জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃৰ দেহাৱসান, সংগীতানুষ্ঠান বাতিল - Mausam Gogoi mother passes away

By ETV Bharat Assamese Team

Published : May 10, 2024, 1:08 PM IST

thumbnail
জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃৰ দেহাৱসান (ETV Bharat Assam)

জোনাই, ১০ মে' : বৃহস্পতিবাৰে নিশা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ লাৱন্য গগৈয়ে । মাতৃৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে কণ্ঠশিল্পী মৌচম গগৈ । সমাজৰ পৰম্পৰাগত ৰীতি-নীতিৰ মাজৰে চিলাপথাৰ জনকীয়াসুঁতিস্থিত বাসগৃহত শেষকৃত্য সম্পন্ন কৰা হয় কণ্ঠশিল্পীগৰাকীৰ মাতৃৰ ।

উল্লেখ্য যে, মাতৃৰ আকস্মিক বিয়োগৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত পৰিৱেশন কৰিব লগা বিহুৰ সংগীতানুষ্ঠানসমূহ বাতিল কৰিছে শিল্পীগৰাকীয়ে । মৃত্যুৰ পিছত তিনি দিন অৰ্থাৎ তিলনি পৰ্যন্ত সংগীতানুষ্ঠান পৰিৱেশন কৰিব নোৱাৰাৰ বাবে বিহু সমিতিসমূহৰ লগতে ৰাইজৰ ওচৰত ক্ষমা খুজিছে কণ্ঠশিল্পী মৌচম গগৈয়ে ।

কণ্ঠশিল্পীগৰাকীৰ মাতৃ তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ললিত গগৈৰ পত্নীৰ পত্নীৰ বিয়োগত অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ পৰিছে । 

লগতে পঢ়ক: প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙৰ পৰলোকপ্ৰাপ্তি; তুলিৰাম ৰংহাঙৰ শোক প্ৰকাশ - Sum Ronghang Is No More

সকলোকে কন্দুৱাই অজান দেশলৈ গ’ল গৈ অধৰ চন্দ্ৰ গায়ন - Adhar Gayan Passes Away

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.