ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; অভিযোগৰ আঙুলি স্বামীগৃহলৈ - woman mysterious death in Dhemaji

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 11:40 AM IST

thumbnail
ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ নশ্বৰ দেহ (Etv bharat assam)

ধেমাজি, 1 জুন: ৰাজ্যত পুনৰ বোৱাৰীৰ আত্মহত্যা ৷ ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত খুৱলীয়া গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনাটো ৷ অৱশ্যে পৰিয়ালৰ লোকে এই ঘটনাক আত্মহত্যাৰ পৰিৱৰ্তে পৰিকল্পিত হত্যা বুলিহে অভিযোগ তুলিছে ৷ জানিব পৰা মতে, মৃত বোৱাৰীগৰাকী তৰালী কোঁচ গগৈ ৷

মৃত বোৱাৰীগৰাকীৰ ওপৰত দীৰ্ঘ দিন ধৰি বহু শাৰীৰিক-মানসিক অত্যাচাৰ কৰাৰ অভিযোগ ছোৱালী পক্ষৰ ৷ মাতৃপক্ষই এয়া আত্মহত্যা নহয় বৰঞ্চ হত্যাৰ ঘটনা বুলি দাবী কৰিছে ৷ লগতে 18 বছৰ নৌহওঁতেই তৰালীক পলুৱাই বিয়া পাতিছিল বুলি গুৰুতৰ অভিযোগ তুলিছে মৃত বোৱাৰীগৰাকীৰ স্বামীৰ বিৰুদ্ধে ৷ আনকি ঘটনা সন্দৰ্ভত বাল্য বিবাহ সম্বন্ধীয় এক গোচৰো ছোৱালী পক্ষই দাখিল কৰিছিল বুলি মন্তব্য কৰিছে ৷

ৰহস্যজনকভাৱে ঘটনাৰ পিছতে স্বামী ৰমেশ গগৈৰ কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে ৷ ইফালে ঘটনাস্থলীত ধেমাজি আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ৰহস্যজনক আত্মহননৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ 

লগতে পঢ়ক: "ঘটনাৰ দোষী সাৰি যাব নোৱাৰে" পংখী সন্দিকৈৰ হত্যাকাণ্ড সন্দৰ্ভত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক - Mysterious Death Of Pankhi Handique

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.