কৰ্তব্যৰত সাংবাদিকক আৰক্ষীয়ে কৰা অভব্য আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ - Police misbehave with journalist - POLICE MISBEHAVE WITH JOURNALIST
🎬 Watch Now: Feature Video


Published : July 26, 2024 at 10:15 PM IST
কাজিৰঙা,২৬ জুলাই: কৰ্তব্যৰত অৱস্থাত সাংবাদিকক আৰক্ষীয়ে কৰা অসৌজন্যমূলক আচৰণৰ বিৰুদ্ধে বিভিন্ন জাতীয় দল-সংগঠনৰ সহযোগত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাই শুকুৰবাৰে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী । যোৱা ৭ জুলাইত কাজিৰঙাত বানে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত বন্য জীৱকুল আৰু বান উপদ্ৰুত গ্ৰামাঞ্চলৰ বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়ত এটা সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মী মনোজ প্ৰতিম শইকীয়া আৰু তেওঁৰ এগৰাকী সহযোগীৰ সৈতে আৰক্ষীয়ে অভব্য আচৰণ কৰি ৰাজহুৱাভাৱে অপদস্থ কৰে ।
ইয়াৰ প্ৰতিবাদত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ উদ্যোগত আৰু একাংশ জাতীয় সংগঠনৰ সহযোগত উক্ত দিনাই প্ৰতিবাদ সাব্যস্ত কৰাৰ কিছু সময়ৰ পাচতেই গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকগৰাকী উপস্থিত হৈ ২৪ ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মৌখিক প্ৰতিশ্ৰুতি প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখা হয় । কিন্তু, ইতিমধ্যে ১৭/১৮ দিন পাৰ হৈ যোৱাৰ পাচতো অধীক্ষকগৰাকীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত শুকুৰবাৰে কাজিৰঙাৰ কহঁৰাত সন্থাই পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অহা তিনিদিনৰ ভিতৰত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আৰু গোলাঘাটৰ জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।