ETV Bharat / state

বেলতলাত পদপথত দোকান দিয়াক লৈ কিয় সংঘৰ্ষ হৈছিল ? - Clash In Beltola

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 11:00 PM IST

গুৱাহাটী মহানগৰীৰ বেলতলা তিনিআলিত পদপথত এখন দোকান দিয়াক লৈ হোৱা সংঘৰ্ষৰ আঁৰত আছে কোন ? অজয় সিং নামৰ লোকজনৰ দোকানৰ সন্মুখত অসীম খাউণ্ড নামৰ যুৱকজনে কুঁহিয়াৰ ৰসৰ দোকান দিয়াৰ বাবেই সংঘৰ্ষৰ সূত্ৰপাত হৈছিলনে ?

Heated Situation In Beltola
মহানগৰীৰ বেলতলাত সংঘৰ্ষ (ETV BHARAT ASSAM)

গুৱাহাটী, ২৫ মে': মহানগৰীৰ বেলতলা তিনিআলিত শুক্ৰবাৰে সংঘটিত মাৰপিটৰ ঘটনাৰ পিছত আজি এই সন্দৰ্ভত এইচ এন হেল্থ নিউট্ৰিচনৰ স্বত্বাধিকাৰী অজয় সিঙে ঘটনাৰ আঁৰত কি আছিল সেই বিষয়ে ব্য়াখ্য়া কৰে । শনিবাৰে বেলতলাত এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাৰ বিষয়ে উল্লেখ কৰিলে এইচ এন হেল্থ নিউট্ৰিচনৰ স্বত্বাধিকাৰীগৰাকীয়ে । অজয় সিঙে কয় যে তেওঁৰ দোকানৰ সন্মুখত পদপথত কুঁহিয়াৰ ৰসৰ এখন দোকান দিছিল অসীম খাউণ্ডে । অসীম খাউণ্ডৰ একেটা বজাৰগৃহৰ ভিতৰত এখন দোকান আছে অজয় সিঙৰ দোকানখন নেদেখা কৰি পথৰ সমীপত দিছিল কুঁহিয়াৰ বিক্ৰী কৰা দোকান । ইয়াকে কেন্দ্ৰ কৰি অজয় সিঙে কামৰূপ জিলা পৰিষদ তথা বশিষ্ঠ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল । তাতেই ক্ষুণ্ণ হৈ নিজৰ ব্যৱসায় চলাবলৈ অসীম খাউণ্ডে অনা অসমীয়াই অসমীয়া ল'ৰাক ব্যৱসায় কৰিব নিদিয়াৰ সকলোকে এক বার্তা দিছিল ।

মহানগৰীৰ বেলতলাত সংঘৰ্ষ (ETV BHARAT ASSAM)

অজয় সিঙে কয় যে সেই অনুসৰি কালিও কিছু তৰ্ক-বিতৰ্কৰ পিচতে বীৰ লাচিত সেনা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ সদস্য়ক মাতি আনিছিল অসীম খাউণ্ডে । একে সময়তে বজাৰখনত ভাস্কৰ পাটোৱাৰীৰ নেন্সী চুইটছ এন্ড ফাষ্টফুডলৈ খাদ্য় খাবলৈ আহিছিল লাচিত সেনাৰ প্ৰাক্তন সদস্য কল্যাণ ভাগৱতী আৰু তেওঁৰ সহযোগী মুনিন্দ্ৰ ডেকা । তাতেই লাচিত সেনাৰ নাম শুনি আগুৱাই যোৱা কল্যাণ ভাগৱতী আৰু লাচিত সেনাৰ দলটোৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্ক হয় আৰু পিচত চূড়ান্ত ৰূপ লয় । সেই সময়তে লাচিত সেনাৰ দলটোৱে ফাষ্টফুড দোকানখন লণ্ড-ভণ্ড কৰাৰ লগতে কল্যাণ ভাগৱতী আৰু মুনিন্দ্ৰ ডেকাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে লাচিত সেনাৰ সদস্যৰ বিৰুদ্ধে ।

অজয় সিঙে পুনৰ কয় যে সকলো জানি-বুজি পূৰ্ব পৰিকল্পিতভাৱে অজয় খাউণ্ডে অসমীয়া-অনাঅসমীয়াৰ যুঁজখনৰ সৃষ্টি কৰিলে । জিলা পৰিষদৰ মুখ্য় কাৰ্যবাহী বিষয়াই অসীম খাউণ্ডক নিজৰ কোঠাত ব্যৱসায় চলাবলৈ নিৰ্দেশ দিছিল বুলি অজয় সিঙে কয় । ইফালে, এই ঘটনাৰ পিচতে অজয় সিঙৰ ব্যক্তিগত বাহন আৰু দোকানৰ গ্লোচাইনত নিশা দুই বজাত এজন যুৱকে ইটা দলিয়াই ক্ষতিসাধন কৰা দৃশ্য বন্দী হৈছে চি চি কেমেৰাত । এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা অসীম খাউণ্ড, লাচিত সেনাৰ তন্ময় চেতিয়া, তিলক দুৱৰা, বিক্ৰম কোচ, বিশাল চৌধুৰীক আদালতত আজি হাজিৰ কৰোৱা হয় । ইয়াৰ বিপৰীতে কল্যাণ ভাগৱতী আৰু মুনিন্দ্ৰ ডেকাক আৰক্ষীয়ে এৰি দিয়ে ।

আনহাতে, লাচিত সেনাৰ প্ৰাক্তন সদস্য কল্যাণ ভাগৱতীয়ে লাচিত সেনাৰ প্ৰতি সন্মান থকাৰ কথা উল্লেখ কৰি এইদৰে বিষয়বস্তু নজনাকৈ উদ্ভণ্ডালি কৰা কাৰ্যক সহজ ভাবে ল'ব পৰা নাই বুলি কয় । ইপিনে, যদিহে লাচিত সেনা অসমীয়াৰ কাৰণে আহিছিল তেনেহ'লে ফাষ্টফুডৰ দোকানখন কিয় লণ্ড-ভণ্ড কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে ভাস্কৰ পাটোৱাৰীয়ে ।

লগতে পঢ়ক:পদপথৰ দোকানক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা: কেইবাজনকো আটক আৰক্ষীৰ - Clash In Beltola

বেলতলাত চোৰ নহয় চুৰুণীৰ ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.