আপোনাৰ নামতো ভুৱা পান-আধাৰ কাৰ্ড বনাই প্ৰৱঞ্চকে কৰিব পাৰে সৰ্বস্বান্ত ! - Cyber criminals arrested

By ETV Bharat Assamese Team

Published : May 30, 2024, 8:30 PM IST

thumbnail
মৰিগাঁৱত চাইবাৰ অপৰাধী বিৰুদ্ধে অভিযান (ETV Bharat Assam)

মৰিগাঁও, 30 মে’: মৰিগাঁৱত চাইবাৰ অপৰাধী বিৰুদ্ধে পুনৰ অভিযান আৰক্ষীৰ । অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা অভিযানত চাৰিজন চাইবাৰ অপৰাধীক আটক । এক্সিছ বেংকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে লুটিছিল সাধাৰণ লোকক । ঋণ লৈ সাধাৰণ জনতাক সৰ্বস্বান্ত কৰে এই চাইবাৰ অপৰাধী কেইটাই । চাইবাৰ অপৰাধীক আটক কৰা সন্দৰ্ভত মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ সংবাদমেল সম্বোধন ।

আৰক্ষী বিষয়াগৰাকী জনোৱা মতে মৰিগাঁও আৰক্ষীয়ে নিৰৱচ্ছিন্নভাৱে চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই আছে ৷ ভুৱা তথ্যৰে আন মানুহৰ নামত ক্ৰেডিট কাৰ্ড উলিয়াইছিল এই চাৰি অভিযুক্তই ৷ মফিদুল ইছলাম, ছাদ্দাম হুছেইন, মুস্তাক আহমেদ ৰাণা আৰু মাচুদুৰ ৰহমান নামৰ চাৰি অভিযুক্তক আটক ৷ 

কোনো কপিল শৰ্মা নামৰ এগৰাকী লোকৰ নামত পান কাৰ্ড, আধাৰ কাৰ্ড জালিয়াতিৰে প্ৰস্তুত কৰি এক্সিছ বেংকৰ পৰা দুই লক্ষাধিক টকা ঋণ লৈছিল মুস্তাক আহমেদ ৰাণাই ৷ আৰক্ষী বিষয়াগৰাকীয়ে এই জালিয়াতিৰ সবিশেষ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ 

লগতে পঢ়ক: অসম আৰক্ষীৰ কমাণ্ডো পাপৰি কলিতা ওৰফে কুঁহিক নিলম্বন - Kuhi

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.