ETV Bharat / state

হজৰ বাবে উৰা মাৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ 326 জনীয়া প্ৰথমটো হজযাত্ৰীৰ দল - HAJJ Yatra from NE region

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 5:54 PM IST

Hajj Pilgrims 2024: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো হজযাত্ৰীৰ দল ৰাওনা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ হজ আদায়ৰ বাবে । বিশেষ বিমান জৰিয়তে 326 জন যাত্ৰীয়ে এই হজযাত্ৰা আৰম্ভ কৰে ।

Hajj Pilgrims 2024
মদিনালৈ যাত্ৰা কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ 3700 গৰাকী হজযাত্ৰীয়ে (ETV BHARAT ASSAM)

মদিনালৈ যাত্ৰা কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ 3700 গৰাকী হজযাত্ৰীয়ে (ETV BHARAT ASSAM)

বৰঝাৰ, 16 মে’ : উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আৰম্ভ হ’ল পৱিত্ৰ হজ যাত্ৰা । বৃহস্পতিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মদিনালৈ 326 গৰাকী হজযাত্ৰী ৰাওনা হয় । ইতিমধ্যে বৰঝাৰস্থিত বিমানবন্দৰ চৌহদত হজযাত্ৰীসকলৰ সুবিধাৰ বাবে অস্থায়ী পেণ্ডেল গঢ়ি সুন্দৰ ব্যৱস্থা কৰা হৈছে ।

উত্তৰ পূৰ্বাঞ্চলৰ পৰা এইবাৰ যাত্ৰা কৰিবলগীয়া 3700 হজযাত্ৰীৰ ভিতৰত 4153 গৰাকী পুৰুষ আৰু 1943 গৰাকী মহিলা হজযাত্ৰী আছে । ইয়াৰে বৃহস্পতিবাৰে 326 গৰাকী হজযাত্ৰীয়ে যাত্ৰা কৰে মক্কা-মদিনা অভিমুখে । অহা 16 মে’ৰ পৰা 25 জুনলৈ চলিব এই হজযাত্ৰা ৷

হজ কমিটীয়ে ব্যৱস্থা কৰা বিশেষ বিমান জৰিয়তে হজযাত্ৰীৰ প্ৰথমটো গোটে আজি যাত্ৰা আৰম্ভ কৰে । এই বিশেষ বিমানখনত একেলগে 326 জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব । নিতৌ এই বিমানখন বিয়লিভাগত মক্কা অভিমুখে উৰা মাৰিব । পৰৱৰ্তী সময়ত অহা 19 মে’ত দুখনকৈ বিমান উৰিব মদিনালৈ ।

বিমানবন্দৰত হজযাত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰবাবেও বিশেষ ব্যৱস্থা হাতত লৈছে উত্তৰ-পূব হজ অভ্যৰ্থনা কমিটীয়ে । বিমানবন্দৰৰ অস্থায়ী শিবিৰত হাজীসকলৰ বাবে চেক ইন কাউন্টাৰ, ইমিগ্ৰেচন কাউন্টাৰ, স্কেনাৰ আদি ব্যৱস্থা কৰা হৈছে ।

বিমানবন্দৰত অস্থায়ী শিৱিৰৰ পৰা বিমানবন্দৰৰ টাৰ্মিনেললৈ হাজীসকলক পোনপটীয়াকৈ বাছেৰে লৈ গৈ বিমানলৈ নিয়া হয় । এই হজযাত্ৰাৰ শিৱিৰ মুকলি কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু উত্তৰ-পূব হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে ৷

হজযাত্ৰীসকলে কৰিবলগীয়া আৰু নকৰিবলগীয়া কামবোৰ: হজ যাত্ৰাৰ সময়ত যাত্ৰীসকলে কেতবোৰ নিয়ম মানি চলিব লাগে ৷ অসমৰ পৰা একাংশ হজযাত্ৰীক পোনপটীয়াকৈ মক্কালৈ লৈ যোৱাৰ বিপৰীতে আন একাংশক লৈ যোৱা হয় মদিনালৈ । গুৱাহাটীৰ পৰা চিধা মক্কালৈ যোৱা হজযাত্ৰীসকলে গুৱাহাটীতেই নিয়ম অনুযায়ী বান্ধিব লাগে হজৰ এহৰাম । কিন্তু মদিনালৈ যোৱা যাত্ৰীসকলে গুৱাহাটীৰ বিপৰীতে মদিনাৰ পৰা মক্কালৈ যোৱাৰ সময়তহে এহৰাম বান্ধিব লাগে ।

লগতে পঢ়ক: হজযাত্ৰা কৰিবলৈ ইচ্ছুক নেকি ? হজলৈ যোৱাৰ পূৰ্বে জানি লওঁক এইসমূহ নিয়ম - rules of going to Hajj

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.