ETV Bharat / politics

দলৰ মজিয়াত ন-পুৰণি ধাৰণাৰ সৃষ্টি হ’ব নালাগে; অসমত বিজেপি উত্থানৰ ইতিহাস সুঁৱৰি দুখ প্ৰকাশ জয়ন্ত দাসৰ - Assam BJP internal clash

BJP Assam: ‘‘দলত ‘ন-পুৰণি’ বুলি বস্তু এটা নতুনকৈ সংযোজন হৈছে । দলত যাতে সংঘাত নহয়, তাৰ বাবে ন-পুৰণি ধাৰণাৰ সৃষ্টি হ’ব নালাগে ।’’ দলীয় অন্তঃকন্দল সন্দৰ্ভত মন্তব্য ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসৰ ৷

BJP Assam
Assam BJP internal clash (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 11:15 PM IST

Assam BJP internal clash (ETV Bharat Assam)

গুৱাহাটী 24 মে’: ৰাজ্যিক বিজেপিৰ অন্তৰ্ভাগত এতিয়া ন-পুৰণি নেতাৰ সংঘাত তুংগত উঠিছে । কিছুদিন পূৰ্বে অশোক শৰ্মা, মৃণাল শইকীয়া, ৰাজেন গোহাঁয়ে বিষোদগাৰ কৰাৰ পিছত এইবাৰ ৰাজ্যিক বিজেপিৰ পুৰণি নেতা তথা দলৰ উপ-সভাপতি জয়ন্ত দাসে এখন বিস্ফোৰক পত্ৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ প্ৰেৰণ কৰিছে ৷ লগতে এই পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে দলীয় আন বিষয়ববীয়ালৈ ৷

দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা প্ৰসংগত ক্ষোভ উজাৰি পত্ৰ যোগে দলৰ স্বাৰ্থতহে পদক্ষেপ ল’বলৈ ৰাজ্যিক সভাপতিক দাবী জনাইছে জয়ন্ত কুমাৰ দাসে ৷

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত জয়ন্ত দাসে কয় যে দলত ‘ন-পুৰণি’ বুলি বস্তু এটা নতুনকৈ সংযোজন হৈছে । দলত যাতে সংঘাত নহয়, তাৰ বাবে ন-পুৰণি ধাৰণাৰ সৃষ্টি হ’ব নালাগে । অশোক শৰ্মাক দিয়া জাননীয়ে ভৱিষ্যতে প্ৰভাৱ পেলাব । ই ন-পুৰণি সংঘাতক স্থায়িত্ব আৰু প্ৰমাণিত কৰিব । সেয়েহে তেওঁক কৈফিয়ৎ তলৱ কৰাতকৈ সকলো পক্ষক মাতি আনি আলোচনাৰ মাধ্যমে সকলোবোৰ সমস্যা সমাধান কৰিব লাগে ।

লগতে পঢ়ক: অসম বিজেপিত তুংগত গৃহযুদ্ধ; এইবাৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাসৰ বিস্ফোৰক পত্ৰ সভাপতি কলিতালৈ - Internal Clash in Assam BJP

‘‘আজি প্ৰদান কৰা পত্ৰই মোৰ ক্ষতি কৰিলেও যাতে দলৰ ভাল হয় তাৰ বাবেহে মই মাত মাতিবলৈ আগবাঢ়ি আহিছোঁ । নতুন সদস্য ভৰ্তি কৰিলে আমি বেয়া নাপাওঁ । নতুন নহ’লে পুৰণি কেনেকৈ থাকিব । মোক সকলোৰে লগত ব্যক্তিগতভাৱে ভাল ।’’ জয়ন্ত দাসে কয় ৷

তেওঁ লগতে কয়, ‘‘অশোক শৰ্মাই আজি কৈফিয়ৎ তলৱৰ উত্তৰ দি দিনৰ তিনি বজাত এক সংবাদমেল সম্বোধন কৰা কথা আছিল । কিন্তু সভাপতিৰ অনুৰোধত তেখেতক এই সংবাদমেল বাতিল কৰিবলৈ মই আহ্বান জনাইছিলো । অশোক শৰ্মাই মোৰ কথা এবাৰতে মানি ল’লে ।’’

লগতে পঢ়ক: কিয় ভোটৰ দিনাই অশোক শৰ্মাৰ ওপৰত খড়্গহস্ত হ’ল দিলীপ শইকীয়া - LOK SABHA ELECTION 2024

জয়ন্ত মল্লবৰুৱাৰ সন্দৰ্ভত বিজেপিৰ উপ-সভাপতিগৰাকীয়ে কয়, ‘‘তেওঁ মোৰ দীৰ্ঘ জীৱনৰ সতীৰ্থ । আমি কলেজীয়া জীৱনৰ পৰাই একেলগে আছিলোঁ । 2015 চনত আহিলেও তেখেতে দলটোৰ হৈ যথেষ্ট কৰিছে । সেইটো আমি নুই কৰিৱ নোৱাৰো । আমাৰ দলত বুজা-পৰা আছে । গতিকে দুই-এজনৰ বাবে পৰিৱেশটো বেয়া হ’ব নালাগে । সেয়েহে 4 জুনৰ পিছত দলৰ মজিয়াত সকলোবোৰ আলোচনা কৰিব বুলি সভাপতি ভৱেশ কলিতাই মোক জনাইছে ।’’

উল্লেখ্য যে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনা তথা ফলাফল ঘোষণা হ’ব ৷ তাৰ পিছতেই সকলো সমাধান হ’ব বুলি আশাবাদী দলৰ উপ-সভাপতি জয়ন্ত দাস ৷

লগতে পঢ়ক: মৃণাল শইকীয়াৰ 8PMৰ পোষ্টত গুৰুত্ব দিব নালাগে: জয়ন্ত মল্লবৰুৱা - MRINAL SAIKIA OUTBURST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.