ছুটী লৈ ঘৰলৈ অহাৰহে কথা আছিল, কিন্তু কফিনতহে আহিল নশ্বৰ দেহটো - soldier Tridip chutia death

By ETV Bharat Assamese Team

Published : May 12, 2024, 12:56 PM IST

thumbnail
অসম ৰাইফলচৰ জোৱান ত্ৰিদিপ চুতীয়াৰ গৃহত শোককুল পৰিৱেশ (Etv bharat assam)

মৰাণ, 12 মে’ :  ডিব্ৰুগড়ৰ মৰাণৰ ডোমৰ দলঙৰ এজন অসম ৰাইফলচৰ জোৱানৰ মৃত্যুৰ ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে অঞ্চলজুৰি । 15 মে’ত ছুটী লৈ ঘৰলৈ অহাৰ কথা আছিল অসম ৰাইফলচৰ জোৱান ত্ৰিদীপ চুতীয়াৰ । পিছে পাঁচ দিন পূৰ্বে ত্ৰিৰংগাৰে মেৰিওৱা কফিনত আহিল জোৱান ত্ৰিদীপ চুতীয়াৰ নিথৰ দেহটো । 

মৰাণ ডোমৰ দলঙৰ ত্ৰিদীপ চুতীয়া (42) নামৰ জোৱানজন মণিপুৰ ইম্ফলৰ মন্ত্ৰী পুখুৰীত আচাম ৰাইফলচৰ জোৱান হিচাপে কৰ্মৰত হৈ আছিল । 2001 চনৰ 30 মাৰ্চত অসম ৰাইফলচত যোগদান কৰা ত্ৰিদিপ চুতীয়াই কৰ্মৰত অৱস্থাতে যোৱা 8 মে'ত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ 10 মে'ত চিকিৎসালয়ত মৃত্যু ঘটে ।

শনিবাৰে তেওঁৰ মৃতদেহটি বাসগৃহ আহি পোৱাৰ পিছতে অঞ্চলজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰে । পত্নীসহ দুই সন্তানৰ লগতে আত্মীয়-স্বজনক এৰি মৃত্যুক আকোঁৱালি লোৱা জোৱানজনৰ মৃত্যুৰ বাতৰি পায় শোকবিহ্বল হৈ পৰিছে পৰিয়ালৰ লোক । 

শনিবাৰে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে ডোমৰ দলঙৰ নিজা বাসগৃহত জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয় । এই কাৰ্যসূচীত অসম ৰাইফলচৰ শীৰ্ষ বিষয়াৰ লগতে স্থানীয় প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: দায়িত্বৰ খাতিৰত ছত্তিশগড়লৈ যোৱা মনোজ উভতিল নিথৰ দেহ হৈ - Police Jawan dies on poll duty

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.