আৰক্ষীৰ জালত ড্ৰাগছসহ 8 সৰবৰাহকাৰী - Drug Paddler Held

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 10:26 PM IST

thumbnail
তুলসীবাৰীত 8 টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক (ETV BHARAT ASSAM)

ধেমাজি, 5 জুন : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি থকাৰ সময়তে ধেমাজি সদৰ আৰক্ষীয়ে কেবাটাও ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ বুধবাৰে বিয়লি এক গোপন সূত্ৰৰ পমখেদি ধেমাজি সদৰ আৰক্ষী থানাৰ অধীনৰ তুলসীবাৰীত 8 টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ কৰিবলৈ সক্ষম হয় ৷  

ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা পৰা 5 গ্ৰাম হেৰ’ইন আৰু 5 টা ম’বাইল হেণ্ডচেট উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ইফালে জিলাখনত আৰক্ষীৰ ডাগছ বিৰোধী অভিযানলৈ কেৰেপ নকৰি অব্যাহত থকা এনে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ আৰু আসক্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ সেয়ে কৰায়ত্ব কৰা সবৰাহকাৰী কেইটাৰ বাবে আৰক্ষীক ধন্যবাদ জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : শোণিতপুৰৰ ৰঙাপৰাত নৃশংস হত্য়াকাণ্ড, দুই হত্যাকাৰীক জেললৈ - Murder At Rangapara

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.