ETV Bharat / state

গুৱাহাটীত ছুৰিকাঘাতৰ ঘটনা: আৰক্ষীৰ জালত উদভ্ৰান্ত প্ৰেমিক ! - Stabbing incident in guwahati

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 1:57 PM IST

Stabbing incident in Guwahati : আৰক্ষীৰ জালত পৰিল বেলতলা চাৰ্ভেৰ আস্থা এপাৰ্টমেণ্টৰ তৃতীয় মহলাত সংঘটিত নৃশংস ঘটনাটোৰ অভিযুক্ত ৷ ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে ৷

Stabbing incident in guwahati
গুৱাহাটীত চুৰিকাঘাটৰ ঘটনা (Etv Bharat)

গুৱাহাটী, 2 জুন: প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই প্ৰেমিকাক হত্যাৰ চেষ্টা চলোৱা নৃশংস ঘটনাটোৰ অভিযুক্ত অৱশেষত পৰিল আৰক্ষীৰ জালত ৷ পশ্চিমবংগৰ আলিপুৰ দুৱাৰৰ এখন হোটলত আত্মগোপন কৰি আছিল অভিযুক্ত ৷ অভিযুক্তজন অমিত ভৌমিক বুলি জানিব পৰা গৈছে ৷ গোপন সূত্ৰৰ পম খেদি শনিবাৰৰ নিশা বহিঃৰাজ্যৰ এখন হোটেলৰ পৰা দিছপুৰ থানাৰ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । অভিযুক্ত অমিতক লৈ ইতিমধ্যে দিছপুৰ থানাত উপস্থিত হৈছে অভিযানকাৰী আৰক্ষীৰ দল ।

উল্লেখ্য যে, 30 মে'ৰ নিশা মহানগৰীৰ বেলতলা চাৰ্ভেৰ আস্থা এপাৰ্টমেণ্টৰ 3য় মহলাত সংঘটিত হৈছিল এটা ছুৰিকাঘাতৰ ঘটনা । উত্থাপিত অভিযোগ অনুসৰি প্ৰেম প্ৰত্যাখান কৰাৰ বাবে চুৰিৰে হানি-খুচি হত্যা কৰাৰ চেষ্টা চলোৱা হৈছিল প্ৰেমিকাক । বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত প্ৰেমিকা ঘটনাটোৰ অভিযুক্ত অমিত ভৌমিকৰ সহকৰ্মী আছিল বুলি জানিব পৰা গৈছে ।

কিন্তু বিগত কিছু দিন ধৰি ভুক্তভোগী যুৱতীগৰাকীয়ে ঘটনাৰ অভিযুক্ত অমিতক এৰাই চলিবলৈ ধৰাৰ বাবে উন্মাদপ্ৰিয় হৈ প্ৰেমিক অমিত ভৌমিকে ছুৰীৰে হানি-খুচি হত্যা কৰাৰ চেষ্টা চলাই বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে অমিতৰ বিৰুদ্ধে ।

উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ দুদিন পূৰ্বে ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযুক্ত অমিতে অনুসৰণ কৰি থকা বুলি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল অমিত ভৌমিকৰ বিৰুদ্ধে । কিন্ত অভিযোগ অনুসৰি বৃহস্পতিবাৰৰ সন্ধিয়া চুৰিৰে ডিঙি, পেট, হাতত আক্ৰমণ কৰিছিল অমিত ভৌমিকে ।

জানিব পৰা মতে, ভুক্তভোগী যুৱতীগৰাকীৰ সৈতে অমিত ভৌমিকৰ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল । কিন্তু কিছুদিন ধৰি প্ৰেমিকাই অমিত ভৌমিকক এৰাই চলি ভাৰ্গৱ বৰা নামৰ আন এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল । প্ৰেমজনিত কাৰণতে এই নৃশংস ঘটনা সংঘটিত হয় বুলি প্ৰাথমিকভাবে সন্দেহ কৰা হৈছে । আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: মোৰ যদি নোহোৱা, কাৰোৰে হ’বলৈ নিদিও... প্ৰেম প্ৰত্যাখ্যানৰ অভিযোগত যুৱতীক প্ৰাণে মৰাৰ চেষ্টা - Stabbing in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.