ETV Bharat / politics

কোন হ’ব ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী ? - New CM of Odisha

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 10:54 PM IST

Odisha Election 2024: নবীন পাটনায়কৰ ২৪ বছৰীয়া শাসনক ওফৰাই ওড়িশাত মচনদ দখল কৰিলে বিজেপিয়ে ৷ কিন্তু কোন হ’ব বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ? বহুকেইগৰাকী নেতা নামিছে মুখ্যমন্ত্ৰী পদৰ দৌৰত ৷

Odisha Election 2024
Next Chief Minister of Odisha (ETV Bharat)

নিউজ ডেস্ক, ৫ জুন: ২০২৪ চনৰ ওড়িশা বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৪৭ খন আসনৰ ভিতৰত ৭৮ খন আসন লাভ কৰি অভূতপূৰ্ব প্ৰদৰ্শন কৰিছে । ২৪ বছৰ ধৰি ওড়িশাত শাসন চলোৱা বিৰ্জু জনতা দলক পৰাস্ত কৰিছে গেৰুৱা দলটোৱে । এতিয়া ডাঙৰ প্ৰশ্নটো উত্থাপন হৈছে যে ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ? বিজেপিৰ বহু হেভীৱেট নেতা এতিয়া মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে ৷ ওড়িশাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত জল্পনা-কল্পনা চলি থকাৰ মাজতে বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি মনমোহন সমলে জনায় যে দলটোৰ সংসদীয় ব’ৰ্ডে এদিন বা দুদিনৰ পাচত এই সন্দৰ্ভত সিদ্ধান্ত ল’ব ।

ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত জল্পনা-কল্পনা অব্যাহত আছে । মুখ্যমন্ত্ৰী পদৰ দৌৰত থকা নামসমূহৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডা, ভুৱনেশ্বৰৰ সাংসদ অপৰাজিতা সাৰংগী, বালাছোৰৰ সাংসদ প্ৰতাপ সাৰংগী, সুৰেশ পূজাৰী আৰু CAG গিৰীশ চন্দ্ৰ মুৰ্মূ ।

লগতে পঢ়ক: সুদূৰ পৰাহত চৰকাৰ গঠনৰ সপোন, তথাপিও সঠিক সময়ৰ সন্ধানত ইণ্ডিয়া - Opposition meeting in Delhi

ধৰ্মেন্দ্ৰ প্ৰধান: কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সম্বলপুৰৰ লোকসভাৰ আসনৰ পৰা জয়লাভ কৰা ধৰ্মেন্দ্ৰ প্ৰধান ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰ দৌৰত আগবাঢ়ি আছে । সম্বলপুৰত বিজেডিৰ হেভিৱেট প্ৰাৰ্থী প্ৰণৱ প্ৰকাশ দাসক ১ লাখ ১৯ হাজাৰ ৮৩৬ ভোটত পৰাস্ত কৰা ধৰ্মেন্দ্ৰ প্ৰধান এতিয়া মুখ্যমন্ত্ৰী পদৰ মূল প্ৰতিদ্বন্দ্বী ।

CAG গিৰীশ চন্দ্ৰ মুৰ্মূ: বৰ্তমান মুখ্যমন্ত্ৰীৰ দৌৰত থকা আন এটা চৰ্চিত নাম হৈছে CAG গিৰীশ মুৰ্মূ । জম্মু আৰু কাশ্মীৰ পুনৰ গঠন আইন ২০১৯ৰ অধীনত জম্মু আৰু কাশ্মীৰক নতুন কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ পিচত মুৰ্মূৱে জম্মু আৰু কাশ্মীৰৰ প্ৰথম লেফটেনেণ্ট গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । গিৰীশ চন্দ্ৰ মুৰ্মূৰ জন্ম ১৯৫৯ চনৰ ২১ নৱেম্বৰত ওড়িশাৰ ময়ূৰভঞ্জ জিলাত হৈছিল ৷

লগতে পঢ়ক: চৰকাৰ গঠন কৰিবলৈ সাজু এন ডি এ : 7 জুনত অনুমতি বিচাৰিব ৰাষ্ট্ৰপতিৰ - NDA to Meet President on June 7

প্ৰতাপ সাৰংগী: বালাসোৰৰ সাংসদ প্ৰতাপ সাৰংগী 'ওড়িশাৰ মোদী' নামেৰে পৰিচিত । নতুন মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চা লাভ কৰিছে সাৰংগীয়েও । ২০১৯ চনৰ নিৰ্বাচনত বালাছোৰ লোকসভা সষ্টিৰ পৰা জয়লাভ কৰাৰ পিচত সাংসদ প্ৰতাপ সাৰংগী সমগ্ৰ দেশতে চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিল । আনকি, প্ৰতাপ মোদী চৰকাৰত মন্ত্ৰীও হৈছিল । অৱশ্যে এতিয়া প্ৰতাপ সাৰংগী ওড়িশাৰ মুখ্যমন্ত্ৰীৰ দৌৰত আছে ।

বৈজয়ন্ত পাণ্ডা: ৰাজ্যৰ আন এগৰাকী হেভিৱেট নেতা তথা তিনিবাৰকৈ কেন্দ্ৰপাৰাৰ সাংসদ বৈজয়ন্ত পাণ্ডাও মুখ্যমন্ত্ৰীৰ দৌৰত আগবাঢ়ি আছে । বৰ্তমান তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি আৰু কেন্দ্ৰপাৰাৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে ।

সুৰেশ পূজাৰী: বৰগড়ৰ প্ৰাক্তন সাংসদ তথা এতিয়া ব্ৰজৰাজনগৰ আসনৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত সুৰেশ পূজাৰীও নতুন মুখ্যমন্ত্ৰীৰ বাবে দৌৰত নামিছে । বিজেপিৰ প্ৰাৰ্থীক ২৬৭৮৯ ভোটত পৰাস্ত কৰা সুৰেশ পূজাৰী বিজেপিৰ এজন জনপ্ৰিয় নেতা ।

লগতে পঢ়ক: তৃতীয়টো কাৰ্যকালৰ বাবে সাজু নৰেন্দ্ৰ মোদী, 7 জুনত দিল্লীত এন ডি এ ৰ বৈঠক - NDA meeting in New Delhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.