বেলতলাত চোৰ নহয় চুৰুণীৰ ত্ৰাস

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 6:57 PM IST

thumbnail

গুৱাহাটী, ৬ ডিচেম্বৰ: মঙলবাৰে মহানগৰীৰ ভেটাপাৰাৰ পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চুৰিকাৰ্য সংঘটিত কৰাৰ পিচতেই বুধবাৰে পুনৰ বেলতলাত সংঘটিত হয় আন এক চুৰিকাণ্ড। বেলতলা ত্ৰিপুৰা ৰোডৰ উদয়ন পথত সংঘটিত হৈছে এই চুৰিকাণ্ড। কিন্তু এইবাৰ চোৰ নহয় চুৰুণীয়ে নামিল চুৰিকাৰ্যত। 

জানিব পৰা মতে, বুধবাৰে পুৱা প্ৰায় পাঁচ বজাতে এটা পৰিয়ালৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰে এগৰাকী চুৰুণীয়ে। প্ৰৱেশ কৰি প্ৰথমে ইফালে সিফালে চাই লৈ গ’ল ই-ৰিক্সাৰ চাৰিটাকৈ বেটাৰী। ইফালে এই সমগ্ৰ চুৰিকাৰ্যৰ ঘটনা বন্দী চিচিটিভি কেমৰাত বন্দী হৈছে । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীক অৱগত কৰে ভুক্তভোগী পৰিয়ালৰ লোকে। 

উল্লেখ্য যে কিছুদিন পূৰ্বেও এই পথটোতে সংঘটিত হৈছিল এক চিলনী চোৰৰ ঘটনা। প্ৰাতঃভ্ৰমণলৈ ওলাই অহা এগৰাকী বৃদ্ধাৰ ডিঙিৰ পৰা দুই দুৰ্বৃত্তই কাঢ়ি নিছিল ডিঙিৰ চেইন ৷ পুনৰ একেটা স্থানতে অনুৰূপ ঘটনা সংঘটিত হোৱাত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল ৷

লগতে পঢ়ক: ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংকট মোচন বৈঠক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.