মোদী-হিমন্তৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ - Jayanta Malla on Charaideo Moidam - JAYANTA MALLA ON CHARAIDEO MOIDAM
🎬 Watch Now: Feature Video


Published : July 27, 2024 at 7:57 AM IST
গুৱাহাটী, 27 জুলাই : দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ বৈঠকত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামত পৰিল ছীল-মোহৰ । বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে আনুষ্ঠানিকভাৱে ইউনেস্কোই চৰাইদেউ মৈদামৰ নাম ঘোষণা কৰাৰ পাচতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷
মন্ত্ৰীগৰাকীয়ে কয়, ‘‘চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰবোৰৰ ভিতৰত স্থান লাভ কৰাৰ বাবে অতি সুখী হৈছো । সংস্কৃতিৰ লগত জড়িত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে চৰাইদেউ । চৰাইদেউৰ বাবে আমাৰ পৰ্যটন উদ্যোগৰ যথেষ্ট উন্নতি সাধন হ’ব ।" পৰ্যটন মন্ত্ৰী হিচাপে এই খবৰে মন্ত্ৰীগৰাকীৰ মন যথেষ্ট আহ্লাদিত কৰাৰ লগতে এই স্বীকৃতি লাভৰ বাবে মন্ত্ৰী বৰুৱাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা জনায় ৷
উল্লেখ্য যে, শুকুৰবাৰে গড়চুকস্থিত দক্ষতা বিকাশ প্ৰশিক্ষণ অভিযানৰ কাৰ্যালয়ত অনুষ্ঠিত নিযুক্তি পত্ৰ বিতৰণ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ বৰুৱাই অনুষ্ঠানটোত উপস্থিত থাকি শুকুৰবাৰে 60 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰে নিয়োগ পত্ৰ । বিভিন্ন বেচৰকাৰী ক্ষেত্ৰত চাকৰি প্ৰত্যাশী শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হয় এই নিয়োগ পত্ৰ ।