ETV Bharat / state

যাত্ৰাপথত সহযাত্ৰীৰে সৈতে মত বিনিময় কৰাৰ পূৰ্বে সাৱধান ! - Crime in train

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 7:36 AM IST

Crime in train: আপুনিও ৰে’লযোগে যাত্ৰা কৰে নেকি অথবা ৰে’ল যাত্ৰা আপোনাৰ প্ৰিয় নেকি ? তেন্তে সাৱধান হওঁক ৷ ৰে’লযোগে যাত্ৰা কৰি মাতৃ-কন্যাই কেনে ভয়াৱহ অভিজ্ঞতাৰ সাক্ষী হ’ল ৷ জানক আমাৰ এই প্ৰতিবেদনযোগে -

Attempted robbery by feeding drugs in soft drinks in a running train
অভিযুক্ত (Etv bharat assam)

বৰপেটাৰোড, 1 জুন : উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ অচিনাকি লোকে যাচি দিয়া শীতল পানীয় গ্ৰহণ কৰি তিক্ত অভিজ্ঞতাৰ সন্মুখীন দুই মহিলা যাত্ৰী ৷

উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লত চাঞ্চল্যকৰ ঘটনা (Etv bharat assam)

জানিব পৰা মতে, বৃহস্পতিবাৰৰ দিনৰ ভাগত পশ্চিমবংগৰ শিয়ালদহ ৰে’লৱে ষ্টেচনৰ পৰা কাঞ্চনজংঘা এক্সেপ্ৰেছ ৰে’লযোগে পাৰুল বিশ্বাস আৰু তেওঁৰ জীয়েক অৰ্পণা বিশ্বাসে ত্ৰিপুৰালৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল ৷ যাত্ৰাকালত দুই মহিলাৰ লগত আন এগৰাকী অচিনাকি পুৰুষ যাত্ৰীও একেটা চিটতে বহি আহিছিল বুলি জানিবলৈ দিয়ে দুই মহিলা যাত্ৰীয়ে ।

যাত্ৰাকালত দুই মহিলা যাত্ৰীৰ সৈতে কথা-বাৰ্তা পাতি অহা উক্ত লোকজনে কিছু সময় পাচত শীতল পানীয়ত নিচাযুক্ত দ্ৰব্য মিহলাই তেওঁলোকক খাবলৈ দিয়ে ৷ উক্ত পানীয় গ্ৰহণ কৰাৰ পাচত দুই মহিলা যাত্ৰী গভীৰ নিদ্ৰাত পৰে আৰু অচিনাকি লোকজনে তেওঁলোকৰ পৰা সোণৰ চেইন, সোণৰ কাণফুলি, সোণৰ বালা আৰু সোণৰ খাৰু আদি বিভিন্ন মূল্যবান সামগ্ৰী চুৰি কৰি লৈ যায় ৷

জানিব পৰা মতে, অভিযুক্ত চোৰটোৱে দুই মহিলাৰ আ-অলংকাৰবোৰ চুৰি কৰি উক্ত ৰে’লখনৰেই আন এটা ডবালৈ গৈ ছিটৰ তলত শুই পৰে ৷ পৰৱৰ্তী সময়ত মহিলা দুগৰাকীৰ জ্ঞান উভতি অহাৰ পাচত পিন্ধি থকা নিজৰ আ-অলংকাৰসমূহ নথকাত ক্ৰন্দনত ভাগি পৰে ৷

পাছত ডবাটোত থকা লোকসকলে বিচাৰ-খোচাৰৰ অন্তত চোৰটোক শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰি কৰায়ত্ত কৰে আৰু মহিলা দুগৰাকীৰ সোণৰ আ-অলংকাৰসমূহ উদ্ধাৰ কৰে । পাচত অভিযুক্ত চোৰটোক বৰপেটাৰোড ৰে’লৱে আৰক্ষীক গতাই দিয়া হয় ।

ধৃত চোৰটোৰ নাম সজল দেৱনাথ বুলি জানিব পৰা গৈছে । বৰ্তমান বৰপেটাৰোড ৰে’ল আৰক্ষীৰ জিম্মাত আছে চোৰটো ৷

লগতে পঢ়ক: চোৰে চাফাই অভিযান চলালে মহিলা সাংবাদিকৰ ভাড়াঘৰত - Theft In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.