অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : কোনে হত্যা কৰিলে সুনীল গগৈক ? - Mysterious Death In Lakhimpur
Murder in Lakhimpur : দেওবাৰে পুৱাই এক বীভৎস ঘটনাই জোকাৰি গৈছে লখিমপুৰ জিলা । জিলাখনৰ সাপতীয়াত শনিবাৰে নিশা আততায়ীয়ে এজন যুৱকক ডিঙি কাটি হত্যা কৰি মৃতদেহটো জ্বলাই দিয়ে ।

Published : June 2, 2024 at 2:07 PM IST
লখিমপুৰ, ২ জুন : দেওবাৰে পুৱাই এক জঘন্য ঘটনাই জোকাৰি যায় লখিমপুৰ জিলা । জিলাখনৰ ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । নিশা আততায়ীয়ে ডিঙি কাটি জ্বলাই দিলে বিজেপিৰ ঢকুৱাখনা মণ্ডল কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক সুনীল গগৈক । শনিবাৰে গধূলি ঘৰৰ পৰা ওলাই যোৱা গগৈক দেওবাৰে ঘৰৰ ওচৰৰে চুমণি নামৰ স্থানত অৰ্ধদগ্ধ আৰু মুণ্ডহীন অৱস্থাত উদ্ধাৰ কৰা হয় ।
আততায়ীয়ে সুনীলক হত্যা কৰি মৃতদেহটো জ্বলাই দিয়াৰ সন্দেহ কৰে স্থানীয় লোকে । ঘৰৰ পৰা মাথোঁ তিনি চাৰিশ মিটাৰ নিলগতে লোকজনক জঘন্যভাৱে হত্যা কৰা হয় । নিশাৰ আহাৰ গ্ৰহণ কৰি তেওঁ ওলাই যোৱাৰ পাচতে নৃশংসভাৱে তেওঁক হত্যা কৰা হয় । এই ঘটনাক পৰিয়ালৰ লোকে পৰিকল্পিতভাৱে হত্যা বুলি অভিযোগ উত্থাপন কৰে ।
উল্লেখ্য যে, যোৱা ১৩ মে'ত ঢকুৱাখনাৰ ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক দুৰ্নীতি নিবাৰকৰ হাতত ধৰাই দিয়াৰ ক্ষেত্ৰত সহায় কৰাৰ বাবেই কোনো দুষ্টচক্ৰই এনেদৰে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় লোকে । কিছুদিনৰ পৰা লোকজনে ভাবুকিৰ সন্মুখীন হৈ অহা বুলি তেও ৰ পত্নীয়ে সদৰী কৰে ।
এইক্ষেত্ৰত সুনীল গগৈয়ে কাৰ্যবাহী অভিযন্তাজনক ধৰাই দিয়াত সহায় কৰাৰ বাবে ক্ষুন্ন হোৱা কোনো পক্ষ জড়িত হৈ থাকিব পাৰে বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
ইপিনে গুৱাহাটীৰ পৰা অপৰাধ অনুসন্ধান বিভাগৰ এটা দলো ঘটনাস্থলীলৈ ৰাওনা থকা বুলি জানিবলৈ দিয়ে । বিভাগৰ সঠিক অনুসন্ধানৰ পিছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ।

