ETV Bharat / entertainment

গ্ল’বেল প্লেটফৰ্মত শেহতীয়া কি বিশেষ কৃতিত্বৰে জিলিকিল দীপিকা পাডুকন ? - Deepika Padukone

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 1:42 PM IST

Deepika Padukone Global Disruptors 2024: বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনৰ নাম কিছুমান উল্লেখযোগ্য নামৰ সৈতে গ্ল’বেল ডিচৰাপ্টৰ্ছ ২০২৪ ত অন্তৰ্ভুক্ত হৈছে ৷

Deepika Padukone name included in Global Disruptors 2024
দীপিকা পাডুকন (etv bharat)

চিটাৰা ডেস্ক, 16 মে’ : বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনে নিজৰ সাফল্যৰ লগত সংযোজন কৰিছে আন এক কৃতিত্ব । ২০২৪ চনৰ মুভাৰ্ছ এণ্ড শ্বেকাৰছ শ্ৰেণীৰ বাবে গ্ল’বেল ডিচৰাপ্টৰ্ছ শাখাত নাম অন্তৰ্ভুক্ত হৈছে দীপিকা পাডুকনৰ । আন্তঃৰাষ্ট্ৰীয় কিংবদন্তি ইভা লংগোৰিয়া, উমা থাৰ্মান আৰু লি ছুং জিনৰ লগতে দীপিকা পাডুকনক মনোৰঞ্জন উদ্যোগলৈ উল্লেখনীয় অৱদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন ডেডলাইনে স্বীকৃতি প্ৰদান কৰিছে ।

এই সন্মানীয় স্বীকৃতিয়ে দীপিকা পাডুকনক প্ৰভাৱশালী ব্যক্তিত্বৰ এটা অভিজাত গোটত স্থান দিয়াইছে, যিয়ে সক্ৰিয়ভাৱে বিশ্বব্যাপী মনোৰঞ্জনৰ দৃশ্যপটক নতুন ৰূপ দি আছে । গ্ল’বেল ডিচৰাপ্টৰ্ছ তালিকাত অন্তৰ্ভুক্ত একমাত্ৰ ভাৰতীয় তাৰকা হিচাপে, দীপিকা পাডুকনে বিশ্ব মঞ্চত অগ্ৰগামী হিচাপে নিজৰ স্থিতি দৃঢ় কৰিছে ৷

এক বিবৃতিত দীপিকা পাডুকনে চলচ্চিত্ৰ জগতৰ স্বৰূপক প্ৰশংসা কৰি কয় যে, ‘অৱশ্যেই এখন ছবিৰ সফলতা গুৰুত্বপূৰ্ণ, কিন্তু মোৰ বাবে ৰাইজৰ সৈতে কটোৱা সময় আৰু ছবিৰ ছেটত মোৰ অভিজ্ঞতা আটাইতকৈ গুৰুত্বপূৰ্ণ । ' দীপিকা পাডুকনৰ দলটোৱেও নিজৰ অফিচিয়েল ৱেবছাইটত এই তথ্য শ্বেয়াৰ কৰিছে ।

দীপিকা পাডুকনৰ ইৰ্ষণীয় কেৰিয়াৰত বলীউডত বক্স অফিচত ধাৰাবাহিক সফলতা আৰু বিশ্বব্যাপী মঞ্চত উল্লেখনীয় প্ৰতিনিধিত্ব অন্তৰ্ভুক্ত হৈ আছে । অস্কাৰ আৰু বাফ্টাৰ দৰে সন্মানীয় অনুষ্ঠানত উপস্থাপক হিচাপে মঞ্চৰ শোভা বৰ্ধন কৰাৰ পৰা আৰম্ভ কৰি কাঁ চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ সদস্য হোৱালৈকে, বলীউডৰ পৰা গ্ল’বেল ষ্টাৰডমলৈ দীপিকা পাডুকনৰ যাত্ৰা দৰ্শনীয় ।

তেওঁৰ ফাউণ্ডেশ্যন লিভ লৱ্ লাফৰ জৰিয়তে তেওঁ ভাৰত আৰু ইয়াৰ বাহিৰৰ মানসিক স্বাস্থ্যজনিত সমস্যাৰ বাবে কাম কৰে । বৰ্তমান দীপিকাই স্বামী তথা অভিনেতা ৰণবীৰ সিঙৰ সৈতে প্ৰথম সন্তানৰ আশা কৰি আছে ।

লগতে পঢ়ক : কাঁ 2024ৰ ৰেড কাৰ্পেটত প্ৰথম অতিথি চাৰিঠেঙীয়া নোমাল মেছি - Cannes Film Festival Red Carpet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.