ETV Bharat / politics

বিজেপিত অন্তঃকন্দল ! জয়ন্ত মল্ল বৰুৱাক নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক মৃণাল শইকীয়াৰ - MRINAL SAIKIA OUTBURST

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 10:57 AM IST

Conflict in Assam BJP: ৰাজেন গোঁহাই, প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ পিছতে বিধায়ক মৃণাল শইকীয়াৰ মুকলি বিদ্ৰোহ ৷ সামাজিক মাধ্যম ফেচবুক আৰু এক্সৰ জৰিয়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰকাশ বিধায়কগৰাকীৰ ৷

MRINAL SAIKIA ON JMB
মৃণাল শইকীয়াৰ বিদ্ৰোহ (Etv Bharat Assam)

গুৱাহাটী, 16 মে’: আকৌ এবাৰ যেন মুকলি বিদ্ৰোহৰ ছবি স্পষ্টৰূপত প্ৰতিফলিত হৈছে অসম বিজেপিৰ ভিতৰচ’ৰাত ৷ এইবাৰ নলবাৰী সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ৷

বিধায়কগৰাকীয়ে শেহতীয়াকৈ সামাজিক মাধ্যম ফেচবুক তথা এক্সত প্ৰকাশ কৰা পোষ্টবোৰে তাৰেই ইংগিত বহন কৰিছে ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাই সামাজিক মাধ্যমত পোষ্ট কৰে বিধায়ক মৃণাল শইকীয়াই ৷

বুধবাৰে খুমটাইৰ বিধায়কগৰাকীয়ে কৰা পোষ্টটো আছিল এনেধৰণৰ "মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ছাৰ অনুগ্ৰহ কৰি জয়ন্ত মল্ল বৰুৱাক দলীয় কাম-কাজত মাত মাতিব নিদিব । তেওঁ জনা উচিত যে, তেওঁৰ এনে অহংকাৰী মনোভাৱে ২০২৪ লোকসভা নিৰ্বাচনত ইতিমধ্যে কেইবাহাজাৰো ভোটৰ ক্ষতি কৰিছে" ।

বিধায়ক মৃণাল শইকীয়াৰ এনে পোষ্টে তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত ৷ ৰাজ্যিক বিজেপিত স্পষ্টৰূপত প্ৰতিফলিত হৈছে দলীয় বিসম্বাদ ৷ মুখ্যমন্ত্ৰীৰ সোঁহাতস্বৰূপ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লৈ কৰা ৰাজহুৱা অসন্তুষ্টিয়ে ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত দলীয় বিসম্বাদ ঘটাৰ উমানকে দিছে ৷

স্বাভাৱিকতে বিজেপি বিধায়ক মৃণাল শইকীয়াৰ এই মুকলি ক্ষোভে যে ৰাজ্যিক বিজেপিৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো অস্বস্তিত পেলাইছে সেয়া নিশ্চিত । বিধায়ক মৃণাল শইকীয়াই পূৰ্বতেও দলৰ জনবিৰোধী নীতি আৰু ভুল-ত্ৰুটি আদিৰ বিৰুদ্ধে মুকলিকৈ মাত মাতি অহা দেখা গৈছে ।

বিশেষকৈ মুকলিকৈ ধাৰাবাহিকভাৱে সন্ধিয়া ৮ বজাত বিগত কিছু মাহ ধৰি কিছু ৰাজনৈতিক পোষ্ট সামাজিক মাধ্যমত প্ৰকাশ কৰি আহিছে ৷ এই পোষ্টবোৰৰ জৰিয়তে গেৰুৱা দলটোৰ একাংশ নেতাৰ কেতবোৰ নেতিবাচক দিশ মুকলিকৈ উল্লেখ কৰি আহিছে বিজেপি বিধায়কজনে ।

উল্লেখ্য যে, পূৰ্বেও চাৰিবাৰৰ সাংসদ ৰাজেন গোঁহাই, নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই মুকলিকৈ প্ৰকাশ কৰিছিল অসন্তুষ্টি ৷ যাৰ বাবে ইতিমধ্যে অশোক শৰ্মালৈ দলৰ তৰফৰ পৰা জাৰি কৰা হৈছে শ্ব’কজ নটিচ ৷ প্ৰাক্তন বিধায়কগৰাকীয়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল কেইবাটাও দল বিৰোধী মন্তব্য ৷

এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক শইকীয়াৰ এই আহ্বানক গুৰুত্ব দিয়ক বা নিদিয়ক, সেয়া পিছৰ কথা ৷ কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অহংকাৰৰ বাবে হাজাৰ হাজাৰ ভোট ভঙাৰ বিষয়টো উত্থাপনেৰে বিজেপিৰ অভ্যন্তৰত চলি থকা বিদ্ৰোহ/বিসম্বাদক বিধায়ক মৃণাল শইকীয়াই নতুন মাত্ৰা যে দিলে, সেয়া কিন্তু নিশ্চিত ৷

লগতে পঢ়ক: বিজেপিৰ পৰা বহিষ্কাৰ হ’ব নেকি বিদ্ৰোহী অশোক শৰ্মা ? জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী - Show Cause Notice Ashok Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.