নলবাৰীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্গিল বিজয় দিৱস পালন - Kargil Vijay Diwas 2024 - KARGIL VIJAY DIWAS 2024

🎬 Watch Now: Feature Video

thumbnail
নলবাৰীত কাৰ্গিল বিজয় দিৱস পালন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 26, 2024 at 10:43 PM IST

1 Min Read
Choose ETV Bharat

নলবাৰী, ২৬ জুলাই : আজি ২৬ জুলাই ৷ ২৬ জুলাই দিনটোতেই দেশে পাক সেনাক ৰুধি জয়ী হৈছিল কাৰ্গিল যুদ্ধত ৷ উক্ত দিনটোৰ লগত সংগতি ৰাখি নলবাৰীতো কাৰ্গিল বিজয় উৎসৱ উদযাপন কৰা হয় ৷ নলবাৰী চহৰৰ হাজো ৰোডস্থিত শিৱ মন্দিৰ প্ৰাংগণত ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত বিজয়ী সেনালৈ কৃতজ্ঞতা জনোৱাৰ লগতে ৫২৭ গৰাকী শ্বহীদ জোৱানলৈ শ্ৰদ্ধা জনাই ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলা সমিতিয়ে ৷

উল্লেখযোগ্য যে ১৯৯৯ চনত পাক সেনাক পৰাভূত কৰি ভাৰতীয় সেনাই কাৰ্গিল দখল কৰিবলৈ সক্ষম হৈছিল ৷ কাৰ্গিল দখলৰ আনুষ্ঠানিক ঘোষনাৰ পিচতে দেশবাসীয়ে তেতিয়াৰ পৰাই আজিৰ দিনটোত কাৰ্গিল বিজয় উৎসৱ উদযাপন কৰি আহিছে ৷

শুকুৰবাৰে নলবাৰী জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত কাৰ্গিল বিজয় উৎসৱত প্ৰথমে ৫২৭ শ্বহীদ জোৱানক শ্ৰদ্ধা জনাই নলবাৰীৰো কেবাগৰাকীও শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় ৷ আজিৰ এই বিজয় উৎসৱত উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভাপতি মৃগাংক দাস, ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ সভাপতি আৰু সম্পাদক ক্ৰমে মৃগাংক তালুকদাৰ আৰু পুলক শৰ্মাৰ লগতে বহু আমন্ত্ৰিত অতিথি, শ্বহীদ পৰিয়ালৰ লোক আৰু দলীয় কৰ্মীসকল ৷

লগতে পঢ়ক : কাৰ্গিল যুদ্ধৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ: শ্বিনকুন লা-টানেল প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details