ETV Bharat / politics

ভোট বিভাজনৰ সৈতে শাসকপক্ষৰ কোন বুধিয়ক মানুহ জড়িত থকাৰ দাবী বৰ্ষীয়ান ৰাজনৈতিক নেতা হেমেন দাসৰ - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 1:00 PM IST

veteran CPI M LEADER Hemen Das campaigned for THEIR candidate Manoranjan Talukdar
ভোট বিভাজনৰ সৈতে শাসকপক্ষৰ কোন বুধিয়ক মানুহ জড়িত থকাৰ দাবী বৰ্ষীয়ান ৰাজনৈতিক নেতা হেমেন দাসৰ

Barpeta Lok Sabha constituency : বৰপেটা সমষ্টিৰ চিপিআই(এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হকে মাৰাথন প্ৰচাৰত ব্যস্ত বৰ্ষীয়ান ৰাজনৈতিক নেতা হেমেন দাস ৷ স্বভাৱসুলভ হাঁহিৰে 94 বছৰ গৰকা বাওঁপন্থী নেতাগৰাকীয়ে সাংবাদিকৰ আগত নিজৰ কথা, দেশৰ কথা, সাম্প্ৰতিক নীতিহীন ৰাজনীতিৰ বিভিন্ন দিশৰ লগতে প্ৰকাশ কৰিলে চলিত নিৰ্বাচনত বিজেপি দলৰ ফলাফলৰ ভৱিষ্যদ্বাণী ৷

ভোট বিভাজনৰ সৈতে শাসকপক্ষৰ কোন বুধিয়ক মানুহ জড়িত থকাৰ দাবী বৰ্ষীয়ান ৰাজনৈতিক নেতা হেমেন দাসৰ

বৰপেটা, 29 এপ্ৰিল: বয়সেও তলাব পৰা নাই কমিউনিষ্ট নেতা হেমেন দাসক ৷ বৰপেটা লোকসভা সমষ্টিৰ চিপিআই(এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হকে দিনে-নিশাই প্ৰচাৰত ব্যস্ত হৈ পৰিছে 94 বছৰ বয়সীয়া তথা প্ৰাক্তন বিধায়ক হেমেন দাস ৷ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শাসকীয় বিজেপি দলক কঠোৰ সমালোচনা কৰে চিপিআই(এম)ৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

বিজেপি দলৰ জনবিৰোধী নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰি বৰ্ষীয়ান ৰাজনৈতিক নেতাগৰাকীয়ে কয়, "এইবাৰ কেন্দ্ৰত কোনোপধ্যেই বিজেপি চৰকাৰ নহয় ৷ এই কথা স্বয়ং নিৰ্মলা সীতাৰমণৰ স্বামীয়েও প্ৰকাশ কৰিছে ৷ ৰাস্তা-ঘাটৰ উন্নয়ন তথা উন্নয়নমূলক কাম কৰাটো চৰকাৰৰ দায়িত্ব ৷ তাৰ বাবে ভোট দিব লাগিব বুলি কথা নাই ৷ ঘৰে ঘৰে অৰুণোদয়ৰ ফৰ্ম বিতৰণ কৰিও বৰপেটা সমষ্টিক লৈ বিজেপি নিশ্চিত হ’ব পৰা নাই ৷ যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহি বৰপেটা সমষ্টিত প্ৰচাৰ সভাত অংশ ল’বলগীয়া হৈছে ৷"

দক্ষিণত চাফ/ উত্তৰত হাফ বুলি উল্লেখ কৰি বিজেপিৰ ফলাফল সন্দৰ্ভত কমিউনিষ্ট নেতাগৰাকীয়ে উত্তৰ ভাৰতৰ প্ৰতিখন ৰাজ্যৰ নিৰ্বাচনী সমীক্ষাৰ অংকও মৌখিকভাৱে কৰি দেখুৱায় ৷ নেতাগৰাকীয়ে পুনৰ কয়, "টকা থাকিলেই নিৰ্বাচন জিকিব বুলি কোনো কথা নাই ৷ গো-হত্যাৰ কথা কোৱা বিজেপিয়ে ইলেক্ট'ৰেল ব'ণ্ডৰ জৰিয়তে 250 কোটি টকা চাণ্ডা লৈছে ৷"

বিজেপিৰ সমান্তৰালভাৱে মিত্ৰ দল কংগ্ৰেছকো চোকা ভাষাৰে আক্ৰমণ কৰি চিপিআই(এম) নেতাগৰাকীয়ে কয়, "কংগ্ৰেছে পিচফালৰ পৰা চুৰি মাৰিছে ৷ বৰপেটাত মনোৰঞ্জন তালুকদাৰ প্ৰাৰ্থী হ'লে বিৰোধী মৰ্চাই সমৰ্থন দিব বুলি কৈ শেষ মুহূৰ্তত কংগ্ৰেছে বৰপেটাত এগৰাকী অখ্যাত প্ৰাৰ্থীক প্ৰক্ষেপ কৰিলে ৷ বৰপেটাত বিজেপিক জিকাবলৈকে এইবোৰ কৰিছে কংগ্ৰেছে ৷"

ভোট বিভাজনৰ এই ৰাজনীতিৰ সৈতে শাসকপক্ষৰ এগৰাকী বুধিয়ক মানুহ জড়িত বুলি দাবী তোলে জ্যেষ্ঠ কমিউনিষ্ট নেতা হেমেন দাসে ৷ নিৰ্বাচনী প্ৰচাৰৰ সময়চোৱাত ৰাইজৰ পৰা অভূতপূৰ্ব সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি বৰপেটাত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সৈতেই চিপিআই (এম)প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি দাবী কৰে হেমেন দাসে ৷

লগতে পঢ়ক: CPIM rally in Barpeta: বৰপেটাত CPIMৰ বিশাল জনসমাৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.