ETV Bharat / state

শোণিতপুৰৰ ৰঙাপৰাত নৃশংস হত্য়াকাণ্ড, দুই হত্যাকাৰীক জেললৈ - Murder at Rangapara

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 8:02 PM IST

Brutal murder: মঙলবাৰে শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত হয় এক নৃশংস হত্য়াকাণ্ড । দুই হত্যাকাৰীয়ে চোকা অস্ত্ৰৰে ঘঁপিয়াই হত্যা কৰে এজন সুৰাৰ ৰাগীত মাতাল লোকক । ইতিমধ্য়ে দুই হত্যাকাৰীক আৰক্ষীয়ে আটক কৰি প্ৰেৰণ কৰে জেল হাজোতলৈ ।

Brutal murder at Rangapara in Sonitpur, two killers sent to jail
শোণিতপুৰৰ ৰঙাপৰাত নৃশংস হত্য়াকাণ্ড (ETV Bharat Assam)

ৰঙাপৰা,৫ জুন: মঙলবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । দুই ব্যক্তিয়ে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে গাঁওখনত অশান্তি সৃষ্টি কৰা এজন ব্যক্তিক । ঘটনাৰ বিৱৰণী অনুসৰি নিশা প্ৰায় ৭ মান বজাত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰজুলি চাহ বাগিচাৰ ১৬ নং শ্ৰমিক লাইনত সংঘটিত হয় উক্ত হত্যাকাণ্ড । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰঙাপৰা অঞ্চলত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।

অভিযোগ অনুসৰি মঙলবাৰে দিনৰ ভাগৰে পৰা অত্যধিক সুৰাপান কৰি বৰজুলিৰ লৰ্গ হাচাপূৰ্তিৰ পুত্ৰ মংগল হাচাপূৰ্তিয়ে হাতত এখন কুঠাৰ লৈ শ্ৰমিক লাইনটোত আতংকৰ সৃষ্টি কৰিছিল । সন্ধিয়া সময়ত হাতত কুঠাৰখন লৈ লোকজনে একেটা শ্ৰমিক লাইনৰ দীপক মুণ্ডাৰ ঘৰৰ বেৰা ভাঙি প্ৰৱেশ কৰে আৰু তেখেতৰ পত্নীক শালীনতা হানি চেষ্টা কৰে । লম্পট মংগল হাচাপূৰ্তিয়ে এনে কাৰ্য সংঘটিত কৰাত দীপক মুণ্ডা আৰু বুধুৱা কান্দুলনাই খঙত অগ্নিশৰ্মা হৈ পৰে আৰু দুয়োজনে হাতত চোকা অস্ত্ৰ লৈ খেদি যায় ।

পাচত নিচাত মাতাল হৈ থকা লোকজনে ভয়তে পলাবলৈ চেষ্টা কৰাৰ সময়তে পথৰ ওপৰত বাগৰি পৰে আৰু দুয়োজনে চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰে । চোকা অস্ত্ৰৰ প্ৰহাৰত মংগল হাচাপূৰ্তিয়ে থিতাতে মৃত্যুক সাৱটি লয় । ইফালে ঘটনাৰ খবৰ পোৱাৰ পাচত ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ আৰু দুই হত্যাকাৰীক আটক কৰাৰ লগতে তেজেৰে ৰাঙলী হৈ পৰা মৃতদেহটো উদ্ধাৰ কৰে । বুধবাৰে ৰঙাপৰা আৰক্ষীয়ে ৪০/২৪ নম্বৰত এটি গোচৰ ৰুজু কৰি হত্যাকাৰী দুটাক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: লিডু আই টি আইৰ ছাত্ৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তিনি অভিযুক্তক আটক - Mysterious Death In Ledo

অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : কোনে হত্যা কৰিলে সুনীল গগৈক ? - Mysterious Death In Lakhimpur

গুৱাহাটীত ছুৰিকাঘাতৰ ঘটনা: আৰক্ষীৰ জালত উদভ্ৰান্ত প্ৰেমিক ! - Stabbing Incident In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.