ETV Bharat / bharat

২৯৩ খন আসনেৰে তৃতীয় কাৰ্যকালৰ বাবে এন ডি এ সাজু - LOK SABHA ELECTIONS RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 2:03 PM IST

Lok Sabha Election 2024 Final Result: লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে তৃতীয়বাৰৰ বাবে একেৰাহে কাৰ্যকাল লাভ কৰে ৷ এই লোকসভা নিৰ্বাচনত বিজেপিৰ সংখ্যাগৰিষ্ঠতা কিছু হ্ৰাস পায় । কিছুমান গুৰুত্বপূৰ্ণ ৰাজ্যত বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পিচতো বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (NDA) মিত্ৰশক্তিৰ সমৰ্থনত আধা বাট অতিক্ৰম কৰি শাসকীয় কাৰ্যভাৰ লাভ কৰিবলৈ সক্ষম হয় ।

Lok Sabha Election 2024 Final Result: NDA Set For Third Term With 293 Seats; INDIA Bloc At 232
(বাওঁফালে) বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী। (সোঁফালে) দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত প্ৰিয়ংকা আৰু ৰাহুলৰ সৈতে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে (ANI/IANS Photos) (etv bharat)

নেশ্যনেল ডেস্ক, 5 জুন : বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সে ২৯৩ খন লোকসভা আসন জিকি আৰু বিজেপিয়ে ২৪০ খন আসন পৰিচালনা কৰি তৃতীয় কাৰ্যকালৰ বাবে সাজু হৈছে ৷ অৱশ্যে ২৭২ খন আসনৰ সংখ্যাগৰিষ্ঠতাৰ সংখ্যাত উপনীত হ’ব নোৱাৰিলে বিজেপি ।

উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টী আৰু পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ উৎসাহজনক প্ৰদৰ্শনৰ সৌজন্যত বিৰোধী ইণ্ডিয়া ব্লকে ২৩২ খন আসন লাভ কৰিছে । আনহাতে কংগ্ৰেছ দলে সংখ্যা ৯৯ খন আসনলৈ বৃদ্ধি কৰিছে ।

ভাৰতৰ নিৰ্বাচন আয়োগে সকলো লোকসভা সমষ্টিৰ বাবে ফলাফল ঘোষণা কৰিছে । ঘোষণা কৰিবলগা অন্তিম ফলাফলটো আছিল মহাৰাষ্ট্ৰৰ বীড সমষ্টিৰ, য'ত এনচিপি (শৰদ পাৱাৰ)ৰ প্ৰাৰ্থী বজৰং মনোহৰ সোণৱানে বিজেপিৰ পংকজা মুণ্ডেক ৬,৫৫৩ টা ভোটত পৰাজিত কৰে । আনহাতে, লোকসভাত যদিও 543 জন সদস্য আছে, বিজেপিৰ চুৰাটৰ প্ৰাৰ্থী মুকেশ দালাল বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পিচত ৫৪২ খন আসনৰ বাবেহে গণনা অনুষ্ঠিত হৈছিল ।

বুধবাৰে পুৱা ঘোষণা কৰা চূড়ান্ত ফলাফল অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ লগে লগে একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । তিনিখনকৈ হিন্দী হাৰ্টলেণ্ড ৰাজ্যত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিচতো তেখেতৰ জনপ্ৰিয়তাৰ বাবেই এইবাৰৰ নিৰ্বাচনতো বিজেপিয়ে জয় লাভ কৰে ৷

লোকসভা নিৰ্বাচনত বিজেপিয়ে ২৪০ খন আসনত জয়লাভ কৰে ৷ ২৭২ টাৰ সংখ্যাগৰিষ্ঠতা লাভ নকৰা বিজেপিৰ এতিয়া চৰকাৰ গঠনৰ বাবে দল নেতৃত্বাধীন এন ডি এৰ মিত্ৰশক্তিৰ সমৰ্থনৰ প্ৰয়োজন ৷ ২০১৯ আৰু ২০১৪ চনত ক্ৰমে ৩০৩ আৰু ২৮২খন আসন জিকি নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰা দল বিজেপি ।

গুৰুত্বপূৰ্ণ সহযোগী এন চন্দ্ৰবাবু নাইডুৰ তেলুগু দেশম পাৰ্টী (টিডিপি) আৰু নীতিশ কুমাৰৰ জেডি(ইউ)ৰ সমৰ্থনত, অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰত ক্ৰমান্বয়ে ১৬ আৰু ১২ খন আসন লাভ কৰা আৰু অন্যান্য মিত্ৰজোঁটৰ অংশীদাৰ হৈ এন ডি এয়ে আধা বাট অতিক্ৰম কৰে । বিৰোধী ইণ্ডিয়া ব্লকৰ অংশ হিচাপে কংগ্ৰেছে ৰাজস্থান আৰু হাৰিয়ানাত বিজেপিৰ অংশ কাঢ়ি ২০১৯ চনত জিকা ৫২ খন আসনৰ তুলনাত ৯৯ খন আসন লাভ কৰে ।

সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশত ৩৭ খন আসন লাভ কৰি ইণ্ডিয়া ব্লকৰ মনোবল উচ্চ কৰি ৰখাৰ সমান্তৰালকৈ বিৰোধী মিত্ৰজোঁটৰ আন এক গুৰুত্বপূৰ্ণ সদস্য তৃণমূল কংগ্ৰেছে (টিএমচি) পশ্চিম বংগত ২৯ খন আসন লাভ কৰে, যি ২০১৯ চনৰ ২২ খন আসনতকৈ অধিক । যোৱা লোকসভা নিৰ্বাচনত ১৮ খন আসন লাভ কৰা বিজেপিয়ে ১২ খন আসন লাভ কৰে ।

এই ফলাফলে বিজেপি নেতৃত্বাধীন এন ডি এয়ে আশা কৰা আৰু এগজিট প’লে প্ৰক্ষেপ কৰা কথা প্ৰমাণ নকৰিলে । ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক অনুশীলনত ৬৪০ নিযুততকৈও অধিক ভোট গণনা কৰা হয় ।

লগতে পঢ়ক : নীতিশ কুমাৰলৈ ইণ্ডিয়াৰ উপ-প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ ? 'পাল্টাৰাম'ৰ ফান্দত পৰিব প্ৰধানমন্ত্ৰী মোদী ? - Lok Sabha Election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.