অৱ্ ক্লিনিকেল নিউট্ৰিছনত প্ৰকাশিত এক প্ৰতিবেদনত তথ্য পোৱা গৈছিল । গৱেষকসকলে বিচাৰি পাইছে যে যিসকল লোক মেদবহুলতাত আক্ৰান্ত, তেওঁলোকে চিৰি বগায়ে ওজন হ্ৰাস কৰাৰ সম্ভাৱনা অধিক । গৱেষণাটো হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ অধ্যাপক ড. ডেভিদ জে.ৰ দ্বাৰা কৰা হৈছিল ৷

হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে: বিশেষজ্ঞসকলৰ মতে চিৰি বগালে হৃদস্পন্দন দ্ৰুত হয় আৰু ইয়াৰ ফলত ৰক্ত সঞ্চালন বৃদ্ধি হয় । নিয়মীয়াকৈ চিৰি বগালে হৃদৰোগ, ষ্ট্ৰোক আৰু উচ্চ ৰক্তচাপৰ আশংকা হ্ৰাস পায় । অৱশ্যে, হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত ভুগি থকা লোকসকলৰ বাবে অত্যাধিক চিৰি বগাবলৈ পৰামৰ্শ দিয়া নহয় । উচ্চ ৰক্তচাপত ভুগি থকা সকলকো চিকিৎসকৰ নিৰ্দেশনা অনুসৰিহে চিৰি বগাবলৈ পৰামৰ্শ দিয়া হয় ।

মন প্ৰফুল্লিত কৰে: ব্যায়ামে এণ্ডোৰ্ফিন মুকলি কৰাত সহায় কৰে । ই মানুহৰ মনোভাৱ উন্নত কৰাত আৰু চাপ হ্ৰাস কৰাত সহায় কৰে বুলি কোৱা হয় । এইটোও কোৱা হয় যে চিৰি বগালে উদ্বেগ আৰু হতাশাৰ লক্ষণবোৰ হ্ৰাস হয় ।

এতিয়া জানো আহক খোজকঢ়াৰ উপযোগিতাৰ বিষয়ে-

খোজ কঢ়াৰ লাভালাভ: খোজকঢ়াটো এনে এটা ব্যায়াম যিটো যিকোনো ঠাইতে সহজে কৰিব পাৰি । বিশেষজ্ঞসকলে কৈছে যে প্ৰতি ৰাতিপুৱা আধা ঘণ্টা খোজ কঢ়াটো স্বাস্থ্যৰ পক্ষে ভাল ।

কলেষ্টেৰল দ্ৰৱীভূত কৰে: বিশেষজ্ঞসকলে কয় যে শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰল দ্ৰৱীভূত কৰাৰ বাবে খোজকঢ়াটো এটা ভাল ব্যায়াম । প্ৰতিদিনে আধা ঘণ্টাতকৈ অধিক খোজ কাঢ়িলে ই সহজে চৰ্বি দহন কৰাত সহায় কৰিব পাৰে ।

হৃদযন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰাখে: আজিকালি বহুলোক কম বয়সতে বিভিন্ন প্ৰকাৰৰ হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত ভোগে । অৱশ্যে, বিশেষজ্ঞসকলে কয় যে দৈনিক খোজ কাঢ়িলে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হ'ব পাৰে । গৱেষকসকলে বিচাৰি পাইছে যে খোজ কঢ়াটোৱে হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ।

চাপ হ্ৰাস কৰে: ৰাতিপুৱা সোনকালে উঠি খোজ কাঢ়িলে চাপ আৰু উদ্বেগৰ দৰে সমস্যা হ্ৰাস হোৱাত সহায়ক হয় । বিশেষজ্ঞসকলে কয় যে, খোজকঢ়াটোৱে মনক শিথিল কৰে । এইবোৰৰ বাহিৰেও খোজ কঢ়াৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে ।

ওজন হ্ৰাস কৰিবলৈ খোজ কঢ়াটো ভাল নে চিৰি বগোৱাটো ভাল:

বিশেষজ্ঞসকলে কয় যে এই দুয়োটাই ওজন হ্ৰাসৰ বাবে উপযোগী । দুয়োটাৰ কোনটো ভাল, সেইটো প্ৰতিজন মানুহৰ ফিটনেছ স্তৰৰ ওপৰত নিৰ্ভৰ কৰে । আঁঠু আৰু ভৰিৰ বিষৰ দৰে অন্যান্য স্বাস্থ্যজনিত সমস্যাত ভুগি থকাসকলে ওজন হ্ৰাস কৰিবলৈ খোজ কাঢ়িব লাগে । বিশেষজ্ঞসকলে কৈছে যে যিসকলে এই সমস্যাবোৰত ভুগি আছে তেওঁলোকে চিৰি বগালে সমস্যা অধিক হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : মাছৰ তেল সঁচাকৈয়ে স্বাস্থ্যৰ বাবে উপকাৰী নেকি?- - FISH OIL SUPPLEMENTS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.