ETV Bharat / health

বৃষ ৰাশিত সূৰ্যৰ প্ৰৱেশ; সাৱধান হ’ব লাগিব এইকেইটা ৰাশিৰ জাতক-জাতিকা - SUN TRANSIT IN TAURUS 2024

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 3:52 PM IST

VRISHABHA SANKRANTI : বৃষ ৰাশিৰ সংক্ৰান্তিৰ পৰা মিথুন ৰাশিৰ সংক্ৰান্তিলৈ অৰ্থাৎ ১৫ জুনলৈকে সূৰ্যই বৃষ ৰাশিত স্থিতি গ্ৰহণ কৰিব । বৃষ ৰাশিত গ্ৰহৰ ৰজা সূৰ্য দেৱৰ প্ৰৱেশে সকলো ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পেলাব জানো আহক...

Sun Transit in Taurus 2024: Its impact on all zodiac signs
বৃষ ৰাশিত সূৰ্যৰ প্ৰৱেশ; সাৱধান হ’ব লাগিব এই ৰাশিৰ জাতক-জাতিকা (ETV BHARAT HINDI)

মেষ ৰাশি - সূৰ্য বৃষ ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে ৷ এই সময়ছোৱাত আপুনি অহংকাৰী হৈ পৰিব পাৰে ৷ পাৰিবাৰিক বাদ-বিবাদ হ’ব পাৰে, কিন্তু আৰ্থিকভাৱে ভৱিষ্যতে সকলো ঠিকেই হ’ব ৷

প্ৰতিকাৰ– প্ৰতিদিনে গায়ত্ৰী মন্ত্ৰৰ এডাল জপমালা জপ কৰক ৷

বৃষ ৰাশি - বৃষ সংক্ৰান্তিৰ ফলত এই মাহটোত আপোনাৰ অহংকাৰ অব্যাহত থাকিব পাৰে ৷ তথাপিও এই সময়ছোৱাত আপোনাৰ বহু সমস্যা সমাধান হ’ব ৷ ব্যৱসায়িক সহযোগীৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ আপোনাৰ সংগীৰ সৈতেও অধিক মতানৈক্য হ’ব ৷

প্ৰতিকাৰ– সূৰ্য দেৱক কুমকুম মিশ্ৰিত অৰ্ঘ তৰ্পণ কৰক ৷

মিথুন ৰাশি - সূৰ্য এতিয়া আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানলৈ স্থানান্তৰিত হ’ব ৷ পুৰণি ৰোগ-ব্যাধি আঁতৰি যাব ৷ লগতে কিছু নতুন সুযোগো আহিব পাৰে ৷ এই সময়ছোৱাত নিজৰ স্বাস্থ্য আৰু আৰ্থিক দিশৰ প্ৰতি লক্ষ্য ৰাখক ৷

প্ৰতিকাৰ- সূৰ্য স্তোত্ৰ পাঠ কৰক ৷

কৰ্কট ৰাশি - যেতিয়ালৈ সূৰ্য বৃষ ৰাশিত থাকিব, তেতিয়ালৈ আপোনাৰ আয় বৃদ্ধি হ’ব পাৰে ৷ চাকৰিৰ বাবে যথেষ্ট সংখ্যক লোকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব ৷ সমাজত মানুহে আপোনাক অধিক সন্মান কৰিব ৷ কাম কৰিলে আৰ্থিক লাভ হ’ব ৷ এই সময়ত বন্ধু-বান্ধৱৰ সৈতে ওলাই যাব পাৰে ৷

প্ৰতিকাৰ- প্ৰতিদিনে আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক ৷

সিংহ ৰাশি - বৃষ ৰাশিত সূৰ্যৰ প্ৰৱেশৰ ফলত ব্যৱসায়ত প্ৰভাৱ পৰিব ৷ পাৰিবাৰিক পৰিৱেশ অতিশয় ভাল হ’ব ৷ আপোনাৰ পিতৃয়ে আপোনাক সহায় কৰিব আৰু কৰ্মক্ষেত্ৰতো আপোনাক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হ’ব পাৰে ৷

