ETV Bharat / state

দায়িত্বৰ খাতিৰত ছত্তিশগড়লৈ যোৱা মনোজ উভতিল নিথৰ দেহ হৈ - Police Jawan dies on poll duty

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 7:03 PM IST

ASSAM POLICE JAWAN DIES : নিৰ্বাচনী কৰ্তব্যৰ মাজতে বহিঃৰাজ্যত মৃত্যুক সাৱটিলে অসম আৰক্ষীৰ এগৰাকী জোৱানে ৷ শোকাকুল পৰিৱেশৰ মাজত শেষকৃত্য সম্পন্ন অসম আৰক্ষীৰ জোৱান তথা সৰুপথাৰৰ নাওজানৰ মনোজ গগৈৰ ৷

ASSAM POLICE JAWAN DIES
নিৰ্বাচনী কৰ্তব্যৰ মাজতে বহিঃৰাজ্যত মৃত্যুক সাৱটিলে আৰক্ষী জোৱানে (ETV BHARAT ASSAM)

বহিঃৰাজ্যত মৃত্যুক সাৱটিলে অসমৰ আৰক্ষী জোৱানে (ETV BHARAT ASSAM)

সৰুপথাৰ, 10 মে': কৰ্তব্যৰত অৱস্থাতে মৃত্যুক সাৱটি ল’লে অসম আৰক্ষীৰ এজন জোৱানে ৷ নিৰ্বাচনী কৰ্তব্যৰ মাজতে বহিঃৰাজ্যত মৃত্যুক সাৱটিলে অসম আৰক্ষীৰ পঞ্চম বেটালিয়নৰ জোৱান তথা লেন্সনায়ক মনোজ গগৈয়ে ৷

শুকুৰবাৰে এক শোকাকুল পৰিৱেশৰ মাজত শেষকৃত্য সম্পন্ন হয় অসম আৰক্ষীৰ জোৱান তথা সৰুপথাৰ নাওজানৰ মনোজ গগৈৰ ৷

উল্লেখযোগ্য যে, হাফলঙত কৰ্মৰত অসম আৰক্ষীৰ জোৱান গৰাকীয়ে দেশত চলি থকা লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কৰ্তব্য পালনৰ অৰ্থে অন্যান্য সহকৰ্মীৰ সৈতে বিগত 2 মে’ত গৈছিল ছত্তিশগড়লৈ ৷ পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি, 7 মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী কৰ্তব্য সমাপ্ত কৰি 10 মে’ত পুনৰ আন ঠাইলৈ যোৱাৰ কথা আছিল আৰক্ষী জোৱানজনৰ ৷

কিন্তু দায়িত্বৰ স্থানতেই অসুস্থ হৈ পৰা গগৈৰ পৰিয়ালৰ লোকে পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্য সম্পৰ্কত যোগাযোগ কৰিব খুজিলেও ভালদৰে প্ৰত্যুত্তৰ নোপোৱাৰ অভিযোগ উত্থাপিত কৰে ৷ সেয়ে এতিয়া জোৱানগৰাকীৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালবৰ্গ তথা স্থানীয় ৰাইজে ৷ আৰক্ষী জোৱানজনৰ চিকিৎসাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই গাফিলতি কৰাৰ বাবেই তেওঁৰ মৃত্যু ঘটা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে গুৱাহাটীলৈ অনা হয় মনোজ গগৈৰ মৃতদেহ ৷ ইয়াৰ পিচতে অসম আৰক্ষীৰ তৰফৰ পৰা মৃত জোৱানজনলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ শুকুৰবাৰে মনোজ গগৈৰ নশ্বৰদেহ সৰুপথাৰৰ নাওজানস্থিত বাসগৃহলৈ অনা হয় ৷

আৰক্ষী তথা পঞ্চম বেটালিয়নৰ উচ্চপদস্থ বিষয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত এক শোকাকুল পৰিৱেশৰ মাজতে অসম আৰক্ষীয়ে জোৱানজনক ৰাজ্যিক মৰ্যদা প্ৰদান কৰি শেষশ্ৰদ্ধা জ্ঞাপন কৰে ৷ ইয়াৰ পিচতেই ৰীতি-নীতি অনুসৰি শেষকৃত্য সম্পন্ন কৰা হয় মনোজ গগৈৰ ৷

লগতে পঢ়ক : জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃৰ দেহাৱসান, সংগীতানুষ্ঠান বাতিল - Mausam Gogoi Mother Passes Away

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.