ETV Bharat / politics

প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙৰ পৰলোকপ্ৰাপ্তি; তুলিৰাম ৰংহাঙৰ শোক প্ৰকাশ - Sum Ronghang is no more

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 8:01 PM IST

Updated : May 3, 2024, 9:44 PM IST

Sum Ronghang passes away: কাৰ্বি আংলঙৰ এগৰাকী অন্যতম অগ্ৰণী নেতা, অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিশিষ্ট সমাজ সংগঠক ছুম ৰংহাঙৰ শুকুৰবাৰে মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ ।

Sum Ronghang passes away
Sum Ronghang (ETV Bharat)

গুৱাহাটী, ৩ মে': ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এগৰাকী অন্যতম ৰাজনীতিক ছুম ৰংহাঙৰ দেহাৱসান । দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগৰ সৈতে যুঁজি আছিল ৰাজনীতিক গৰাকীয়ে । যোৱা ২৩ মাৰ্চৰ পৰা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী । মধুমেহ ৰোগতো আক্ৰান্ত আছিল ছুম ৰংহাং ।

অৱশেষত শুকুৰবাৰে বিয়লি প্ৰায় ৪.৪৭ বজাত চিকিৎসালয়ৰ বিচনাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । কাৰ্বি আংলং জিলাৰ পাজাপথাৰ টিমিখোলা গাঁৱৰ বাসিন্দা আছিল ছুম ৰংহাং ।

উল্লেখ্য যে, ডিফু বিধানসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে ২০১৬ চনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ছুম ৰংহাঙে । নিৰ্বাচনত জয়ী হৈ অহাৰ পিচত তেওঁ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মন্ত্ৰী সভাত পাৰ্বত্য উন্নয়ন আৰু খনি মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল । তাৰোপৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰো একালৰ মুখ্য কাৰ্যবাহী আছিল ছুম ৰংহাং ।

বিদ্যাছিং ইংলেঙে বিজেপিত যোগ দিয়াৰ পিচত ২০২১ চনত বিজেপিৰ পৰা টিকট প্ৰদান কৰা হোৱা নাছিল ছুম ৰংহাঙক । যাৰ বাবে তেওঁ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছিল । সেই বৰ্ষৰ বিধানসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ডিফু সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।

২০২১ ৰ নিৰ্বাচনত বিজেপিৰ বিদ্যাছিং ইংলেঙে ৭৭,০৩২ টা ভোট লাভ কৰাৰ বিপৰীতে ছুম ৰংহাঙে লাভ কৰিছিল ৩৬,৫০৪ টা ভোট । ইফালে ২০১৬ চনৰ নিৰ্বাচনত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ছুম ৰংহাঙে ৬৪,৪২১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ বিদ্যাছিং ইংলেঙে লাভ কৰিছিল ৩৬,১৮৫ টা ভোট ।

লগতে পঢ়ক: অসম কংগ্ৰেছৰ কোন কোন সৎ নেতা ! নাম নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ মুখত... - LOK SABHA ELECTION 2024

Last Updated : May 3, 2024, 9:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.