প্ৰতিকাৰ - প্ৰতিদিনে উচ্চস্বৰে সূৰ্য স্তোত্ৰ পাঠ কৰিলে লাভ হ’ব ৷

কন্যা ৰাশি - বৃষ সংক্ৰান্তিৰ পিচৰ এমাহ সময় পিতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক ৷ আপোনাৰ হয়তো কিছু চিন্তা থাকিব পাৰে ৷ ভাতৃ-ভগ্নীৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণভাৱে কথা-বতৰা পাতিব ৷ আপুনি কোনো ভ্ৰমণ কৰিব পাৰে ৷

প্ৰতিকাৰ- নিতৌ ভগৱান শিৱক জল অৰ্পণ কৰক ৷

তুলা ৰাশি - তুলা ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে এয়া এক সতৰ্কতাপূৰ্ণ মাহ হ’ব ৷ সংক্ৰামক ৰোগত আক্ৰান্ত হৈ অসুস্থ হ’ব পাৰে ৷ এইখিনি সময়ত শহুৰ-শাহুৰ সৈতে তৰ্কা-তৰ্কী হ’ব পাৰে ৷

প্ৰতিকাৰ- অভাৱগ্ৰস্ত লোকক ঘেঁহু দান কৰক ৷


বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ লোকসকলে সূৰ্যই বৃষ ৰাশিত প্ৰৱেশ কৰাৰ পৰাই যথেষ্ট ফল দেখিবলৈ পাব ৷ এই সময়ছোৱাত আপুনি নিজৰ ক্ৰোধ চম্ভালিবলৈ শিকিব লাগিব ৷ এনেকুৱাও দৃষ্টান্ত আছে যেতিয়া আপুনি ভুল বুজাবুজিৰ বলি হ’ব পাৰে ৷

প্ৰতিকাৰ– সূৰ্য দেৱক অৰ্ঘ তৰ্পণ কৰক ৷

ধনু ৰাশি - বৃষ ৰাশিত সূৰ্যৰ প্ৰৱেশ আপোনাৰ বাবে অনুকূল হ’ব ৷ এই সময়ত প্ৰতিপক্ষ দুৰ্বল স্থিতিত থাকিব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকল আপোনাৰ পক্ষত থাকিব ৷

প্ৰতিকাৰ– ভগৱান শিৱৰ জলাভিষেক কৰক ৷

মকৰ ৰাশি - সূৰ্য যেতিয়া বৃষ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া আপুনি সৌভাগ্যৰ অভিজ্ঞতা লাভ কৰিব ৷ শিক্ষাৰ্থীসকলে ডাঙৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব ৷ আপোনাৰ ৰোমান্টিক জীৱনে আপোনাক পূৰ্ণতা প্ৰদান কৰিব ৷ এই সময়ছোৱাত আপুনি নিজৰ আয় বৃদ্ধিৰ বাবে অক্লান্তভাৱে কাম কৰিব ৷

প্ৰতিকাৰ- পিতৃৰ আশীৰ্বাদ লওক ৷

কুম্ভ ৰাশি- সংক্ৰান্তিৰ পিচৰ এমাহলৈ মাটি-বাৰী বা ৰিয়েল এষ্টেট সম্পৰ্কীয় কাম কৰাৰ সময়ত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব ৷ মাতৃৰ স্বাস্থ্য সম্পৰ্কে চিন্তা হ’ব ৷ নতুন প্ৰকল্প এটা আৰম্ভ কৰাৰ সময় আহি পৰিছে ৷

প্ৰতিকাৰ- গায়ত্ৰী মন্ত্ৰ পাঠ কৰক ৷

মীন ৰাশি – সূৰ্য বৃষ ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ সাহস দৃঢ় হ’ব ৷ আপুনি সৌভাগ্যশালী হ’ব ৷ সৰু ভাতৃ-ভগ্নীৰ সৈতে ভাল সম্পৰ্ক থাকিব ৷ আপুনি ভ্ৰমণো কৰিব পাৰে ৷ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷

প্ৰতিকাৰ- সূৰ্য দেৱৰ পৰা নিতৌ আশীৰ্বাদ বিচাৰক ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.