ETV Bharat / politics

কিয় ভোটৰ দিনাই অশোক শৰ্মাৰ ওপৰত খড়্গহস্ত হ’ল দিলীপ শইকীয়া - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 7:13 PM IST

MP DILIP SAIKIA : ভোটাধিকাৰ সাব্যস্ত কৰিলে সাংসদ দিলীপ শইকীয়াই ৷ পিছে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰতহে প্ৰাক্তন বিধায়ক অশোক শৰ্মাক উভতি ধৰিলে সাংসদগৰাকীয়ে ৷ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে ৷ কোন সঁচা, কোন মিছা ?

LOK SABHA ELECTION 2024
দিলীপ শইকীয়াৰ ভোটদান (ETV BHARAT ASSAM)

দিলীপ শইকীয়াৰ ভোটদান (ETV BHARAT ASSAM)

নলবাৰী, 7 মে’: ভোটাধিকাৰ সাব্যস্ত কৰাৰ উদ্দেশ্যে গৃহ গাঁও মোমাইতোলাত মঙলবাৰে দুপৰীয়া উপস্থিত হয় সাংসদ দিলীপ শইকীয়া ৷ সাংসদ গৰাকীয়ে আন সাধাৰণ ভোটাৰ ৰাইজৰ দৰে শাৰী পাতি নিজৰ অধিকাৰ সাব্যস্ত কৰে ৷ উন্নয়নৰ স্বাৰ্থতে এইবাৰৰ নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি সাংসদ শইকীয়াই মন্তব্য কৰে ৷

ভোটদানৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ দিলীপ শইকীয়াই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ বিশেষকৈ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা হৈ পৰিল সাংসদ গৰাকী ৷ তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, অশোক শৰ্মাৰ মতিভ্ৰম হৈছে ৷ তেওঁক এতিয়া চিকিৎসাৰহে প্ৰয়োজন ৷ হাতীৰ লেখীয়াকৈ প্ৰাক্তন বিধায়কগৰাকীৰো দুটা দাঁত থকা বুলি তীব্ৰ বাক্যবাণেৰে অশোক শৰ্মাক থকা-সৰকা কৰে সাংসদ শইকীয়াই ৷

সাংসদ গৰাকীয়ে লগতে কয় যে, দিলীপ শইকীয়াক ভোট নিদিবলৈ সাধাৰণ ৰাইজক উচতনি দিছিল নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ আনকি 2011 চনৰ নিৰ্বাচনত দিলীপ শইকীয়াক হৰুৱাবলৈ অশোক শৰ্মাই বিৰোধী দলৰ এগৰাকী প্ৰাৰ্থীৰ পৰা প্ৰায় 2 লাখ টকা লোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে ৷ যাৰ প্ৰমাণ এতিয়াও সাংসদগৰাকীৰ হাতত মজুত থকা বুলি তেওঁ দাবী কৰে ৷

অশোক শৰ্মাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা বুলি সাংবাদিকৰ আগত মঙলবাৰে প্ৰকাশ কৰিছিল ৷ কিন্তু সাংসদ দিলীপ শইকীয়াই দৰং-ওদালগুৰি সমষ্টিত তেওঁৰ বিৰুদ্ধেহে প্ৰাক্তন বিধায়কগৰাকীয়ে প্ৰচাৰ চলোৱা বুলি দাবী কৰে ৷ ইতিমধ্যে দিলীপ শইকীয়াই এই বিষয়ে মুখ্যমন্ত্ৰীৰ লগতে দলীয় শীৰ্ষ নেতৃত্ব আৰু ৰাজ্যিক সভাপতিক লিখিতভাৱে অৱগত কৰাৰ বিষয়েও প্ৰকাশ কৰে ৷

তদুপৰি নিৰ্বাচন শেষ হ’লেই দলীয় নেতৃত্বই পুৰণি বিজেপি তথা গেৰুৱা দলটোৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়া বুলিও দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

লগতে পঢ়ক: ধাৰ কৰি বৰ বেছি দিন চৰকাৰ চলাব নোৱাৰি : অশোক শৰ্মা - LOK SABHA ELECTION 2024

বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাই আৰু আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ভোটদান - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.