ETV Bharat / politics

মৃণাল শইকীয়াৰ 8PMৰ পোষ্টত গুৰুত্ব দিব নালাগে: জয়ন্ত মল্লবৰুৱা - MRINAL SAIKIA OUTBURST

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 5:45 PM IST

Conflict in Assam BJP: জনপ্ৰিয়তা কাৰ বেছি ? মৃণাল শইকীয়াৰ নে জয়ন্ত মল্লবৰুৱাৰ ? সেই পৰ্যালোচনা 4 জুনৰ পিচত কৰিব জয়ন্ত মল্লবৰুৱাই ৷ আনহাতে বিধায়ক মৃণাল শইকীয়াই 8PMত দিয়া পোষ্টত তেওঁ গুৰুত্ব নিদিয়ে বুলিও ক’লে মন্ত্ৰী মল্লবৰুৱাই ৷

MRINAL SAIKIA POST ON BJP LEADER
মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

গুৱাহাটী, 16 মে’: মুকলি বিদ্ৰোহৰ ছবি চৰম পৰ্যায় পায়গৈ অসম বিজেপিৰ ভিতৰচ’ৰাত ৷ কিছুদিন পূৰ্বে নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই আৰু নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বৰ্তমানৰ বিজেপি নেতৃত্বৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া শেষেই হোৱা নাই, তাৰ মাজতে এইবাৰ এন্ট্ৰি মাৰিলে মৃণাল শইকীয়াই ৷

নলবাৰী সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ মুকলি সংঘাতে ৰাজ্যিক বিজেপিৰ তথা বিসম্বাদ স্পষ্টৰূপত দাঙি ধৰিছে ৷ নতুন বিজেপি-পুৰণি বিজেপিৰ এই সংঘাতে ক্ৰমান্বয়ে লৈছে তীব্ৰ ৰূপ ৷

বৃহস্পতিবাৰে এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত হৈ পুনৰ প্ৰতিক্ৰিয়া আগবঢ়ায় । মন্ত্ৰীগৰাকী কয়, ‘‘মৃণাল শইকীয়াই কোৱা কথাখিনি পৰ্যালোচনা কৰিব লাগে । 4 জুনৰ পিচত আমি সকলো গম পাম । মোৰ সমষ্টিত 70 হাজাৰ ভোটত বিজেপিয়ে লীড ল’ম ৷ মৃণাল শইকীয়াৰ সমষ্টিত 1.50 লাখ ভোটত লীড ল’ব পাৰিবনে নাই ? মই সৰুপথাৰত বেছি দিম, নে তেওঁ খুমটাইত বেছি লীড দিব ?’’

তদপুৰি জনপ্ৰিয়তাৰ প্ৰসংগ টানি আনি মন্ত্ৰী মল্লবৰুৱাই কয়, ‘‘মোৰ সমষ্টিত 25 শতাংশ মুছলমান ভোট ৷ তেওঁৰ সমষ্টিত 7 শতাংশ মুছলাম ভোট । কোনে বেছি ভোট ল’ব পাৰিব সেইটো চাব লাগিব । আমাৰ মতভেদ নাই । তেওঁ কৈছে মোৰ কাৰণে ভোট কমিছে, ক’ত কমিছে উত্তৰ দিয়ক ।’’

বিধায়ক মৃণাল শইকীয়াই নিশা 8 বজাৰ পিচত দিয়া পোষ্টত গুৰুত্ব দিব নালাগে বুলি মন্তব্য কৰি জয়ন্ত মল্লবৰুৱাই কয়, ‘‘এজন সতীৰ্থই কোৱা কথাবিলাকৰ পৰ্যালোচনা কৰিব লাগে । মোৰ কাৰণে ক’ত ক’ত ভোট নষ্ট হ’ল পৰ্যালোচনা কৰিব লাগিব । মোৰ সমষ্টিত মুঠ ভোটৰ ২৫ শতাংশ মুছলমান ভোট আছে, তথাপিও ৫০ হাজাৰ ভোটত লীড ল’ম । মৃণাল শইকীয়াৰ সমষ্টিত ৬-৭ শতাংশ মুছলমানৰ ভোট আছে ৷ এতিয়া মৃণাল শইকীয়াই কওক যে খুমটাইত ডেৰ লাখ ভোটত লীড ল’ব পাৰিবনে নাই ?’’

ডেৰ লাখ ভোটত লীড ল’ব পৰাকৈ তেওঁৰ জনপ্ৰিয়তা আছেনে নাই কওক বুলিও মৃণাল শইকীয়াক একপ্ৰকাৰে প্ৰত্যাহ্বান জনায় জয়ন্ত মল্লবৰুৱাই । তেওঁ কয়, ‘‘মই কেম্পেইনিং কৰা সৰুপথাৰত বেছি ভোট পাবনে, তেওঁ কেম্পইনিং কৰা সমষ্টিত বেছি ভোট পাব সেয়া চাব লাগিব । আমাৰ মাজত কোনো মতানৈক্য নাই । তেওঁ এইবিলাক কথা ছ’চিয়েল মিডিয়াত কৈ ভাল পায় । 8Pm ত এইদৰে পোষ্ট দিয়াটো অনুশাসন ভংগ হৈছেনে নাই সেয়া অনুশাসন সমিতিয়ে সিদ্ধান্ত ল’ব ।’’

আনহাতে ভূপেন বৰাই শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশ কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ভূপেন বৰাই মিডিয়াত হাইলাইট লৈ থাকি ভাল পায় ৷ সেই কাৰণে কেতিয়াবা কবিতা লিখে, কেতিয়াবা শ্বায়েৰী মাতে । আমাৰ দলত একো গৃহযুদ্ধ হোৱা নাই । কংগ্ৰেছী আদৰ্শত বিশ্বাসীসকলেহে গৃহযুদ্ধ হোৱা বুলি ভাবে । যিসকলে বিজেপিক ভালকৈ জানে তেওঁলোকে এইবোৰ সৰু কথা বুলি ধৰি লয় । দলটোত ৯ বছৰ থকাৰ পিচত নতুন কেনেকৈ আমি ? মুখ্যমন্ত্ৰীও বিজেপিত নতুন নেকি ? ন-পুৰণিৰ কথা পুৰণি নিষ্ঠাৱানসকলে নকয় ।’’

লগতে পঢ়ক: বিজেপিত অন্তঃকন্দল ! জয়ন্ত মল্ল বৰুৱাক নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক মৃণাল শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.