যক্ষ্মা ৰোগৰ ঔষধৰ নাটনিয়ে চিন্তাত পেলাইছে সাধাৰণ ৰাইজক - Shortage of tuberculosis medicines

By ETV Bharat Assamese Team

Published : May 21, 2024, 7:39 PM IST

thumbnail
যক্ষ্মা ৰোগৰ ঔষধৰ নাটনিয়ে চিন্তাত পেলাইছে সাধাৰণ ৰাইজক (ETV Bharat Assam)

বৰপেটা,২১ মে': বৰপেটা জিলাৰ যক্ষ্মা কেন্দ্ৰত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য় । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বৰপেটা জিলাৰ যক্ষ্মা কেন্দ্ৰতো যক্ষ্মা ৰোগৰ ঔষধৰ নাটনি তথ্যই চিন্তিত কৰি তুলিছে সকলোকে । ৰোগীৰ বিপৰীতে বৰপেটাত পৰ্যাপ্ত পৰিমাণে নাই যক্ষ্মা ৰোগৰ ঔষধ । ঔষধ বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগীসকলে । বৰপেটা জিলা যক্ষ্মা বিষয়া ডাঃ গুনীন্দ্ৰ নাথ দাসে জনোৱা অনুসৰি বৰপেটা জিলাত চিনাক্ত হোৱা যক্ষ্মা ৰোগীৰ সংখ্যা ৫৮৮ জন আৰু বাহিৰত চিনাক্ত হোৱা ৰোগীৰ সংখ্যা ১৪জন । মুঠ বৰপেটা জিলাৰ যক্ষ্মা ৰোগীৰ সংখ্যা ৬০২ জন ।

যক্ষ্মা ৰোগীৰ বিপৰীতে ঔষধ নথকাৰ বাবে ঔষধৰ নাটনিয়ে চিন্তিত কৰিছে যক্ষ্মা ৰোগীসকলক । দৰাচলতে যক্ষ্মা ৰোগৰ ঔষধ বজাৰত পাবলৈ টান । তথাপিও চৰকাৰীভাৱে নোপোৱা সময়লৈকে বাহিৰৰ পৰা ৰোগীসকলক কিনি ঔষধ সেৱন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় জিলা যক্ষ্মা বিষয়া গৰাকীয়ে । ইয়াৰ উপৰিও চৰকাৰীভাৱে পোৱা ঔষধ আৰু বজাৰত পোৱা ঔষধৰ মাজত গুণগত তাৰতম্য থাকে বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । এই মাহৰ ভিতৰতে ঔষধ নাটনি দূৰ হ'ব বুলি আশা প্ৰকাশ কৰে বৰপেটা জিলা যক্ষ্মা বিষয়া গুনীন্দ্ৰ নাথ দাসে ।  

লগতে পঢ়ক: Gates MRI ত আৰম্ভ যক্ষ্মা ৰোগৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল - Trial Of TB Vaccine Candidate

মহানগৰীৰ ভাৰাঘৰত উদ্ধাৰ মঙলদৈৰ মেধাৱী ছাত্ৰৰ মৃতদেহ - Meritorious Student Death

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.