কৰ্মস্থলীৰ পৰা ৰে'লৰে ঘৰলৈ আহি থাকোতে ৰে'লতেই শেষ নিশ্বাস - BSF jawan of Assam passes away

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 2:25 PM IST

thumbnail
৭৪ বিএনবিএছএফত কৰ্মৰত জোৱান কিচমত আলী (ETV BHARAT ASSAM)

দৰং, ৫ জুন: গুজৰাটৰ গান্ধীনগৰৰ ৭৪ বিএনবিএছএফত কৰ্মৰত জোৱান কিচমত আলীয়ে (৫৯) কৰ্মস্থলীৰ পৰা ৰে'লৰে মঙলদৈৰ নিজ ঘৰলৈ আহি থকা অৱস্থাতে নিউ জলপাইগুৰিত ৰে'লতেই ঢলি পৰে । লগ লগে ৰে'ল আৰক্ষীয়ে চিকিৎসালয় নিয়ে যদিও ইয়াৰ পূৰ্বেই তেওঁৰ মৃত্যু হয় । পিচত জোৱানজনৰ মৃতদেহ স্থানীয় বি এছ এফ ১৬৯ নং বেটেলিয়নক গতাই দিয়ে । পিচত বিএছ এফে জোৱানজনৰ মৃতদেহ মঙলদৈ নগৰবাহী কানাই চুবাৰ পৰিয়ালৰ লোকক গতাই দিয়ে । এই খবৰ বিয়পি পৰাৰ লগে লগে নগৰবাহী গাঁৱত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ।

বুধবাৰে মঙলদৈ আৰক্ষী, প্ৰশাসন, বিএছ এফৰ উচ্চ পদস্থ বিষয়াসহ সহস্ৰাধিক স্থানীয় লোকৰ উপস্থিতিত জোৱানজনক সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে মোল্লাপাৰা কৱৰস্থানত কৱৰস্থ কৰা হয় । জোৱানজনে দুগৰাকী কন্য়া সন্তান আৰু এজন পুত্ৰক এৰি থৈ যায় । জোৱানজনৰ পুত্ৰজনক পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সেনা বাহিনীত নিয়োগ কৰিবলৈ ৰাইজে অনুৰোধ জনাইছে ।

লগতে পঢ়ক:ছুটী লৈ ঘৰলৈ অহাৰহে কথা আছিল, কিন্তু কফিনতহে আহিল নশ্বৰ দেহটো - Soldier Tridip Chutia Death

ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ৰঞ্জিৎ বৰগয়াৰীৰ বিয়োগ

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.