ETV Bharat / entertainment

দীপিকা-ৰণবীৰে দেখুৱালে ছ’ন’গ্ৰাফী ৰিপ’ৰ্ট, ভাইৰেল ছবিখনৰ সত্যতা কি ? - DEEPIKA PADUKONE SONOGRAM

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 6:39 PM IST

Deepika Padukone Sonogram Photo: তাৰকা স্বামী ৰণবীৰ সিঙৰ সৈতে দীপিকা পাডুকনৰ এখন ছবি শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে । এই ভাইৰেল ছবিখনত দীপিকাই হাতত ছ’ন’গ্ৰাফী ৰিপ’ৰ্টটো লৈ আছে, আহকচোন এই ছবিখনৰ সত্যতা জানো ।

Deepika Padukone And Ranveer Singh Share of First Baby Fact Check
দীপিকা-ৰণবীৰে দেখুৱালে ছ’ন’গ্ৰাফী ৰিপ’ৰ্ট, ভাইৰেল ছবিখনৰ সত্যতা কি ? (ETV Bharat Hindi Team)

চিটাৰা ডেস্ক, 16 মে’: চলিত বৰ্ষত প্ৰথম সন্তানৰ পিতৃ-মাতৃ হ’বলৈ ওলাইছে বলীউডৰ তাৰকা দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকনে ৷ ফেব্ৰুৱাৰী মাহত অনুৰাগীক গৰ্ভধাৰণৰ ভাল খবৰ দিছিল দীপবীৰে ৷ একে সময়তে তাৰকা দম্পতীটোৱে নিজৰ অনুৰাগীসকলকো জনাইছিল যে ২০২৪ চনৰ কেতিয়া আৰু কোন মাহত তেওঁলোক পিতৃ-মাতৃ হ’ব ৷

এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ ছ’ন’গ্ৰাফী ৰিপ’ৰ্ট ৷ ভাইৰেল হোৱা এই ছবিখনত ৰণবীৰ আৰু দীপিকাক দেখা গৈছে আৰু দীপিকাই হাতত ছ’ন’গ্ৰাফী ৰিপ’ৰ্টটো লৈ আছে ৷

ছবিখনত দেখাৰ দৰে অতি শীঘ্ৰেই প্ৰথমবাৰৰ বাবে মাতৃ হ’বলৈ ওলোৱা দীপিকাৰ হাতত পোলাৰয়ড আৰু আল্ট্ৰাছাউণ্ড ৰিপ’ৰ্ট আছে, চেলিব্ৰিটিৰ মাজত গৰ্ভধাৰণৰ কথা ঘোষণা কৰাৰ এইটো এটা অতি ট্ৰেণ্ডি উপায় ৷ উল্লেখ্য যে, ৰণবীৰ আৰু দীপিকাৰ এই ফটোখন ১৩ মে’ৰ পৰা ভাইৰেল হৈ আছে ৷ ইয়াত ৰণবীৰ সিঙে গৰ্ভৱতী পত্নী দীপিকাক কোলাত ধৰি ৰাখিছে ৷

ভাইৰেল ছবিখনৰ সত্যতা কি ?

উল্লেখ্য যে, ৰণবীৰ সিং আৰু দীপিকা পাডুকন ভাইৰেল ছবিখনত নাই ৷ বৰঞ্চ এআইৰ প্ৰযুক্তিৰে নিৰ্মিত ফটো ৷ ভাইৰেল ছবিখন হৈছে ১৩ মে’ত গৰ্ভধাৰণৰ কথা ঘোষণা কৰা হালিমে কুকাকৰ ৷ একে সময়তে এই ছবিখনত এই সৌন্দৰ্যৰ হাঁহিটো দীপিকা পাডুকনৰ হাঁহিৰ সৈতে হুবহু মিল আছে ৷

কেতিয়া মাতৃ হ’ব দীপিকা ?

জনাই দিও যে, ফেব্ৰুৱাৰী মাহত এটা পোষ্ট মুকলি কৰি দীপিকাই নিজৰ অনুৰাগীক গৰ্ভধাৰণৰ ভাল খবৰ দিছিল ৷ লগতে কোৱা হৈছিল যে তাৰকা দম্পতীয়ে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত প্ৰথম সন্তানক আদৰিবলৈ ওলাইছে ৷

দীপিকা পাদুকনৰ ৱৰ্কফ্ৰণ্ট

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে দীপিকা পাডুকনক শেহতীয়াকৈ হৃতিক ৰোশনৰ সৈতে ফাইটাৰ ছবিত দেখা গৈছিল । ছবিখনত দীপিকাক বায়ুসেনাৰ পাইলটৰ চৰিত্ৰত দেখা গৈছিল । ভায়াকম১৮ ষ্টুডিঅ’ আৰু মাৰ্ফ্লিক্স পিকচাৰ্ছৰ দ্বাৰা নিৰ্মিত এই ছবিখন আছিল একচন আৰু আৱেগেৰে ভৰা আখ্যানত বোৱা সাহস, দৃঢ়তা আৰু প্ৰেমৰ এক ৰোমাঞ্চকৰ কাহিনী ।

লগতে পঢ়ক: গ্ল’বেল প্লেটফৰ্মত শেহতীয়া কি বিশেষ কৃতিত্বৰে জিলিকিল দীপিকা পাডুকন ? - Deepika Padukone

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.