বিদ্যালয়ৰ পৰা ক'লৈ গ'ল জিতু ? সন্ধান নাই আজিও - Student Missing In Bongaigaon

By ETV Bharat Assamese Team

Published : May 21, 2024, 9:36 PM IST

thumbnail
বিদ্যালয়ৰ পৰা ক'লৈ গ'ল জিতু ? সন্ধান নাই আজিও (ETV Bharat Assam)

বঙাইগাঁও,২১ মে': বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও ভাওলাগুৰিস্থিত ছেণ্ট এলবাৰ্ট হাইস্কুলৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ এগৰাকী পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ । সোমবাৰে দুপৰীয়াৰ ভাগৰ পৰা সন্ধানহীন বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত ১২ বছৰীয়া ছাত্ৰ জিতু চৌধুৰী । জিতু চৌধুৰী এলবাৰ্ট স্কুলৰ হোষ্টেলত থাকি অধ্যয়ন কৰিছিল বুলি জানিব পৰা গৈছে ।  

সোমবাৰে বিদ্যালয় ছুটী হোৱাৰ পিছত হোষ্টেলৰ ফালে নগৈ অন্যান্য ছাত্ৰৰ সৈতে বিদ্যালয়ৰ মুখ্য প্ৰৱেশ দ্বাৰেৰে ওলাই আহে । বিদ্যালয়ৰ পৰা ওলাই অহাৰ পিছত জিতুৱে নিজৰ বন্ধুৰ ঘৰত বেগ আৰু জোতা খুলি ওলাই যোৱাৰ পিছৰে পৰা সন্ধান নাই ছাত্ৰজনৰ । ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত বিদ্যালয়ৰ ফালৰ পৰা নৰ্থ বঙাইগাঁও আৰক্ষীৰ ওচৰত দাখিল কৰে এজাহাৰ । এজাহাৰ লাভ কৰাৰ পিছতেই তৎপৰ হৈ উঠিছে নৰ্থ বঙাইগাঁও আৰক্ষী । নৰ্থ বঙাইগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুখেশ ঘোষৰ নেতৃত্বত ইতিমধ্যে আৰম্ভ হৈছে উদ্ধাৰ অভিযান ।

লগতে পঢ়ক: ছয়গাঁৱত ৰহস্য়জনকভাৱে সন্ধানহীন যুৱক - Youth Missing In Chaygaon

মেধাৱী ছাত্ৰ নিৰুদ্দেশক লৈ নগাঁৱত চাঞ্চল্য, অপহৰণৰ সন্দেহ - Student Missing In Nagaon

আজিও সন্ধান নাই সন্দীপনৰ; অসম আৰক্ষীৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ - Protest Against Assam Police

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.