মেধাৱী ছাত্ৰ নিৰুদ্দেশক লৈ নগাঁৱত চাঞ্চল্য, অপহৰণৰ সন্দেহ - Student Missing In Nagaon

By ETV Bharat Assamese Team

Published : May 1, 2024, 2:10 PM IST

thumbnail

নগাঁও,১ মে': এগৰাকী মেধাবী ছাত্ৰ নিৰুদ্দেশক লৈ নগাঁৱত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ নাম সমৰজিৎ মুদৈ । মঙলবাৰে বিয়লি ঘৰৰ পৰা ক্ৰিকেট খেলিবলৈ গৈছিল মেধাবী ছাত্ৰ সমৰজিৎ মুদৈ । তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে সমৰজিৎ । নিশা পৰ্যন্ত সমৰজিৎ ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । নগাঁও মহাবিদ্যালয়ৰ সমীপৰ পৰা মেধাবী ছাত্ৰগৰাকী নিৰুদ্দেশ হোৱাৰ সন্দেহ কৰিছে পৰিয়লৰ লোকে ।  

নগাঁৱৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল সমৰজিৎ । উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পূৰ্বে হঠাৎ ছাত্ৰগৰাকী নিৰুদ্দেশ হোৱাটো সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে । ছাত্ৰগৰাকীক অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে । ইতিমধ্যে নগাঁও আৰক্ষীকো ছাত্ৰগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত অৱগত কৰিছে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান । কিন্তু এই পৰ্যন্ত কোনো শুং-সূত্ৰ ওলোৱা নাই নিৰুদ্দিষ্ট ছাত্ৰগৰাকীৰ । 

লগতে পঢ়ক: মাতৃগৃহলৈ ওলাই যোৱাৰ পিচৰে পৰাই চিলাপথাৰত পাঁচ দিনেই সন্ধানহীন মহিলা - Woman Missing In Silapathar

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.