ETV Bharat / politics

অসম কংগ্ৰেছৰ কোন কোন সৎ নেতা ! নাম নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ মুখত... - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 2:20 PM IST

3rd phase of Lok sabha Election: মাণিকপুৰত বৰপেটা লোকসভা সমষ্টিৰ চিপিআই (এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ প্ৰচাৰ অভিযানত ব্যস্ত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ ৷ ইপিনে বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে প্ৰচাৰ সভাত উল্লেখ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ 3 গৰাকীকৈ সৎ নেতাৰ নাম ? কোন সেই তিনিজন সৎ নেতা -

independent candidate dulu ahmed and CPI M CANDIDATE Manoranjan Talukdar ELECTION CAMPAIGNS
অসম প্ৰদেশ কংগ্ৰেছৰ কোন 3 সৎ নেতাৰ নাম নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ মুখত (etv bharat assam)

নিউজ ডেস্ক, 3 মে’: তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অসমত উপস্থিত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ । বঙাইগাঁও জিলাৰ মাণিকপুৰত বৰপেটাৰ চিপিআই (এম) ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

সমান্তৰালভাবে, প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী ইস্তাহাৰত মূল্যবৃদ্ধিৰ বাবে কোনো কথা উল্লেখ নকৰাত ক্ষুব্ধ হৈ পৰে প্ৰবীণ বাওঁপন্থী নেতাজন । মূল্যবৃদ্ধি ৰোধ কৰিবলৈ হ’লে বিজেপি বিৰোধী ইণ্ডি এলায়েন্সত ভোট দিয়াটো প্ৰয়োজনীয় বুলি কোৱাৰ লগতে চিপিআই (এম) ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ উপস্থিত ৰাইজক আহ্বান জনায় ।

নলবাৰী সুৰাদীত নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ নিৰ্বাচনী সভা:

বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় নলবাৰী জিলাৰ সুৰাদীত ৷ প্ৰাৰ্থীগৰাকীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিক সমালোচনা কৰি কয়, "বিজেপিয়ে 1798 টা দিনেই সংখ্যালঘুক গালি পাৰে । কেৱল দুটা দিন সংখ্যালঘু বিজেপিৰ আপোন হৈ পৰে । 3 নং বৰপেটা লোকসভা সমষ্টিত এইবাৰ 70:30 ৰ খেল হ'ব । 1 লাখ ভোটত ফণীভূষণ চৌধুৰী পৰাজিত হ'ব ।"

আনহাতে, কংগ্ৰেছ দলটোত কেৱল মাত্ৰ 3 জনহে সৎ লোক আছে বুলি উললেখ কৰি আহমেদে কয়, " অসম কংগ্ৰেছত যদি সৎ নেতা আছে - গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়া ৷ বাকীকেইটা সব এটা এটা মুখ্যমন্ত্ৰীৰ চাকৰ, এটা এটা দালাল হয় ৷ এই 3 গৰাকী নেতাৰ বাবেই কংগ্ৰেছ দলটো অলপমান জীয়াই আছে.. ৷"

ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক ডকাইত আখ্যা দিছে দুলু আহমেদে । কোকৰাঝাৰত নৱ কুমাৰ শৰণীয়াৰ যেনেকৈ জয় হৈছিল এইবাৰ বৰপেটাত তেওঁৰ অৰ্থাৎ দুলু আহমেদৰ জয় হ’ব বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ।

লগতে পঢ়ক: ভোট বিভাজনৰ সৈতে শাসকপক্ষৰ কোন বুধিয়ক মানুহ জড়িত থকাৰ দাবী বৰ্ষীয়ান ৰাজনৈতিক নেতা হেমেন দাসৰ - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.