ETV Bharat / entertainment

হাতত হাত থৈ প্ৰেমিকযুটিয়ে খোজকঢ়া দেখিলে কাৰনো প্ৰেমত পৰিবলৈ মন নাযায় ? - Lovebirds Vijay Tamannaah

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 7:48 PM IST

Lovebirds Vijay Tamannaah: তাৰকা দম্পতী বিজয় বৰ্মা আৰু তামান্না ভাটিয়াই মুম্বাইত তামান্নাৰ আগন্তুক ছবি আৰণমনাই ৪ ৰ বিশেষ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি অনুৰাগীসকলক তেওঁলোকৰ উপস্থিতিৰে আনন্দিত কৰি তোলে । তামান্নাই পিন্ধিছিল পৰম্পৰাগত বেইজ ৰঙৰ চ্যুট, আনহাতে বিজয়ে পিন্ধিছিল ষ্টাইলিছ বেঙুনীয়া আৰু ক’লা ৰঙৰ চাৰ্ট ।

WATCH: Lovebirds Vijay Varma, Tamannaah Bhatia Set Couple Goals At Aranmanai 4 Screening
তাৰকা দম্পতী বিজয় বৰ্মা আৰু তামান্না ভাটিয়া (etv bharat)

চিটাৰা ডেস্ক, 30 মে’ : বলীউডৰ পাৱাৰ কাপল্ বিজয় বাৰ্মা আৰু তামান্না ভাটিয়াই তেওঁলোকৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ পিচৰে পৰা ৰোমাঞ্চৰ ক্ষেত্ৰত কেতিয়াও লুক-ঢাক কৰা নাই । মুম্বাইৰ বিভিন্ন অনুষ্ঠানত একেলগে দেখা পোৱা এই যুটিটোৱে অনুৰাগীসকলক তেওঁলোকৰ মাজৰ প্ৰেমৰ আভাস প্ৰায়ে দিয়ে । বুধবাৰে নিশা মুম্বাইৰ এটা চিনেমা হলৰ পৰা ওলাই অহাৰ সময়ত পাপাৰাৎজীয়ে স্নেপ কৰে দুয়োকে । তেওঁলোকে তামান্নাৰ আগন্তুক তামিল কমেডী ভৌতিক ছবি আৰণমনাই ৪ ৰ বিশেষ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল ।

হাতত হাত থৈ থিয়েটাৰৰ পৰা ওলাই আহিয়ে বাহিৰত সকলোকে দেখি তেওঁলোকৰ মুখত হাঁহি বিৰিঙি পৰিল ৷ সুন্দৰকৈ ফটোৰ বাবে প’জ দিলে তেওঁলোকে ৷ তামান্নাই পৰিধান কৰিছিল বেইজ ৰঙৰ চুৰিদাৰ ৷ ইষৎ মেকআপ, একেই ৰঙৰ দোপাট্টাৰ সৈতে তামান্নাই এই লুকটো সম্পূৰ্ণ কৰে ৷ আনহাতে বিজয়ে পিন্ধিছিল ক’লা ৰঙৰ পেণ্টৰ সৈতে ক’লা-বেঙুনীয়া সংমিশ্ৰণৰ চাৰ্ট ৷

আমোদজনক কথাটো হ’ল, লাষ্ট ষ্ট’ৰীজ ২ ৰ চেটতেই তেওঁলোকে প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰিছিল ৷ অৱশ্যে ছবিখন মুক্তি পোৱাৰ পিচতহে তেওঁলোকৰ মাজত ৰোমাঞ্চ আৰম্ভ হয় ।

বিজয়ে খ্যাতি লাভ কৰে পিংক ছবিখনত মেগাষ্টাৰ অমিতাভ বচ্চন, তাপসী পান্নু আৰু কীৰ্তি কুলহাৰীৰ সৈতে অভিনয় কৰি ৷ বিজয়ৰ চৰিত্ৰটো সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছিল । তাৰ পিচত তেওঁ গালি বয়, মিৰ্জাপুৰ, ডাৰ্লিংছ, দহাদ আৰু মাৰ্ডাৰ মুবাৰকৰ দৰে হিট ছবিত আকৰ্ষণীয় অভিনয় কৰে । তেওঁৰ আগন্তুক প্ৰজেক্টসমূহৰ ভিতৰত আছে Suriya43 আৰু Ul Jalool Ishq । তামান্নাৰ ওচৰতো কেইবাটাও ৰোমাঞ্চকৰ প্ৰকল্প আছে, যাৰ ভিতৰত আছে বেদ আৰু উচ্চ প্ৰত্যাশিত স্ত্ৰী 2-ত এটা বিশেষ কেমিঅ' ।

লগতে পঢ়ক : জীৱন্ত ৰূপত ওলাই নাহিল ৰণবীৰ সিঙৰ ভিতৰৰ ৰাক্ষস ! - ranveer prasanth varma movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.