ETV Bharat / state

বিষাক্ত কাঠফুলাই কাল হ'ল; চিকিৎসালয়ত ভৰ্তি ৮ গৰাকী - Consumption of poisonous mushrooms

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 11:23 AM IST

Poisonous mushrooms : বিষাক্ত কাঠফুলা খাই চিকিৎসাধীন হ'বলগা হ'ল গোলাঘাটৰ উৰিয়ামঘাটৰ দুটা পৰিয়াল । বাৰীৰ পিছফালৰ পৰা তুলি অনা বনৰীয়া কাঠফুলা নিশাৰ আহাৰত খাইছিল ৷ তাৰ পাচৰ পৰাই অসুস্থ হৈ পৰিছিল পৰিয়াল দুটা । জানিব পৰা মতে, ইতিমধ্যে অসুস্থ এজনক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে ।

Consumption of poisonous mushrooms
বিষাক্ত কাঠফুলাই কাল হ'ল (ETV Bharat)

গোলাঘাট, ১ জুন : গোলাঘাট জিলাত পুনৰ বিষাক্ত কাঠফুলা খাই অসুস্থ হৈছে কেইবাজনো । দুটা পৰিয়ালৰ মহিলাসহ ৮ গৰাকী সদস্যক ভৰ্তি কৰোৱা হৈছে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত । অসুস্থ লোকসকলক নিশা সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । আনহাতে গুৰুতৰভাৱে অসুস্থ এজনক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয় ।

বিষাক্ত কাঠফুলাই কাল হ'ল (ETV Bharat)

জানিব পৰা মতে, গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ পৰিয়াল দুটা বিষাক্ত কাঠফুলা খাই অসুস্থ হৈছে । তেওঁলোকে খাবলৈ বাৰীৰ পিছফালৰ পৰা আৰু পথাৰৰ পৰা কাঠফুলা তুলি আনিছিল । কিন্তু সেই কাঠফুলা খোৱাৰ পিচত পৰিয়াল দুটাৰ সদস্যসকলৰ মূৰৰ বিষ, জ্বৰৰ দৰে সমস্যাই দেখা দিয়ে ।

তেওঁলোকৰ স্বাস্থ্য অৱনতি হোৱাৰ লগে লগে পৰিয়ালৰ লোকসকলে নিশাই সৰুপথাৰ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

তেওঁলোকে জনোৱা মতে নিশাৰ আহাৰৰ সৈতে সেই কাঠফুলা ৰান্ধি খাইছিল । তাৰ পিচতে পৰিয়াল দুটাৰ সদস্যসকল অসুস্থ হৈ পৰে । চিকিৎসাধীন লোক কেইজনৰ ভিতৰত উৰিয়ামঘাটৰ জুৰদলঙৰ ৪ গৰাকী আৰু বাকী ৪ গৰাকী বাগানবাৰীৰ বুলি জানিব পৰা গৈছে ।

ইফালে কাৰ্বি আংলং জিলাৰ চিলনীজানতো এগৰাকী মহিলা কাঠফুলা খাই অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকে অসুস্থ মহিলাগৰাকীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও মহিলাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

লক্ষণীয়ভাৱে প্ৰায়ে বিষাক্ত কাঠফুলা খাই বহু লোক অসুস্থ হয় । আনকি প্ৰতিবছৰে বিষাক্ত কাঠফুলা খাই বহু লোকৰ মৃত্যু হোৱাও দেখা গৈছে । সেয়েহে কাঠফুলা খোৱাৰ পূৰ্বে আপুনিও চিন্তা কৰক । যিকোনো মুকলি স্থানত হোৱা কাঠফুলা খোৱাৰ পূৰ্বে তাক ভালদৰে পৰীক্ষা কৰি লোৱাটো উচিত ৷ নহ’লে জিভাৰ জুতিয়ে হ’ব পাৰে কাল ।

লগতে পঢ়ক :যাত্ৰাপথত সহযাত্ৰীৰে সৈতে মত বিনিময় কৰাৰ পূৰ্বে সাৱধান ! - Crime In Train

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.