টিংখাঙত প্ৰথম এডুকেছন ফাউণ্ডেচনৰ উদ্যোগত বিনামূলীয়া পাঠদান

By

Published : Oct 8, 2021, 5:22 PM IST

thumbnail

সৰ্বভাৰতীয় পৰ্যায়ৰ বেচৰকাৰী শিক্ষা সংস্থা প্ৰথম এডুকেছন ফাউণ্ডেচনৰ প্ৰশংসনীয় পদক্ষেপ ৷ টিংখাঙৰ তিনিআলি চাহ বাগিচাত, বাগিচাৰ পৰিচালকৰ সহযোগত চুবুৰী ভিত্তিত ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান আগবঢ়াই আহিছে থম এডুকেছন ফাউণ্ডেচনে ৷ যাৰ ফলত শৈক্ষিক ক্ষেত্ৰত যথেষ্ট পৰিমাণে উপকৃত হৈছে কণ কণ শিক্ষাৰ্থীসকল ৷ উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ ফলত বিগত বৰ্ষৰ দৰে চলিত শিক্ষাবৰ্ষতো ছাত্ৰ ছাত্ৰী সকল শৈক্ষিক দিশত যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ পাঠদান নোহোৱাৰ বাবে শৈক্ষিক পাঠ্যক্ৰমৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকল বহুখিনি পিছ পৰি থাকিবলগীয়া হৈছে ৷ তেনে সময়তে কণ কণ শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম এডুকেছন ফাউণ্ডেচনে আগষ্ট মাহত গণিত আৰু চলিত মাহত ভাষাৰ ওপৰত পাঠদানৰ কাৰ্যসূচী আগবঢ়াইছে ৷ প্ৰথম এডুকেছন ফাউণ্ডেচনৰ উদ্যোগত সপ্তাহত 6 দিনকৈ বিনামূলীয়া পাঠদান আগবঢ়াই আহিছে বাগিচাৰ একাংশ শিক্ষিত যুৱক যুৱতীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.