ETV Bharat / state

মহানগৰীৰ ভাৰাঘৰত উদ্ধাৰ মঙলদৈৰ মেধাৱী ছাত্ৰৰ মৃতদেহ - Meritorious student death

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 9:57 PM IST

Student death in Guwahati: মহানগৰীৰ ভাৰাঘৰত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ । উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰজনৰ মৃত্য়ুত জন্মস্থান মঙলদৈত শোকৰ ছাঁ ।

Student death in Guwahati
ভাৰাঘৰত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ (ETV BHARAT ASSAM)

দৰং, ৫ মে: গুৱাহাটীৰ ছাই বিকাশ একাডেমীত অধ্যয়নৰত অৰ্পিত জ্যোতি কাশ্যপ (১৭)ৰ আকস্মিক মৃত্যুৰ বতৰাই মঙলদৈত শোকৰ ছাঁ পেলাইছে । শিক্ষানুষ্ঠানখনৰ শিলপুখুৰীৰ চৌহদৰ নিচেই ওচৰতে থকা এটা পি জিত থাকি অধ্যয়ন কৰা অৰ্পিতৰ মৃতদেহ নিজ কোঠাতে কালি বিয়লি উদ্ধাৰ হয় । মঙলদৈ ক্লিনিকেল লেব'ৰেটৰীৰ স্বত্বাধিকাৰী তথা মঙলদৈ যক্ষ্মা গোটৰ এছটিএলএছ পবিত্ৰ ডেকা আৰু বন্দনা ডেকাৰ একমাত্ৰ পুত্ৰ সন্তান অৰ্পিত জ্যোতি কাশ্যপ ছাই বিকাশ একাডেমীৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল ।

প্ৰথম বৰ্ষত একাডেমীখনৰ গুৱাহাটীৰ আহোম গাঁও চৌহদৰ হোষ্টেলত থাকি অধ্যয়ন কৰিছিল যদিও তাত বিশেষ মন নবহাত নিজৰ শৈক্ষিক জীৱনক লৈ সন্দিহান হৈ পৰি বিষয়টো অভিভাৱকক অৱগত কৰে । অভিভাৱকে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত একাডেমীখনৰ শিলপুখুৰীলৈ অৰ্পিতক লৈ আনি ওচৰতে থকা এটা পি জিত ৰাখিছিল । যোৱা ৩ মে'ৰ নিশা ১১:৪৫ বজালৈ পিতৃৰ লগত কথা বতৰা হওতে অলপ গাটো বেয়া লগা বুলি অৰ্পিতে কোৱাত অভিভাৱকে ঔষধ সেৱন কৰি জিৰণি ল'বলৈ পৰামৰ্শ দিছিল । কিন্তু যোৱা ৪ মে'ৰ বিয়লিলৈ অৰ্পিতে পুৱা আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণ নকৰাত ভাৰাঘৰৰ গৰাকীৰ সন্দেহ ওপজাত দৰ্জাত টোকৰ দিয়ে যদিও কোনো সঁহাৰি নাপালে ।

ইয়াৰ পিচতেই তেওঁলোকে অভিভাৱক আৰু আৰক্ষীক খবৰ দিয়ে । দণ্ডাধীশৰ উপস্থিতিত দৰ্জা খুলি অৰ্পিতক মজিয়াতে মৃত অৱস্থাত পৰি থকা দেখা পায় । অৰ্পিতৰ পিতৃ পবিত্ৰ ডেকাই হৃদৰোগত আক্ৰান্ত হৈ পুত্ৰৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে । তেওঁ উল্লেখ কৰা মতে, অৰ্পিতৰ গুৰুতৰ বেমাৰ নাছিল যদিও কিছুদিনৰ পৰা মাজে মাজে গাটো বেয়া লগা বুলি কৈছিল । মেধা সম্পন্ন এই ছাত্ৰজনৰ মৃত্যুত মঙলদৈত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক:কলিয়াবৰত পৃথক পৃথক পথ দুৰ্ঘটনাত প্ৰথম শ্ৰেণীৰ ছাত্ৰীসহ নিহত এজন - Road Accident In Kaliabor

বেঁকী নৈত সলিল সমাধি: তিনি যুৱকৰ মৃতদেহ উদ্ধাৰ - DEATH BY DROWNING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.